Advertisment

চৰকাৰী গাঁওবুঢ়াৰ লগত ভয়ংকৰ কাণ্ড কৰিলে পত্নীয়ে...

দৰং জিলাৰ দলগাঁৱৰ দুলিয়াপাৰাত চৰকাৰী গাঁওবুঢ়াক ডিঙি চেপি হত্যা পত্নীৰ। পাৰিবাৰিক কন্দলৰ বাবেই ডিঙি চেপি হত্যা কৰিলে স্বামী আব্দুৰ ৰহমানক। পাৰিবাৰকি কন্দলে ল'লে ভয়ংকৰ ৰূপ। 

 Photograph: (dy365)
Photograph: (dy365)

চৰকাৰী গাঁওবুঢ়াৰ লগত ভয়ংকৰ কাণ্ড কৰিলে পত্নীয়ে...

Also Read...কাৰ্বি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমান, ২ পাইলটৰ মৃত্যু

Advertisment

দৰং জিলাৰ দলগাঁৱৰ দুলিয়াপাৰাত চৰকাৰী গাঁওবুঢ়াক ডিঙি চেপি হত্যা পত্নীৰ। পাৰিবাৰিক কন্দলৰ বাবেই ডিঙি চেপি হত্যা কৰিলে স্বামী আব্দুৰ ৰহমানক। পাৰিবাৰকি কন্দলে ল'লে ভয়ংকৰ ৰূপ। 

স্থানীয় লোকৰ ভাষ্য অনুসৰি,আব্দুৰ ৰহমানৰ দ্বিতীয় গৰাকী পত্নীৰ লগত দুয়োৰে প্ৰথমে ভয়ংকৰ কাজিয়াৰ সৃষ্টি হয়। কাজিয়া ইমানেই ভয়ংকৰ আছিলে যে, ৰাস্তাত দুয়োয়ে প্ৰথমে টনা-আঁজেৰাত লিপ্ত হয়। তাৰপিছত দুয়ো ঘৰলৈ বুলি ৰাওনা হয়। ঘৰলৈ গৈ অলপ সময় পিছত দ্বিতীয়গৰাকী পত্নীয়ে ঘৰৰ পৰা চিঞৰি বাহিৰলৈ ওলাই আহে। ঘৰৰ পৰা ওলাই আহি পত্নীয়ে চিঞৰি চিঞৰি সকলোকে কয় স্বামীৰ কিবা এটা হৈছে। ইয়াৰ পাছতে ঘটনাস্থলীত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হয়। ঘৰৰ পৰিয়ালৰ লগতে স্থানীয় ৰাইজৰ সহযোগত আব্দুৰ ৰহমানক ততাতৈয়াকৈ খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত নিয়া হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। 

Also Read...ধৰা পৰিল হিমন্ত-আজমলৰ গোপন মিতিৰালি, সৰৱ সাংসদ ৰকিবুল হুছেইন

Advertisment


আব্দুৰ ৰহমানৰ মৃত্যুৰ পাছতেই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পৰে। এই সমগ্ৰ ঘটনাটোক পত্নীয়ে ডিঙি চেপি হত্য়া কৰা বুলি অভিযোগ স্থানীয় ৰাইজৰ। ৰাইজৰ মন্তব্য অনুসৰি, আব্দুৰৰ ডিঙিত স্পষ্টকৈ চিন বহি আছে চেপি ধৰাৰ । ইয়াৰ পৰাই অনুমান কৰিব পাৰি ডিঙি চেপি হত্য়া কৰা হৈছে আব্দুৰ ৰহমানক। ইয়াৰ পাছতেই অঞ্চলবাসীয়ে ৰাইজে সমগ্ৰ ঘটনাৰ উচিত তদন্ত বিচাৰে। খাৰুপেটীয়া আৰক্ষীয়ে সমগ্ৰ ঘটনাটোৰ সঠিক তদন্ত কৰি দোষীক কঠোৰ শাস্তি প্ৰদানৰ দাবী জনাই সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে। 

Also Read...বিজেপি-AIUDF এটা মুদ্ৰাৰ ইপিঠি-সিপিঠি, হিমন্ত বিশ্ব শৰ্মাক লাগে এতিয়া মিঞা ভোট-সৰৱ অখিল গগৈ

Advertisment
Advertisment