Assameseখামেইনিৰ জানাজাৰ বাবে বিশাল প্ৰস্তুতি ইৰানৰআয়াতুল্লা আলী খামেইনিৰ জানাজাৰ বাবে বিশাল প্ৰস্তুতি ইৰানৰ। তাৰ পিছতেই ঘোষণা কৰা হ'ব জানাজাৰ তাৰিখ। ইৰানৰ পৱিত্ৰ চহৰ মশহদত খামেইনিক কবৰস্থ কৰাৰ সিদ্ধান্ত । মশহদতেই জন্ম হৈছিল আয়াতুল্লা আলী খামেইনিৰ। Bandita Saikia Mar 05, 2026 12:18 ISTমধ্যপ্ৰাচ্যত যুদ্ধৰ বিভীষিকাখামেইনিৰ জানাজাৰ বাবে বিশাল প্ৰস্তুতি ইৰানৰAdvertismentমধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। এইপৰ্যন্ত প্ৰায় ২০০০ স্থানত আক্ৰমণৰ দাবী মাৰ্কিন সেনাৰ। তাৰ মাজতেই আয়াতুল্লা আলী খামেইনিৰ জানাজাৰ বাবে বিশাল প্ৰস্তুতি চলাইছে ইৰানে। ইৰানৰ নাগৰিকৰ বাবে অনুষ্ঠিত কৰা হ’ব ৩ দিনীয়া স্মৃতিচাৰণ সভা। তাৰ পিছতেই ঘোষণা কৰা হ'ব জানাজাৰ তাৰিখ। ইৰানৰ পৱিত্ৰ চহৰ মশহদত খামেইনিক কবৰস্থ কৰাৰ সিদ্ধান্ত লোৱা হয়। ইৰানৰ পৱিত্ৰ চহৰ মশহদতেই জন্ম হৈছিল সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেইনিৰ। তথ্য় অনুসৰি খামেইনিৰ পিতৃকো সেই একেই স্থানতে কৰা হৈছিল কবৰস্থ। ছিয়া মুছলমান সকলৰ বাবে পৱিত্ৰ স্থান এই মশহদ চহৰ। আনহাতে ইৰানৰ নতুন আয়াতুল্লা ঘোষণা কৰা হয়। সৰ্বোচ্চ নেতা গৰাকীৰ মৃত্যুৰ পিছেতই মোস্তাবা খামেইনিক ইৰানৰ নতুন ধৰ্মীয় নেতা হিচাপে ঘোষণা কৰা হয়। মোস্তাবা খামেইনি হ’ব ইৰানৰ নতুন আয়াতুল্লা। ইৰান নৌসেনাৰ ১৮ জাহাজকে ধৰি এখন চাবমেৰিন ধ্বংসৰ দাবী। আমেৰিকান নৌসেনা বিষয়া এডমিৰেল ব্ৰ্যাড কুপাৰৰ দাবী। B1, B2 বিধ্বংসী ব’ম্বাৰৰ জৰিয়তে ইৰানত ছাৰ্জিকেল ষ্ট্ৰাইক চলোৱা হৈছে। উপসাগৰীয় দেশসমূহত ইৰানৰ প্ৰত্যাক্ৰমণ অব্যাহত আছে। এফালে ইৰানৰ আক্ৰমণত স্তব্ধ হৈ পৰিছে তেল সৰবৰাহ আৰু বিমান চলাচল। হাহাকাৰময় পৰিস্থিতিয়ে বিৰাজ কৰিছে বৰ্তমান মধ্যপ্ৰাচ্যত। মধ্যপ্ৰাচ্যত দাবানলৰ বাবে তেল সৰবৰাহত ব্যাপক প্ৰভাৱ। মধ্যপ্ৰাচ্যৰ তৈল সৰবৰাহৰ ব্যাঘাতে বজাৰত পেলাইছে নেতিবাচক প্ৰভাৱ। ইৰান আৰু আমেৰিকা-ইজৰাইলৰ যুদ্ধৰ পিছতে হৰমূজৰ সাগৰীয় পথ বন্ধ কৰিলে ইৰানে। মধ্যপ্ৰাচ্যত অৰ্থনৈতিক অৱৰোধৰ বাবে কূটনৈতিক যুদ্ধ এতিয়া আৰম্ভ কৰিছে ইৰানে। হৰমূজ জলদ্বীপেৰে পৰিবহণ ব্যৱস্থা স্তব্ধ কৰি দিলে ইৰানে। এই হৰমূজ জলদ্বীপৰ পৰাই ৫০ শতাংশ তেল ভাৰতলৈ আমদানি হয়। এফালে ভাৰতৰ ওচৰত বৰ্তমান ৯ দিনৰ বাবে পেট্ৰ’লিয়াম মজুত আছে। ভাৰত, চীন আৰু জাপানে হৰমূজ জলদ্বীপৰ পৰা আমদানি কৰে তেল। হৰমূজ জলদ্বীপৰ সাগৰীয় পথ দীৰ্ঘদিন বন্ধ হৈ থাকিলে লাভ হ’ব ৰাছিয়াৰ। ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰিলে বিপদত পৰিব আমেৰিকা। যদি ভাৰত আৰু চীনে ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰে পুটিনৰ শক্তি বৃদ্ধি পাব। ড’নাল্ড ট্ৰাম্পৰ শত্ৰু পুটিন হ’ব জিঅ’ পলিটিকছৰ মূল মাষ্টাৰমাইণ্ড। হৰমূজ প্ৰণালীত আমেৰিকাই ‘এছক’ৰ্ট’ দিয়াৰ আশ্বাস ড’নাল্ড ট্ৰাম্পৰ। জাহাজ চলাচলৰ ক্ষেত্ৰত সুৰক্ষা প্ৰদান কৰিব আমেৰিকাই। এই যুদ্ধ বহুদিন নচলে, শীঘ্ৰেই সকলো অন্ত পৰিব : ড’নাল্ড ট্ৰাম্প। ৰিয়াধত থকা আমেৰিকাৰ দূতাবাসত ইৰানৰ ড্ৰোণ আক্ৰমণৰ কথাও স্বীকাৰ। ছৌদি আৰৱে প্ৰকাশ কৰিছে ইৰানৰ ড্ৰোণ আক্ৰমণৰ সকলো তথ্য। Advertisment Read More AdvertismentAdvertisment Read the Next Article