Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুছলমানৰ উপহাৰ!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুছলমান সমাজৰ উপহাৰ! নাহৰকটীয়াত কেইবা সহস্ৰাধিক ইছলামধৰ্মী মহিলাই সংগ্ৰহ কৰা ১১ হাজাৰ টকা নিৰ্বাচনী পুঁজিলৈ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ হাতত। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ওলাই আহিল শ শ মুছলমান।

 মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুছলমানৰ উপহাৰ!

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুছলমানৰ উপহাৰ! 

উজনিত অব্যাহত আছে বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা। জন আশীৰ্বাদ যাত্ৰাৰ জড়িয়তে বিজেপিয়ে কাষ চাপিব প্ৰতি গৰাকী ভোটাৰাৰ ওচৰত। এই কথা উল্লেখ কৰিছিল জন আশীৰ্বাদ যাত্ৰাৰ আৰম্ভণিতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আজি নাহৰকটীয়া, ৰাজগড়, টিংখাং হৈ মৰাণলৈ এই জন আশীৰ্বাদ যাত্ৰা। এফালে উজনিৰ বিভিন্ন প্ৰান্তৰ লোক সাজু নিৰ্বাচনৰ পূৰ্বে মুখ্যমন্ত্ৰীক আশীৰ্বাদ দিবলৈ। মুখ্যমন্ত্ৰীৰ মাৰাথান নিৰ্বাচনী প্ৰচাৰ তীব্ৰ গতিত। এফালে মুখ্যমন্ত্ৰী গৰাকীক আৰ্শীবাদ দিয়াৰ লগতে এবাৰ ওচৰৰ পৰা চোৱাৰ হেঁপাহেৰে সাজু হৈ ওলাই আহিল বিভিন্ন সমষ্টিৰ শ শ লোক। ৭ মাৰ্চত সৰুপথাৰ, গোলাঘাট, খুমটাই, দেৰগাঁৱত এই যাত্ৰা। ৮ মাৰ্চত মাৰ্ঘেৰিটা, ডিগবৈ, মাকুম, তিনিচুকীয়াত হব এই যাত্ৰা। আনহাতে ৯ মাৰ্চত সৰভোগ, বজালী, টিহু, নলবাৰী, ৰঙিয়াত হ'ব এই যাত্ৰা। অৱশেষত ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা এই যাত্ৰাৰ সামৰণি পৰিব ৰঙিয়াত। 

Advertisment

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ মুছলমান সমাজৰ উপহাৰ! নাহৰকটীয়াত কেইবা সহস্ৰাধিক ইছলামধৰ্মী মহিলাই সংগ্ৰহ কৰা ১১ হাজাৰ টকা  নিৰ্বাচনী পুঁজিলৈ আগবঢ়ালে মুখ্যমন্ত্ৰীৰ হাতত। মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰালৈ ওলাই আহিল শ শ মুছলমান। জুম্মাৰ নামাজ ৰখাই মুখ্যমন্ত্ৰীক আদৰণি ৰাঙলী পথাৰ মুছলিম সমাজৰ। জন আশীৰ্বাদ যাত্ৰাৰ মাজতে মুখ্যমন্ত্ৰীক মুছলমান সমাজে দিলে উপহাৰ। 
মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী পুঁজিলৈও আগবঢ়ালে ১১,১১১ টকাৰ আৰ্থিক সাহায্য। মুখ্যমন্ত্ৰীক ওচৰতে পাই উৎফুল্লিত মুছলমান সমাজ। মুছলমান লোকসকলক আগতীয়াকৈ ঈদৰ শুভেচ্ছা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ গৰাকীয়ে কলে অসমীয়া মুছলমান সমাজ আছে বিজেপিৰ লগত। 
যি সময়ত 'মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুছলমান বিৰোধী, মুখ্যমন্ত্ৰীয়ে মুছলমান লোকৰসকলক অশান্তি দিবলৈ নতুন নতুন পদক্ষেপ লয়', এনেধৰৰ কটু মন্তব্য শুনিবলৈ পোৱা যায়, এতিয়া কিন্তু সম্পূৰ্ণ বিপৰীত ছবি দেখিবলৈ পোৱা গৈছে। নাহৰকটীয়াত মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰাৰ সময়ত হিমন্ত বিশ্ব শৰ্মাক সাক্ষা কৰিবলৈ ওলাই আহিল মুছলমান সমাজ।  

Advertisment
Advertisment