Advertisment

গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা!

বিজেপিত যোগ দিলেও কংগ্ৰেছৰ পৰা অহা ৩ বিধায়কৰ নাই টিকটৰ গ্যেৰাণ্টী। ‘যোগদান কৰিলেই প্ৰাৰ্থিত্ব পাব লাগিব বুলি কোনো কথা নাই’-৩ কংগ্ৰেছী বিধায়কৰ যোগদানৰ পিছত মন্তব্য মুখ্যমন্ত্ৰীৰ।

 গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা!

গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা ! 

গেৰুৱা হ’ল বিজেপিক সমৰ্থন কৰি অহা ৩ কংগ্ৰেছী বিধায়ক। ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত আনুষ্ঠানিকভাৱে বিজেপিত যোগদান বসন্ত দাস, শশীকান্ত দাস, কমলাক্ষ দে’ পুৰকায়স্থৰ। ৩ কংগ্ৰেছী বিধায়কৰ যোগদানৰ পিছত মুখ্যমন্ত্ৰীৰ মন্তব্য- ‘বিজেপিত যোগদান কৰিলেই আমি কাকো টিকট দিব নোৱাৰো’।   

Advertisment

Read More- ‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

বিজেপিত যোগ দিলেও কংগ্ৰেছৰ পৰা অহা ৩ বিধায়কৰ নাই টিকটৰ গ্যেৰাণ্টী। ‘যোগদান কৰিলেই প্ৰাৰ্থিত্ব পাব লাগিব বুলি কোনো কথা নাই’-৩ কংগ্ৰেছী বিধায়কৰ যোগদানৰ পিছত মন্তব্য মুখ্যমন্ত্ৰীৰ।

Read More- আলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰ

Advertisment

যোগদানৰ অন্তত মুখ্যমন্ত্ৰীৰ মন্তব্য- 'বিজেপিত যোগদান কৰিলেই আমি কাকো টিকট দিব নোৱাৰো। টিকটৰ ক্ষেত্ৰত আমাৰ সংসদীয় বৰ্ডে সকলো সিদ্ধান্ত ল'ব। যিহেতু প্ৰতিটো সমষ্টিতে আমাৰ ৩ জনীয়া প্ৰাৰ্থী পেনেল চূড়ান্ত হৈছে গতিকে প্ৰাৰ্থী পেনেলত কংগ্ৰেছৰ পৰা আজি যোগদান কৰা ৩জন বিধায়কৰো নাম থাকিব। কিন্তু আমি কাৰো টিকট চূড়ান্ত বুলি কব নোৱাৰো'। 

Read More- 'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'

'যোগদানৰ পূৰ্বেই আমি তিনিওজন বিধায়কৰ লগত কথা-বতৰা পাতিছো। আমি তেওঁলোকক জনাইছো যে বিজেপি দলত কোনেও টিকট পাম বুলি যোগদান নকৰে। কিন্তু টিকট লাভ কৰাৰ ক্ষেত্ৰত নতুন-পুৰণি বুলিও কোনো কথা নাই। যোগ্যতা অনুযায়ী নতুন-পুৰণি সকলোৱে বিজেপিত টিকট লাভ কৰে। লগতে বিজেপি যোগদান কৰা মানেই যে ১০০ শতাংশই টিকটৰ নিশ্চয়তা থাকিব তেনেকুৱাও কোনো কথা নাই। 

Advertisment
Advertisment
Advertisment