Advertisment

বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি, হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট-সৰৱ অখিল গগৈ

বিজেপি দলৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল। মই সদায় কৈ আহিছিলো বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। মোৰ কথাই আজি সঁছা প্ৰমাণিত হ’ল। হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট। সৰৱ বিধায়ক অখিল গগৈ।  

 File Photo
File Photo

বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি, হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট-সৰৱ অখিল গগৈ

Advertisment

বিজেপি দলৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল। মই সদায় কৈ আহিছিলো বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। মোৰ কথাই আজি সঁছা প্ৰমাণিত হ’ল। হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট। সৰৱ বিধায়ক অখিল গগৈ।  

Read More- গেৰুৱা হ’লেও বসন্ত, শশীকান্ত আৰু কমলাক্ষৰ টিকটৰ নাই নিশ্চয়তা!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলৰ বিৰুদ্ধে সৰৱ ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ। ৰাজ্যসভাৰ নিৰ্বাচনত AIUDFৰ তিনিগৰাকীকৈ বিধায়কে NDAৰ প্ৰাৰ্থীক সমৰ্থন জনোৱাৰ পাছতেই অখিল গগৈৰ প্ৰতিক্ৰিয়া- 'মই সদায় কৈ আহিছিলো, বিজেপি আৰু AIUDF দুয়োটা বন্ধু দল। বিজেপি-AIUDF দুয়োটা দলেই এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি। আৰু এতিয়া বিজেপি দলৰ প্ৰকৃত স্বৰূপটো ওলাই পৰিল। সেইবাবে মই কৈ আহিছিলো, বিজেপি আৰু AIUDF দুয়োটা দলকেই আমি একেলগেই অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব। মই ধেমালিতে কৈ আহিছিলো যে হিমন্ত বিশ্ব শৰ্মা আৰু আজমল দুয়োজনেই বন্ধু। কিন্তু মই ইমানদিন ধেমালিতে কৈ অহা কথাবোৰ ৰাজ্যসভাৰ নিৰ্বাচনে সঁছা বুলি প্ৰমাণিত কৰিলে'।

Advertisment

Read More- ‘মিঞাৰ লগত আমাৰ কোনো শত্ৰুতা নাই’, মিঞাক ১০টা চৰ্ত বান্ধি দিলে মুখ্যমন্ত্ৰীয়ে

লগতে অখিল গগৈয়ে ক'লে- 'কেৱল মাত্ৰ ক্ষমতাত থাকিবলৈ হিন্দু-মুছলমানৰ ৰাজনীতি কৰে হিমন্ত বিশ্ব শৰ্মাই। সৌ-সিদিনালৈকে মিঞাক কথাই প্ৰতি তুচ্ছ-তাচ্ছিল্য কৰা মুখ্য়মন্ত্ৰীয়ে আজি কৈছে- মিঞাসকল আমাৰ শত্ৰু নহয়। আনহাতে মুছলমান সাম্প্ৰদায়িক দল AIUDFৰ বিধায়কৰ সমৰ্থনত ৰাজ্যসভাৰ তৃতীয়গৰাকী প্ৰাৰ্থী হিচাপে প্ৰমোদ বড়োক প্ৰক্ষেপ কৰিছে হিমন্ত বিশ্ব শৰ্মাই। এইবোৰ কাৰণতেই অসমৰ ৰাইজে বেয়া পাইছে হিমন্ত বিশ্ব শৰ্মাক। কিয়নো হিন্দু-মুছলমান কৰাটোৱেই হৈছে হিমন্ত বিশ্ব শৰ্মাৰ একমাত্ৰ ৰাজনীতি। বিগত সময়বোৰত হিন্দু-মুছলমানৰ নামত ৰাজনীতি কৰা হিমন্ত বিশ্ব শৰ্মাক এতিয়া নিৰ্বাচন অহা বাবেই লাগে মিঞা ভোট। ইয়াৰ পূৰ্বেও মিঞাৰ বিৰুদ্ধে বৰ বৰ কথা কোৱা, খিলঞ্জীয়াৰ কথা কোৱা পৱিত্ৰ মাৰ্ঘেৰিটাইও মিঞাৰ ভোটেৰেই সাংসদ হৈছিল'। 

Read More- আলোচনা চলি আছে, মিত্ৰতা হ'বই, বিৰোধী ঐক্যক লৈ প্ৰতিক্ৰিয়া মীৰা বৰঠাকুৰৰ

Advertisment

'এইবাৰো হিমন্ত বিশ্ব শৰ্মা আৰু পিযুষ হাজৰিকাৰ কথামতেই বদৰুদ্দিন আজমলৰ অনুমতি লৈ তিনিজনকৈ AIUDF বিধায়কে NDA প্ৰাৰ্থীক সমৰ্থন কৰিছে। সেয়ে আমি এইবাৰ হিন্দু সাম্প্ৰদায়িক দলৰ চৰ্দাৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুছলমান সাম্প্ৰদায়িক দলৰ চৰ্দাৰ বদৰুদ্দিন আজমলক অসমৰ ৰাজনীতিৰ পৰা বিদায় দিব লাগিব'। এনেদৰে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজনলক তুলাধুনা অখিল গগৈৰ।

Advertisment
Advertisment