Advertisment

ৰাজপথত নিৰীহ শিশুক ভিক্ষাৰ কামত ব্যৱহাৰ কৰাৰ আছে এক বৃহৎ গেং! ঘটনাটো জানিলে আপুনিও হ'ব আচৰিত..

ওড়িশাৰ বেৰহামপুৰ চহৰত নিৰীহ শিশুক ভিক্ষাৰ বাবে ব্যৱহাৰ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বৃহস্পতিবাৰে ৰাজ্যৰ আৰক্ষীয়ে চাৰিগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৯টা নাবালক শিশুক উদ্ধাৰ কৰে

 Photograph: (THE INDIAN EXPRESS)
Photograph: (THE INDIAN EXPRESS)

ৰাজপথত নিৰীহ শিশুক ভিক্ষাৰ কামত ব্যৱহাৰ কৰাৰ আছে এক বৃহৎ গেং

Also Read...চৰকাৰী গাঁওবুঢ়াৰ লগত ভয়ংকৰ কাণ্ড কৰিলে পত্নীয়ে...

ওড়িশাৰ বেৰহামপুৰ চহৰত নিৰীহ শিশুক ভিক্ষাৰ বাবে ব্যৱহাৰ কৰাৰ এক চাঞ্চল্যকৰ ঘটনা পোহৰলৈ আহিছে। বৃহস্পতিবাৰে ৰাজ্যৰ আৰক্ষীয়ে চাৰিগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৯টা নাবালক শিশুক উদ্ধাৰ কৰে। ৰে'ল ষ্টেচন বা ৰাজপথত দেখা নিৰীহ শিশুসকলক ভিক্ষা কৰিবলৈ পঠোৱাৰ আঁৰত আছে এক বৃহৎ চক্ৰ। আপুনি মই কেতিয়াও চিন্তা নকৰা এটা চক্ৰই কেনেদৰে নিৰীহ শিশুসকলক ভিক্ষাৰ দৰে কামত ব্যৱহাৰ কৰে সেয়া জানিলে আপোনাৰো চকু কঁপালত উঠিব। 

Advertisment

দ্যা ইণ্ডিয়ান এক্সপ্ৰেছত প্ৰকাশিত খবৰ অনুসৰি, বৃহস্পতিবাৰে ওড়িশা আৰক্ষীয়ে চাৰিগৰাকী মহিলাসহ পাঁচজন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে ৯টা নাবালক শিশুক উদ্ধাৰ কৰে। ইয়াৰে ৯টা শিশুৰ ভিতৰত তিনিজনী ছোৱালী। তেওঁলোকৰ বয়স মাত্ৰ চাৰি মাহৰ পৰা ১২ বছৰলৈকে। এই নাবালক শিশুসকলক ৰক্ষণা-বেক্ষনা দিয়া ৯টা অভিযুক্তৰ ৪টাই মহিলা আৰু ৫টা পুৰুষ ক্ৰমে,  মণি শিণ্ডে (৬৫), অজয় ​​কাজী শিণ্ডে (৩০), ৰাণী শিণ্ডে (৩০), পূজা পাৱাৰ (২০) আৰু সীতা পাৱাৰ (৪০)। আটাইকেইজনেই বেৰহামপুৰ ৰে'ল ষ্টেচনৰ সমীপৱৰ্তী গোসাঁনী নুগাঁও আৰক্ষী থানা অঞ্চলত থাকে । অৱশ্যে এতিয়াও আৰক্ষীয়ে তেওঁলোকৰ প্ৰকৃত পৰিচয় লাভ কৰা নাই যদিও অভিযান অব্যাহত ৰাখিছে।

Also Read....ধন উপাৰ্জনত বিজেপিৰ অভিলেখ! ২০২৪-২৫ বৰ্ষত বিজেপিৰ উপাৰ্জন ৬৭৬৯.১৪ কোটি টকা

আৰক্ষীয়ে লাভ কৰা তথ্য অনুসৰি, বৃহৎ চক্ৰটোৱে চহৰখনত নিৰীহ শিশুক ভয়-ভাবুকিৰে জোৰ-জৱৰদস্তী ৰাজপথ বা ৰে'ল ষ্টেচনত ভিক্ষা খুজিবলৈ বাধ্য কৰাই। এই খবৰ আৰক্ষীয়ে লাভ কৰাৰ পিছতেই মঙলবাৰৰ পৰা আৰক্ষী, জিলা শিশু সুৰক্ষা গোটৰ বিষয়া আৰু শিশু সুৰক্ষা সমিতিৰ সদস্যৰ এটা যৌথ দলে অভিযান আৰম্ভ কৰে। অভিযানত আৰক্ষীয়ে লাভ কৰা তথ্য়ই সকলোকে আচৰিত কৰি তুলিছে। আৰক্ষীয়ে জনোৱা মতে, বৃহৎ চক্ৰটোৱে ৰাতিপুৱাৰ সময়ত অটোৰিক্সাত বহুৱাই শিশুকেইটাক চহৰখনৰ ট্ৰেফিক ছিগনেল,ৰে'ল ষ্টেচন আৰু জনবহুল স্থানত তেওঁলোকক নমাই দিয়ে ভিক্ষা কৰিবলৈ আৰু দূৰৰ পৰা চক্ৰটোৱে সমগ্ৰ দৃশ্য় প্ৰত্যক্ষ কৰি থাকে। দিনটোৱে ভিক্ষা কৰি অৰ্জন কৰা টকা চক্ৰটোৱে শিশুসকলৰ পৰা লৈ লয়।

Advertisment

Also Read...কাৰ্বি পাহাৰত দুৰ্ঘটনাগ্ৰস্ত যুঁজাৰু বিমান, ২ পাইলটৰ মৃত্যু


এই নেক্সাছৰ তথ্য আৰক্ষীয়ে লাভ কৰাৰ পিছতেই অভিযান আৰম্ভ কৰে। আৰু অভিযানত ৯টাকৈ ভিক্ষা মাফিয়াক আটক কৰে। সম্প্ৰতি আৰক্ষীয়ে তেওঁলোকৰ পৰিচয় আৰু নেটৱৰ্ক সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। ইফালে উদ্ধাৰ কৰা সকলো শিশুকে পুনৰ সংস্থাপন প্ৰক্ৰিয়াৰ অংশ হিচাপে জিলা শিশু কল্যাণ সমিতিৰ সন্মুখত হাজিৰ কৰা হৈছে। এই ঘটনাৰ পাছতেই এতিয়া সকলোৰে মনত প্ৰশ্ন উদয় হৈছে,নিৰীহ শিশুসকলৰ আঁৰত কোনোবা ডাঙৰ ‘ভিক্ষা মাফিয়া’ৰ বৃহৎ গেং আছে নেকি? এই গেঙে দেশৰ আন চহৰ সমূহতো এনেকুৱা জাল পাতিছে নেকি? আৰক্ষীৰ অধিক তদন্তই এই ৰহস্য ফাদিল কৰিব পাৰিব।

Advertisment
Advertisment