Advertisment

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত চাঞ্চল্যকৰ ঘটনা। ব্যৱসায়ীক অপহৰণ কৰি ৫ লাখ টকাৰ মুক্তিপণৰ দাবী কৰাৰ গুৰুতৰ অভিযোগ ৫ জনীয়া যুৱকৰ দলৰ বিৰুদ্ধে। মহানগৰীৰ সাতগাঁৱত সংঘটিত এই শিহৰণকাৰী ঘটনা।

 মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা Photograph: (DY365)
মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা Photograph: (DY365)

মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা


ব্যৱসায়ীক অপহৰণ কৰি ৫ লাখ টকাৰ মুক্তিপণৰ দাবী!

গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত চাঞ্চল্যকৰ ঘটনা। ব্যৱসায়ীক অপহৰণ কৰি ৫ লাখ টকাৰ মুক্তিপণৰ দাবী কৰাৰ গুৰুতৰ অভিযোগ ৫ জনীয়া যুৱকৰ দলৰ বিৰুদ্ধে

Advertisment

গুৱাহাটী মহানগৰীৰ সাতগাঁৱত সংঘটিত এক চাঞ্চল্যকৰ ঘটনা। খবৰ অনুসৰি মঠঘৰীয়াৰ বাসিন্দা তথা গাড়ী ব্যৱসায়ী মহিদুল অলীক শুকুৰবাৰে সন্ধিয়া সৰু নামৰ এজন যুৱকে ঘৰলৈ আহি সাতগাঁৱলৈ কৌশলেৰে লৈ যোৱাৰ অভিযোগ। মহিদুল অলীক লগত লৈ সাতগাঁৱৰ বাসন্তী বজাৰত উপস্থিত হোৱাৰ লগে লগে ৫ জনীয়া ড্ৰাগছ আসক্ত এটা যুৱকৰ দলে মহিদুল আলীক বলপূৰ্বক গাড়ীত উঠাই হাতত ড্ৰাগছ দি ভিডিঅ' কৰে। হাতত ড্ৰাগছ দি ভিডিঅ’ কৰি ভয়-ভাবুকিৰে ৫ লাখ টকা দলটোৱে দাবী কৰাৰ অভিযোগ। দাবী কৰা ধন নিদিলে মহিদুল আলীক সাতগাঁও থানাত গতাই দিয়াৰো ভাবুকি দিয়ে যুৱকৰ দলটোৱে।

Also Read: পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা

ধন দিবলৈ অমান্তি হোৱাত গাড়ীৰ ভিতৰত গুৰুলাগুৰুলকৈ মহিদুলক প্ৰহাৰ কৰি লগত থকা নগদ ৪৫ হাজাৰ টকা আৰু সোণৰ চেইন কাঢ়ি নিয়াৰ অভিযোগ উত্থাপন কৰে যুৱকৰ দলটোৰ বিৰুদ্ধে। পিছত নিশা ৮ বজাৰ পৰা প্ৰায় ১১.৩০ বজালৈ গাড়ীত বহাই থৈ অৱশেষত সাতগাঁৱৰ গণেশ বাবা পথৰ নিৰ্জন ঠাইত ব্যৱসায়ী মহিদুল আলীক নিৰ্মম প্ৰহাৰ কৰাৰ অভিযোগ। যুৱকৰ দলটোৱে আক্ৰমণ কৰাত মহিদুল আলীয়ে চিঞৰ-বাখৰ কৰে। চিঞৰ-বাখৰ শুনি স্থানীয় ৰাইজ ওলাই অহাত যুৱকৰ দলটো ঘটনাস্থলীৰ পৰা পলায়ন কৰে। 

Also Read: ভয়ংকৰ বিমান দুৰ্ঘটনা

উল্লেখ্য যে, সমগ্ৰ ঘটনা সন্দৰ্ভত সাতগাঁও আৰক্ষী চকীত সবিশেষ অৱগত কৰি ভুক্তভোগী মহিদুল আলীয়ে দাখিল কৰে এজাহাৰ। আৰক্ষীৰ অনুসন্ধানৰ পিছতহে পোহৰলৈ আহিব প্ৰকৃত তথ্য।  

Advertisment
Advertisment
Advertisment