Advertisment

কানাডাত ভাৰতীয় এগৰাকী ইউটিউবাৰক হানি-খুচি হত্যা!

কানাডাৰ অন্টাৰিঅ’ত এগৰাকী পঞ্জাবী ইউটিউবাৰক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। পুনৰ কানাডাত ভাৰতীয় নাগৰিকক কৰা হত্যাকাণ্ডই সকলোকে আচৰিত কৰি তুলিছে।

 Photograph: (the indian express)
Photograph: (the indian express)

কানাডাত ভাৰতীয় এগৰাকী ইউটিউবাৰক হানি-খুচি হত্যা! 

Also Read......খহনীয়া! AIUDF দল ত্যাগ বিধায়ক কৰিম উদ্দিন বৰভূঞাৰ

কানাডাৰ অন্টাৰিঅ’ত এগৰাকী পঞ্জাবী ইউটিউবাৰক ছুৰীকাঘাত কৰি হত্যা কৰাৰ অভিযোগ উঠিছে। পুনৰ কানাডাত ভাৰতীয় নাগৰিকক কৰা হত্যাকাণ্ডই সকলোকে আচৰিত কৰি তুলিছে। আৰক্ষীয়ে ইতিমধ্যে নিহত হোৱা মহিলাগৰাকী নেন্সি গ্ৰেৱাল বুলি চিনাক্ত কৰিছে। নেন্সি গ্ৰেৱালৰ আনুমানিক বয়স ৪৫ বুলি জানিব পৰা গৈছে। নেন্সি গ্ৰেৱাল আছিল এগৰাকী জনপ্ৰিয় ইউটিউবাৰ।

Advertisment


এনডিটিভি'ত প্ৰকাশিত খবৰ অনুসৰি, মঙলবাৰে স্থানীয় সময় অনুসৰি নিশা ৯:৩০ বজাত অন্টাৰিঅ’ৰ টড লেনৰ সমীপত পথচাৰীয়ে এগৰাকী মহিলাক ৰক্তাক্ত অৱস্থাত পৰি থকা দেখি আৰক্ষীক খবৰ দিয়ে। ততাতৈয়াকৈ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নেন্সিক উদ্ধাৰ কৰি চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে নেন্সিক মৃত বুলি ঘোষণা কৰে। 

Also Read....ছেমিফাইনেলৰ মহাৰণ, সমুখসমৰত ভাৰত-ইংলেণ্ড

আৰক্ষীয়ে জনোৱা মতে, নেন্সি কানাডাৰ উইণ্ডচৰত বাস কৰিছিল। নেন্সিৰ লগত প্ৰকৃততে কি হৈছিল সেই সন্দৰ্ভত এতিয়াও কানাডা আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। সমগ্ৰ ঘটনাৰ পাছত আৰক্ষীয়ে ধাৰণা কৰিছে, নেন্সিক অইন ঠাইত ছুৰীৰে আঘাত কৰাৰ পিছত টড লেনৰ ওচৰত পেলাই দিয়া হৈছিল। টড লেনৰ আশে-পাশে থকা চিচিটিভিৰ ফুটেজ ইতিমধ্যে আৰক্ষীয়ে পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে।

ছ’চিয়েল মিডিয়াত নেন্সি আছিল অতি সক্ৰিয়। নিজৰ ইউটিউব চেনেলত পঞ্জাৱৰ উন্নয়ন সন্দৰ্ভত বিভিন্ন মতামত প্ৰকাশ কৰি ভিডিঅ' প্ৰস্তুত কৰিছিল। কেৱল ইমানেই নহয়, কাৰাগাৰত থকা সাংসদ অমৃতপাল সিং, আকালি নেতা বিক্ৰম সিং, আৰু ডেৰা বিয়াছৰ গুৰিন্দৰ সিঙৰ বিৰুদ্ধেও সৰৱ হৈ পৰিছিল নেন্সিয়ে। খালিস্তানৰ সন্দৰ্ভতো বহু মন্তব্য কৰিছিল নেন্সি গ্ৰেৱালে ।

Advertisment

Also Read...‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

ইয়াৰ উপৰিও ভাৰত আৰু কানাডাৰ মাজত শেহতীয়াকৈ সৃষ্টি হোৱা উত্তেজনা সন্দৰ্ভতো মতামত প্ৰকাশ কৰিছিল। ২০২৫ চনৰ জুন মাহত পঞ্জাৱৰ এই ইউটিউবাৰগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেন্সাৰ কাঞ্চন কুমাৰীৰ মৃত্যুকলৈও সৰৱ হোৱা দেখা পোৱা গৈছিল।


উল্লেখ্য যে যোৱা বছৰৰ জানুৱাৰী মাহত কানাডাৰ বাৰ্নাবিত ভাৰতীয় মূলৰ এজন যুৱকৰ গুলীবিদ্ধ অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছিল। মৃত যুৱকজনৰ নাম দিলৰাজ সিং গিল। পুনৰ এবাৰ কানাডাত ভাৰতীয় এগৰাকী যুৱতীৰ মৃত্যুৱে দেশবাসীক আচৰিত কৰাৰ লগতে চিন্তিত কৰি তুলিছে। কোনে কি কাৰণত নেন্সি গ্ৰেৱালক হত্যা কৰিলে এতিয়াও ৰহস্যৰ আৱৰ্তত। আৰক্ষীৰ তদন্তত সকলো পোহৰলৈ আহিব।

Advertisment

Also Read...খামেইনিৰ জানাজাৰ বাবে বিশাল প্ৰস্তুতি ইৰানৰ

Advertisment
Advertisment