Assameseজয় শ্ৰীৰাম শ্ল’গানেৰে বজৰং দলে এফালৰ পৰা ভাঙি গ'ল মিঞাৰ মাছৰ দোকান!মহানগৰীত মিঞা মাছ বেপাৰীৰ ওপৰত এদল যুৱকৰ আক্ৰমণ। এফালৰ পৰা ভাঙি লণ্ড-ভণ্ড কৰিলে মিঞা ব্যৱসায়ীৰ দোকান। বিবাহ অনুষ্ঠানৰ মাছক কেন্দ্ৰ কৰি লাগিল মাৰপিটEstafur Rahman Feb 11, 2026 21:48 ISTগুৱাহাটীৰ নাৰেংগী কলংপাৰ বজাৰত মাছক লৈ প্ৰচণ্ড মাৰপিটৰ ঘটনা। বিবাহ অনুষ্ঠানৰ মাছক কেন্দ্ৰ কৰি লাগিল মাৰপিটAdvertisment পুনৰ মহানগৰীত মিঞা মাছ বেপাৰীৰ ওপৰত এদল যুৱকৰ আক্ৰমণ। এফালৰ পৰা ভাঙি লণ্ড-ভণ্ড কৰিলে মিঞা ব্যৱসায়ীৰ দোকান। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় চাঞ্চল্যৰ।Also Read.....হোলীৰ পূৰ্বে চৰকাৰী চাকৰিয়াললৈ আহিব ভাল খবৰ! দৰমহা বৃদ্ধিক লৈ ডাঙৰ আপডেট!উল্লেখ্য যে নাৰেংগীৰ যুৱ নগৰৰ নিবাসী অনুজ ফুকনে ভগ্নীৰ বিবাহ অনুষ্ঠানৰ বাবে ৩০ কেজি মাছৰ অৰ্ডাৰ দিছিল ব্যৱসায়ীজনক। অৰ্ডাৰ অনুযায়ী মৎস্য ব্যৱসায়ীজনে মাছ যোগান ধৰে অনুজ ফুকনক। পিছে মাছ ওলাল বেয়া আৰু গেলা দুৰ্গন্ধময়। ইয়াতেই ক্ষুণ্ণ হৈ প্ৰথমে মৎস্য ব্যৱসায়ী আৰু গ্ৰাহকৰ মাজত তৰ্কাতৰ্কি, তাৰপিছত ঘটনাই লয় মাৰপিটৰ ৰূপ। অভিযোগ অনুসৰি স্থানীয় ৰাইজেও মাৰপিট কৰে মৎস্য ব্যৱসায়ীজনক। ঘটনা বিষম দেখি পলায়ন কৰে মৎস্য ব্যৱসায়ীজনে। ইয়াৰ পিছতেই ঘটনাস্থলীত বজৰং দলৰ কেইজনমান যুৱক উপস্থিত হৈ জয় শ্ৰীৰাম শ্ল’গানেৰে এফালৰ পৰা মিঞাৰ মাছৰ দোকান ভাঙি দিয়াৰ অভিযোগ উঠিছে। মাছৰ দোকান ভাঙি দিয়াৰ সুবিধা লৈ একাংশই ডাঙৰ ডাঙৰ মাছ লুটি নিয়াৰো অভিযোগ।Also Read.....বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণীঅনুজ ফুকন নামৰ যুৱকজনক দাৰে আক্ৰমণ কৰা বুলি এফালৰ পৰা মিঞাৰ দোকান বন্ধ কৰিবলৈ ভাবুকি দিয়াৰো অভিযোগ বজৰং দলৰ যুৱককেইজনৰ বিৰুদ্ধে। সাধাৰণ মাৰপিটৰ ঘটনাক বজৰং দলে সম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা চলোৱাৰ অভিযোগ তুলিছে বজাৰখনৰ মালিক ভগৱান শৰ্মাই। প্ৰত্যক্ষদৰ্শীৰ মতেও, বজৰং দলে সমগ্ৰ ঘটনাক এক সাম্প্ৰদায়িক ৰূপ দিয়াৰ চেষ্টা কৰিছে। মিঞা বুলি কৈ অসমীয়া মুছলমানক হাৰাশাস্তি কৰাৰ অভিযোগ বজৰং দলৰ বিৰুদ্ধে। নাৰেংগী কলংপাৰ বজাৰত ৩০,৩৫ বছৰে মৎস্য ব্যৱস্যয় কৰি আছে তেওঁলোকে। ইফালে মৎস্য ব্যৱসায়ীয়ে গ্ৰাহকক দাৰে আক্ৰমণ কৰাৰ অভিযোগো মিছা বুলি দাবী ব্যৱসায়ীসকলৰ। ইতিমধ্যে এই ঘটনাক লৈ তদন্ত আৰম্ভ কৰিছে নুনমাটি আৰক্ষীয়ে।Also Read...."দেশতকৈ মামী ডাঙৰ নহয়" শ্লোগানেৰে উত্তাল ৰাজ্য !AdvertismentAdvertisment Read the Next Article