Advertisment

বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি!

বাক্সাত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি! মেৰকুছি আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ নিৰ্মাণত বিসংগতিৰ অভিযোগ। নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই বিদ্যালয় গৃহত মেলিছে ফাঁট। 

 বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি! Photograph: (DY365)
বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি! Photograph: (DY365)

বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি!


নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই মেলিছে ফাঁট

বাক্সাত বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি! মেৰকুছি আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ নিৰ্মাণত বিসংগতিৰ অভিযোগ। নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই বিদ্যালয় গৃহত মেলিছে ফাঁট। 

Advertisment

বাক্সাত বিদ্যালয় গৃহ নিৰ্মাণত ব্যাপক দুৰ্নীতিৰ অভিযোগ। বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত সংঘটিত হৈছে ব্যাপক অনিয়ম! নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই নিৰ্মাণৰত বিদ্যালয় গৃহত মেলিছে ফাঁট। বাক্সা জিলাৰ মেৰকুছিৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহ নির্মাণত দুৰ্নীতিৰ অভিযোগ উত্থাপন। ৭ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা হৈছিল বিদ্যালয় গৃহটো। 

Also Read: প্ৰতিবন্ধকতাক নেওচি জীৱন পথত...

গ্ৰাম্য আন্তঃগাঁথনি উন্নয়ন পুঁজিৰ অধীনত সাত লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছে মেৰকুছিৰ আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গৃহটি। ৰাজ্য চৰকাৰৰ মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই আধাৰশিলা স্থাপন কৰা আঁচনিখনৰ আৱণ্টন পাইছিল গৌতম কনষ্ট্ৰাকচনে। কিন্তু নিৰ্মাণ সম্পূৰ্ণ নৌহওতেই বিদ্যালয়ৰ বেৰ সমূহত মেলিছে ফাঁট। বিদ্যালয় গৃহটোৰ ফাঁট মেলা বেৰ সমূহত নিৰ্মাণকাৰী প্ৰতিষ্ঠানটোৱে পুটিঙৰে ফাঁটসমূহ নোহোৱা কৰাৰ চেষ্টা। নিৰ্মাণকাৰী প্ৰতিষ্ঠান গৌতম কনষ্ট্ৰাকচনৰ বিৰুদ্ধে এতিয়া উত্থাপন হৈছে দুৰ্নীতিৰ অভিযোগ। নিম্নমানৰ সামগ্ৰীৰে বিদ্যালয়ৰ গৃহটো নিৰ্মাণ কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ ৰাইজে। 

Also Read: বীৰ লাচিত সেনাৰ তিনি সদস্য আৰক্ষীৰ জালত

মেৰকুছি আঞ্চলিক উচ্চতৰ মাধ্যমিক বিদ্যালয় গৃহ নিৰ্মাণত বিসংগতিৰ বিষয়ে বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পাছতো ব্যৱস্থা নোলোৱাৰ অভিযোগ। শীঘ্ৰেই বিদ্যালয় গৃহটোৰ বিসংগতি দূৰ কৰাৰ দাবী জনাইছে স্থানীয় ৰাইজে। বিভাগীয় কৰ্তৃপক্ষই কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব।

Advertisment
Advertisment
Advertisment