Advertisment

পত্নীৰ অপমান সহ্য কৰিব নোৱাৰি স্বামীয়ে বাচি ল'লে চৰম পন্থা

পত্নীৰ পৰকীয়া সন্দেহৰ মিছা অভিযোগ আৰু সামাজিক অপমান সহ্য কৰিব নোৱাৰি দুই সন্তানৰ পিতৃয়ে বাছি ল'লে চৰম পথ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ কাছাৰ জিলাৰ সোণাই সমষ্টিৰ অন্তৰ্গত নতুন কাঞ্চনপুৰ গাঁবত চাঞ্চল্যৰ সৃষ্টি হয়।

 Photograph: (dy365)
Photograph: (dy365)

পত্নীৰ অপমান সহ্য কৰিব নোৱাৰি স্বামীয়ে বাচি ল'লে চৰম পন্থা

Also Read....হৰমুজ প্ৰণালী আৱদ্ধ ডজন ডজন ভাৰতীয় পতাকাযুক্ত জাহাজ

পত্নীৰ পৰকীয়া সন্দেহৰ মিছা অভিযোগ আৰু সামাজিক অপমান সহ্য কৰিব নোৱাৰি দুই সন্তানৰ পিতৃয়ে বাছি ল'লে চৰম পথ। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ কাছাৰ জিলাৰ সোণাই সমষ্টিৰ অন্তৰ্গত নতুন কাঞ্চনপুৰ গাঁৱত চাঞ্চল্যৰ সৃষ্টি হয়। 

Advertisment

স্বামী বাহাৰুল হুছেইনৰ এনে সিদ্ধান্তই সমগ্ৰ কাছাৰ জিলাৰ ৰাইজক চিন্তিত কৰি তুলিছে। ঘটনাৰ বিৱৰণ মতে, মঙলবাৰে নিশা এটা ফোন কলক কেন্দ্ৰ কৰি বাহাৰুল আৰু তেওঁৰ পত্নীৰ মাজত তীব্ৰ বাক-বিতণ্ডাৰ সৃষ্টি হয়। পত্নীৰ অভিযোগ আছিল যে, বাহাৰুলৰ ফোনলৈ কোনো এগৰাকী মহিলাৰ ফোন আহিছিল। আনহাতে, বাহাৰুলে সেই ফোনটো কোনো এজন পুৰুষৰ বুলি দাবী কৰিছিল। ইয়াকে লৈ স্বামী-স্ত্ৰী দুয়োৰে মাজত বিবাদ চৰম পৰ্যায় পায় আৰু খঙৰ ভমকত বাহাৰুলে পত্নীক সামান্য প্ৰহাৰ কৰে।

Also Read...ছেমিফাইনেলৰ মহাৰণ, সমুখসমৰত ভাৰত-ইংলেণ্ড

এই ঘটনাৰ ​পিছতে পত্নীয়ে নিজৰ পিতৃগৃহত খবৰ দিয়ে। নিশা প্ৰায় ১২ বজাত কচুদৰম আৰক্ষী ঘটনাস্থলীত উপস্থিত হয় আৰু মহিলাগৰাকীক উদ্ধাৰ কৰি তেওঁৰ পিতৃগৃহলৈ লৈ যায়। আৰক্ষীয়ে দুয়োপক্ষৰ সৈতে কথা পাতি পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিছিল যদিও মানসিকভাৱে ভাঙি পৰে স্বামী বাহাৰুল।​ 


​আৰক্ষী আৰু পত্নী যোৱাৰ পিছত, নিশা গভীৰ হোৱাৰ লগে লগে বাহাৰুলে ঘৰৰ ওচৰৰে এটা উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুঁটাত গামোচাৰে ডিঙিত চিপলৈ আত্মহত্যা কৰে। পুৱা স্থানীয় লোকে বাহাৰুলৰ মৃতদেহ ওলমি থকা প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। এই ঘটনাৰ পাছতেই মৃত বাহাৰুলৰ মাতৃৰ অভিযোগ, ​"মোৰ পুত্ৰৰ বিৰুদ্ধে মিছা অপবাদ দিয়া হৈছিল। সামাজিকভাৱে পোৱা অপমান আৰু পত্নীৰ এনে ব্যৱহাৰত সি মানসিকভাৱে ভাগি পৰিছিল। সেই অপমান সহ্য কৰিব নোৱাৰি এই চৰম পথ বাছি ল'লে।"

Advertisment

Also Read...গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা!


​এই ঘটনাই এতিয়া অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

Advertisment
Advertisment