Advertisment

উন্নয়নকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা ছবি ! ATTENTION মন্ত্ৰী অতুল বৰা ডাঙৰীয়া !

এখন বাঁহৰ দলঙে জ্বলাকলা খুৱাইছে বোকাখাত সমষ্টিৰ এখন গাঁৱৰ গাঁওবাসীক৷ বৰ্তমানৰ বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী অতুল বৰাকো বাৰম্বাৰ আবেদন কৰাৰ পিছতো নাই কোনো কাণসাৰ।

 উন্নয়নকামী চৰকাৰৰ উন্নয়নৰ ফোপোলা ছবি ! ATTENTION মন্ত্ৰী অতুল বৰা ডাঙৰীয়া !

বিকাশ, বিকাশ আৰু বিকাশ! ভাষণ নহয় চাওক বিকাশৰ প্ৰকৃত ছবি

এখন বাঁহৰ দলঙে জ্বলাকলা খুৱাইছে বোকাখাত সমষ্টিৰ এখন গাঁৱৰ গাঁওবাসীক৷ বৰ্তমানৰ বিধায়ক তথা প্ৰভাৱশালী মন্ত্ৰী অতুল বৰাকো বাৰম্বাৰ আবেদন কৰাৰ পিছতো নাই কোনো কাণসাৰ। 

Advertisment

অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ কেইটামান দিন । নিৰ্বাচনলৈ সাজু হৈছে শাসক-বিৰোধীকে ধৰি সকলো। কোনোবাই যদি উন্নয়নৰ কথা কৈছে কোনোবাই আকৌ অসমত উন্নয়ন ক'ত বুলি প্ৰশ্ন কৰি নিৰ্বাচনী প্ৰচাৰ চলাইছে। বিজেপি শাসিত চৰকাৰখনে অসমৰ এটা এটা সমস্যাৰ সমাধান কৰা হৈছে বুলি দাবী কৰি আহিছে। এক কথাত ক'বলৈ গ'লে অসম এতিয়া ভাৰতৰ উন্নত ৰাজ্যৰ তালিকাত। হয়, ঠিকে শুনিছে এয়া শাসকীয় নেতাৰ ভাষ্য। কিন্তু আচলতে হৈছে কি অসমত ?

Also Read....ধিঙত জুৱাৰীৰ ৰূপত চৰকাৰী গাঁও প্ৰধান

স্বয়ং অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অতুল বৰাৰ সমষ্টিৰ পয়ালগা ছবি। এখন দলঙে উদঙাই দিলে অতুল বৰাৰ সমষ্টিৰ আচল ছবি। বোকাখাত সমষ্টিৰ পূব কাজিৰঙা গাঁও পঞ্চায়তৰ ৫ নং ৱাৰ্ডৰ জাপৰিপথাৰ গাঁৱৰ ডিফলু নৈ ওপৰত থকা জৰাজীৰ্ণ বাঁহৰ দলঙখন স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজৰ যাতায়তৰ একমাত্ৰ পথ ৷ বিভিন্ন সময়ত দুৰ্বল দলঙখনৰ ওপৰেৰে পাৰ হওতে দুৰ্ঘটনাও সংঘটিত হৈছে ৷ কোনো ৰোগীক চিকিৎসালয়লৈ নিব লগা হ'লে চাইকেল বা ঠেলাত আনি বাঁহৰ দলঙখন পাৰ কৰিহে চিকিৎসালয়লৈ নিবলগীয়া হয় ৷ বিদ্যালয়-মহাবিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীয়েও বিপদ সংকুলভাৱে দলঙখন পাৰ হৈ যাব লাগে ৷ দলংখনৰ মেৰামতিৰ বাবে গাঁওবাসীয়ে বহুবাৰ আবেদন কৰাৰ পাছতো পোৱা নাই কোনো সুফল। 

Also Read....বন্ধ হ'ল জুবিন ক্ষেত্ৰত থকা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিনামূলীয়া চাহৰ বিপণী

Advertisment

Advertisment
Advertisment