Assameseপ্ৰতিবন্ধকতাক নেওচি জীৱন পথত...জীৱন পথত আগুৱাই যোৱাত শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। ইচ্ছাশক্তিৰ বাবে হুইলচেয়াৰত বহি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিলে এগৰাকী ছাত্ৰই।Jyotiprasad Sarma Feb 27, 2026 18:25 ISTপ্ৰতিবন্ধকতাক নেওচি জীৱন পথত... Photograph: (DY365)প্ৰতিবন্ধকতাক নেওচি জীৱন পথত...হুইলচেয়াৰত বহি দিলে পৰীক্ষাজীৱন পথত আগুৱাই যোৱাত শাৰীৰিক প্ৰতিবন্ধকতা কেতিয়াও হেঙাৰ হ'ব নোৱাৰে। ইচ্ছাশক্তিৰ বাবে হুইলচেয়াৰত বহি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা দিলে এগৰাকী ছাত্ৰই।Advertismentএজন সাহসী মনৰ ছাত্ৰ। আছে প্ৰৱল ইচ্ছা শক্তি। শিক্ষা আহৰণৰ পথত যে হেঙাৰ হ'ব নোৱাৰে শাৰীৰিক প্ৰতিবন্ধকতা সেয়া প্ৰমাণ কৰিলে হুইলচেয়াৰত বহি উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পৰীক্ষা দিয়া ছাত্ৰ কৃষ দেৱে। শ্ৰীভূমিৰ মণিমুক্তা স্কুলৰ ছাত্ৰ কৃষ দেৱে সংগ্ৰামী মানসিকতাৰে অৱতীৰ্ণ হ'ল পৰীক্ষাত। প্ৰৱল ইচ্ছা শক্তি থাকিলে যে শাৰীৰিক প্ৰতিবন্ধকতাকো যে নেওচি জীৱন পথত আগবাঢ়ি যাব পাৰি তাকে প্ৰমাণ কৰিলে শ্ৰীভূমিৰ কৃষ দেৱ নামৰ ছাত্ৰজনে। শ্ৰীভূমিৰ মণিমুক্তা স্কুলৰ মেধাৱী ছাত্ৰ কৃষ দেৱ। কৃষ দেৱৰ সংগ্ৰামী মানসিকতাই এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে।শাৰীৰিক প্ৰতিবন্ধকতাৰ বাবে হুইলচেয়াৰত বহি পৰীক্ষা দিলে কৃষ দেৱে। বিকম চাঁদ বালিকা বিদ্যালয়ত কৃষৰ পৰীক্ষা কেন্দ্ৰ। বিশেষভাৱে সক্ষম হোৱাৰ বাবে তেওঁ নিজে লিখিব নোৱাৰে, সেয়ে ব’ৰ্ডৰ নিয়ম অনুসৰি তেওঁ এজন অনুবাদকৰ সহায়ত পৰীক্ষা দিছে। প্ৰতিবন্ধকতাই তেওঁক দমাই ৰাখিব নোৱাৰিলে। কৃষৰ এই মানসিক দৃঢ়তাত বিদ্যালয় কৰ্তৃপক্ষ মুগ্ধ। বিকম চাঁদ বালিকা বিদ্যালয়ৰ পৰা তেওঁৰ বাবে বিশেষ বহাৰ ব্যৱস্থা কৰি দিয়ে। মণিমুক্তা স্কুলৰ শিক্ষকসকলেও নিজৰ প্ৰিয় ছাত্ৰজনৰ এই সংগ্ৰামী মানসিকতাক সন্মান জনাইছে। তেওঁলোকৰ মতে, কৃষে আজি প্ৰমাণ কৰি দিলে যে, ইচ্ছাশক্তি আৰু আত্মবিশ্বাস থাকিলে কোনো বাধাই সফলতাৰ পথত অন্তৰায় হ’ব নোৱাৰে।Advertismentকৃষ দেৱৰ এনে সংগ্ৰাম কেৱল এটা পৰীক্ষা দিয়াৰ কাহিনী নহয়, বৰং সমাজৰ হাজাৰজন মানুহৰ বাবে এক ডাঙৰ অনুপ্ৰেৰণা। আমাৰ ফালৰ পৰা কৃষ দেৱলৈ থাকিল শুভ কামনা।AdvertismentAdvertisment Read the Next Article