Advertisment

খহনীয়া! AIUDF দল ত্যাগ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত AIUDFত খহনীয়া। AIUDF দল ত্যাগ কৰিলে জ্যেষ্ঠ বিধায়ক কৰিম উদ্দিন বৰভূঞাই। শীঘ্ৰেই সোণাইৰ বিধায়ক গৰাকীয়ে যোগদান কৰিব অগপত। 

 File Photo
File Photo

খহনীয়া! AIUDF দল ত্যাগ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত AIUDFত খহনীয়া। AIUDF দল ত্যাগ কৰিলে জ্যেষ্ঠ বিধায়ক কৰিম উদ্দিন বৰভূঞাই। শীঘ্ৰেই সোণাইৰ বিধায়ক গৰাকীয়ে যোগদান কৰিব অগপত। 

Advertisment

Read More- 'পৰিস্থিতি কিছু জটিল, দলৰ মানুহখিনিও অসন্তুষ্ট', 'আশাকৰো কংগ্ৰেছে কথাবোৰ বুজিব'

AIUDF দলত মোক্ষম আঘাত। দল ত্যাগ কৰিলে সোণাইৰ বিধায়ক কৰিম উদ্দিন বৰভূঞাই। দল ত্যাগ কৰি কৰিম উদ্দিন বৰভূঞাৰ মন্তব্য- 'এখোজ আগুৱাই যোৱাৰ স্বাৰ্থত আজি মই AIUDF দল ত্যাগ কৰিলো। AIUDF দলৰ সৈতে মোৰ কোনো বিবাদ নাই। আৰু কোনো ব্যক্তিগত সংঘাতৰ বাবেও মই দল ত্যাগ কৰা নাই'। 

Read More- 'বিনামূলীয়া টিকাকৰণ অভিযান', ছাৰ্ভাইকেল কেন্সাৰৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰৰ বৃহৎ পদক্ষেপ

Advertisment

'কাৰণ সমষ্টি পুননিৰ্ধাৰণৰ পাছত ২২ খন আসন সংখ্যালঘুৰ বাবে সংৰক্ষিত হৈছে। এই ২২ টা সমষ্টিৰ বাবে কংগ্ৰেছ, AIUDF দল কৰি একো লাভ নাই। সংখ্যাগৰিষ্ঠ হিন্দু ভোটাৰখিনিৰ লগত থাকি মুছলমানৰ সমস্যাবোৰ সমাধানৰ চেষ্টা কৰিব লাগিব।'  

Read More- ‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

লগতে বৰভূঞাই ক'লে- 'উচ্ছেদক লৈ আমাৰ কোনো আপত্তি নাই। কোনো সংখ্যালঘু মানুহে নিবিচাৰে তেওঁলোকৰ মাটি আন কোনোবাই অবৈধভাৱে দখল কৰক। গতিকে আমাক সংখ্যালঘুৰ কথাবোৰ, সমস্যাবোৰ, মুখ্যমন্ত্ৰীক পোনপটীয়াকৈ কব পাৰিব লাগিব। আৰু শীঘ্ৰেই মই AGPত যোগদান কৰিম। মোৰ লগতে সোণাইৰ বহু AIUDF আৰু কংগ্ৰেছ কৰ্মীয়েও যোগদান কৰিব অগপত'।

Advertisment

Read More- আলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰ

Advertisment
Advertisment