Assamese১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম!শিশুৰ স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ আসক্তি ৰোধৰ বাবে কৰ্ণাটক চৰকাৰে গ্ৰহণ কৰিছে কঠোৰ পদক্ষেপ। শুকুৰবাৰে মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ঘোষণা কৰে, ৰাজ্যত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।Estafur Rahman Mar 06, 2026 17:21 ISTPhotograph: (times of india)১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম!Also Read.....ৰাজপথত নিৰীহ শিশুক ভিক্ষাৰ কামত ব্যৱহাৰ কৰাৰ আছে এক বৃহৎ গেং! ঘটনাটো জানিলে আপুনিও হ'ব আচৰিত..Advertismentশিশুৰ স্মাৰ্টফোন আৰু ছ’চিয়েল মিডিয়াৰ আসক্তি ৰোধৰ বাবে কৰ্ণাটক চৰকাৰে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। শুকুৰবাৰে ৰাজ্যৰ বাজেট দাখিল কৰাৰ সময়ত মুখ্যমন্ত্ৰী সিদ্দাৰামাইয়াই ঘোষণা কৰে যে ৰাজ্যত ১৬ বছৰৰ তলৰ শিশুৰ বাবে ছ’চিয়েল মিডিয়া ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে।আপোনাৰ শিশুটিয়েও অতি মাত্ৰা সামাজিক মাধ্যম ব্যৱহাৰ কৰে নেকি? যদি কৰে তেন্তে এতিয়াৰ পৰা আপোনাৰ শিশুটিক ব্যৱহাৰ কৰিব নিদিব সামাজিক মাধ্যম। সামাজিক মাধ্যম ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰ কঠোৰ হৈছে। এনে চূড়ান্ত সিদ্ধান্ত লোৱা দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্য হৈছে কৰ্ণাটক। ইয়াৰ পূৰ্বে অন্ধ্ৰপ্ৰদেশ আৰু গোৱাই এনে চিন্তা-চৰ্চা কৰিছিল যদিও কৰ্ণাটকেই প্ৰথমে কাৰ্যকৰী কৰাৰ পথত আগবাঢ়িছে।Also Read....AIUDF দল হৈছে বিজেপিৰ বুকুৰ কুটুম! মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা গৌৰৱ গগৈৰ...Advertisment উল্লেখ্য যে, বিশ্বৰ বহু দেশেই ইতিমধ্যে শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যমত বয়সভিত্তিক নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে। অষ্ট্ৰেলিয়াত ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে সামাজিক মাধ্যম ব্যৱহাৰত নিষেধাজ্ঞা জাৰি কৰা হৈছে আৰু লাখ লাখ একাউণ্ট ব্লক কৰা হৈছে।পিছে এতিয়াৰে পৰা ১৬ বছৰ তলৰ কিশোৰ-কিশোৰীয়ে সামাজিক মাধ্যম ব্যৱহাৰ কৰিব নোৱাৰিব। সামাজিক মাধ্যমৰ অতিমাত্ৰা ব্যৱহাৰ আৰু অপব্যৱহাৰৰ প্ৰতি লক্ষ্য ৰাখি কৰ্ণাটক চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে। এই বিষয়ত বহুদিন ধৰি কৰ্ণাটক চৰকাৰৰ ভিতৰত আলোচনা চলি আছিল। ৰাজ্যৰ আই টি মন্ত্ৰী প্ৰিয়ংক খাৰ্গেৰ পৰা আৰম্ভ কৰি স্বাস্থ্য মন্ত্ৰীলৈকে সকলোৱে শিশুৰ অত্যধিক স্ক্ৰীণ টাইম, মানসিক স্বাস্থ্যৰ অৱনতি আৰু চাইবাৰ নিৰাপত্তাৰ বাবে উদ্বেগ প্ৰকাশ কৰিছিল।Also Read...চৰকাৰী গাঁওবুঢ়াৰ লগত ভয়ংকৰ কাণ্ড কৰিলে পত্নীয়ে...বিশেষজ্ঞসকলে সকীয়াই দিছে যে যেনেকৈ চাইবাৰ অপৰাধ, ব্যক্তিগত তথ্য চুৰি বা অনলাইন প্ৰলোভনৰ আশংকা থাকে, ইণ্টাৰনেটো শিশুৰ বাবে শিক্ষা আৰু সৃষ্টিশীলতাৰ অন্যতম মাধ্যম। যদিহে ইয়াক সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হয় তেন্তে কিশোৰ-কিশোৰীসকলে ভিপিএন বা ভুৱা একাউণ্টৰ জৰিয়তে নিৰীক্ষণৰ বাহিৰত থকা অধিক বিপজ্জনক প্লেটফৰ্মৰ ফালে ঢাপলি মেলিব পাৰে। সেয়েহে বিশেষজ্ঞসকলে কঠোৰ নিষেধাজ্ঞাৰ পৰিৱৰ্তে কঠোৰ অভিভাৱকৰ নিয়ন্ত্ৰণ, গোপনীয়তা সুৰক্ষা আৰু ডিজিটেল সাক্ষৰতা বৃদ্ধিৰ ওপৰত গুৰুত্ব দিব লাগে বুলি পৰামৰ্শ আগবঢ়াইছে। কৰ্ণাটক চৰকাৰে এই নিৰ্দেশনা কেনেদৰে কাৰ্যকৰী কৰে তালৈ এতিয়া সমগ্ৰ দেশে চকু ৰাখিছে।Advertisment Read More AdvertismentAdvertisment Read the Next Article