Advertisment

পাকিস্তান এটা বেবী দল, ভাৰতৰ সৈতে মেচ খেলা উচিত নহয়

এছিয়া কাপৰ চুপাৰ চানডেৰ হাইভল্টেজ খেলত টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী হ'ল চিৰবৈৰী পাকিস্তান। ভাৰতৰ বলিং বিক্ৰমত পাক বেটাৰৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছতেই হতাশ হৈ পৰিছে পাকিস্তানী অনুৰাগী। পাকিস্তানক বেবী দলৰ সৈতে তুলনা কৰিছে অনুৰাগীয়ে। 

 FILEPHOTO
FILEPHOTO

পাকিস্তান এটা বেবী দল, ভাৰতৰ সৈতে মেচ খেলা উচিত নহয়- অনুৰাগীৰ ক্ষোভ

এছিয়া কাপৰ চুপাৰ চানডেৰ হাইভল্টেজ খেলত টীম ইণ্ডিয়াৰ হাতত ধৰাশায়ী হ'ল চিৰবৈৰী পাকিস্তান। ডুবাই আন্তৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত ভাৰতৰ বলিং বিক্ৰমত ধৰাশায়ী হ'ল পাক বেটাৰ। ভাৰতৰ হাতত পাকিস্তানী বেটাৰৰ লজ্জাজনক প্ৰদৰ্শনৰ পিছতেই হতাশ হৈ পৰিছে পাকিস্তানী অনুৰাগী। পাকিস্তানক বেবী দলৰ সৈতে তুলনা কৰিছে অনুৰাগীয়ে। 

Advertisment

এছিয়া কাপত ভাৰতৰ হাতত পৰাস্ত হোৱাৰ পিছত পাকিস্তানী অনুৰাগীয়ে নিজৰ নিজৰ ক্ষোভ উজাৰিছে।  ছচিয়েল মিডিয়াত পাকিস্তানী দলটোক আৰু প্ৰশিক্ষক মাইক হেছনক তীব্ৰ সমালোচনা কৰিছে অনুৰাগীয়ে। এজন হতাশ অনুৰাগীৰ মন্তব্য আছিল এনেকুৱা, "ভাৰত বিশ্বৰ শ্ৰেষ্ঠ দল। ভাৰতৰ সৈতে আমি মেচ খেলা উচিত নহয়। কাৰণ পাকিস্তান দলটো এটা বেবী দল।" আন এজন অনুৰাগীয়ে কয়, "মই ক্ৰিকেট মেচ মিছ নকৰো, কিন্তু পাকিস্তান দলটোৱে আমাক বাৰে বাৰে অপমানিত কৰাইছে। 

আন এজন অনুৰাগীয়ে দলটোৰ প্ৰশিক্ষক মাইক হেছনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে। মাইক হেছনে কি কৰিছে? মাইক হেছনে কেৱল মাত্ৰ বলাৰক বেটছমেনলৈ আৰু বেটছমেনক বলাৰলৈ ৰূপান্তৰিত কৰিছে। অনুৰাগীৰ মন্তব্য, "পাকিস্তানৰ খেল দেখি মোৰ মূৰৰ বিষ হৈছে, এই খেলুৱৈসকলৰ দ্বাৰা একো উন্নতি নহ'ব। যোৱা পাঁচ বছৰ ধৰি তেওঁলোকে একেবোৰ পুৰণি ভুলৰে পুনৰাবৃত্তি কৰি আহিছে। 

উল্লেখ্য যে যিকোনো দলৰ মূল শক্তি হ’ল দলটোৰ খেলুৱৈসকলৰ লগতে অনুৰাগীসকল। কিন্তু যেতিয়া ধাৰাবাহিকবাহে এটা দলে প্ৰদৰ্শন কৰাত ব্যৰ্থ হয় তেতিয়া অনুৰাগীসকলো নিৰুৎসাহিত হৈ পৰে। দেওবাৰে ডুবাইত অনুষ্ঠিত এছিয়া কাপ ২০২৫ৰ লীগ মেচত পাকিস্তান ক্ৰিকেট দলে ভাৰতীয় দলৰ বিৰুদ্ধে তীব্ৰ পৰাজয়ৰ সন্মুখীন হোৱাৰ সময়তো একেধৰণৰ দৃশ্য দেখা গৈছিল। এই পৰাজয়ৰ পিছত পাকিস্তানী অনুৰাগীৰ প্ৰতিক্ৰিয়া ক্ৰমান্বয়ে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অনুৰাগীসকলে দল, খেলুৱৈ আৰু মুখ্য প্ৰশিক্ষক মাইক হেছনক তীব্ৰ সমালোচনা কৰে।