Advertisment

ৰাজ্যসভালৈ নীতিশ কুমাৰ, দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী!

বিহাৰৰ ৰাজনীতিত বৃহৎ পট পৰিবৰ্তন। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। নীতিশ কুমাৰে ৰাজ্যসভালৈ যোৱাৰ লগে লগে প্ৰায় দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী। 

 File Photo
File Photo

ৰাজ্যসভালৈ নীতিশ কুমাৰ, দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী!

 
বিহাৰৰ ৰাজনীতিত বৃহৎ পট পৰিবৰ্তন। সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰৰ। নীতিশ কুমাৰে ৰাজ্যসভালৈ যোৱাৰ লগে লগে প্ৰায় দুটা দশকৰ পাছত বিহাৰে পাব নতুন মুখ্য়মন্ত্ৰী। 

Advertisment

Read More- খহনীয়া! AIUDF দল ত্যাগ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে মনোনয়ন দাখিল কৰিলে বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে। মনোনয়ন দাখিল কৰা সয়মত নীতিশ কুমাৰক সংগ দিয়ে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। ৰাজ্যসভাৰ প্ৰাৰ্থীৰূপে নীতিশ কুমাৰে মনোনয়ন দাখিল কৰাৰ লগে লগেই দুটা দশকৰ পাছত বিহাৰৰ ৰাজনীতিত হ'বলৈ গৈ আছে ক্ষমতাৰ ব্যাপক পৰিৱৰ্তন। 

Read More- গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা!

উল্লেখ্য যে বিগত কেইবাদিনো ধৰি চৰ্চা চলিছিল যে, নীতিশ কুমাৰে বিহাৰৰ মুখ্যমন্ত্ৰীৰ দায়িত্বৰ পৰা আঁতৰি ৰাজ্যসভাৰ দিশে আগবাঢ়িব। আৰু আজি সকলো জল্পনা-কল্পনাৰ অন্ত পেলাই ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন দাখিল কৰে বিহাৰৰ মুখ্যমন্ত্ৰী গৰাকীয়ে। মনোনয়ন দাখিল কৰিয়েই নীতিশ কুমাৰে  Xত লিখিছে, "দুটা দশকৰো অধিক সময় আপোনালোকে মোৰ ওপৰত আস্থা আৰু সমৰ্থন বজাই ৰাখিছে, আৰু সেই শক্তিৰে মই বিহাৰ আৰু আপোনালোক সকলোকে সম্পূৰ্ণ আনুগত্যৰে সেৱা আগবঢ়াইছো। আপোনালোকৰ আস্থা আৰু সমৰ্থনৰ বাবেই আজি বিহাৰে উন্নয়ন আৰু সন্মানৰ এক নতুন মাত্ৰা দাঙি ধৰিছে। ইয়াৰ বাবে আগতেও বহুবাৰ আপোনালোকৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছো। সংসদীয় জীৱনৰ আৰম্ভণিৰে পৰাই মোৰ বিহাৰ বিধানসভাৰ দুয়োটা সদনৰ আৰু সংসদৰ দুয়োটা সদনৰ সদস্য হোৱাৰ হেঁপাহ আছিল। যাৰ বাবে মই ৰাজ্যসভাৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰিছো। লগতে "মই আপোনালোকক আন্তৰিকতাৰে আশ্বাস দিছো যে ভৱিষ্যতেও আপোনালোকৰ সৈতে মোৰ সম্পৰ্ক অব্যাহত থাকিব আৰু আপোনালোকৰ সৈতে কাম কৰি উন্নত বিহাৰ গঢ়ি তোলাৰ মোৰ সংকল্প অটল থাকিব। ৰাজ্যত গঠন হ'বলগীয়া নতুন চৰকাৰখনে মোৰ সম্পূৰ্ণ সমৰ্থন লাভ কৰিব।"

Advertisment

Read More- ‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

আনহাতে নীতিশ কুমাৰৰ এই সিদ্ধান্তক প্ৰশংসা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী গৰাকীয়ে এক্সত লিখিছে, "নীতিশ কুমাৰে আজি বিহাৰৰ পৰা ৰাজ্যসভাৰ বাবে মনোনয়ন দাখিল কৰে। বিগত দুটা দশকত বিহাৰৰ জনসাধাৰণৰ কল্যাণৰ প্ৰতি আপোনাৰ দায়বদ্ধতা আৰু আপোনাৰ নিষ্ঠাৱান নেতৃত্বই ৰাজ্যখনক জংঘলৰাজৰ পৰা মুক্ত কৰি উন্নয়ন আৰু সুশাসনৰ দিশত আগুৱাই লৈ গৈছে। জনসেৱাত আপোনাৰ বিস্তৃত অভিজ্ঞতা আৰু নীতি নিৰ্ধাৰণৰ গভীৰ বুজাবুজিয়ে ৰাজ্যসভাৰ কাৰ্য্যবিধি আৰু অধিক ফলপ্ৰসূ কৰি তুলিব। লগতে আপোনাৰ মৰ্যাদাপূৰ্ণ উপস্থিতিয়ে NDAৰ "সবকা সাথ, সবকা বিকাশ"ৰ সংকল্প আৰু অধিক শক্তিশালী কৰিব।   "

Read More- আলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰ

Advertisment

কিন্তু নীতিশ কুমাৰৰ এই সিদ্ধান্তক সহজভাৱে লোৱা নাই JDUৰ কৰ্মীয়ে। নীতিশ কুমাৰৰ এই সিদ্ধান্তত ক্ষুব্ধ JDUৰ কৰ্মীয়ে  ভাঙি লণ্ডভণ্ড কৰে দলীয় কাৰ্যালয়। JDUৰ কৰ্মী সকলৰ অভিযোগ BJPএ নীতিশ কুমাৰক  বিশ্বাসঘাতকতা কৰিছে।

Advertisment
Advertisment