Assameseভয়ংকৰ বিমান দুৰ্ঘটনাবলিভিয়াত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনা। মালবাহী এখন বিমান দুৰ্ঘটনাত পতিত হয়। ধন কঢ়িয়াই নিয়া মালবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ১৫জনৰ। দুৰ্ঘটনাটোত আহত হৈছে ৩০জনৰো অধিক লোক। Jyotiprasad Sarma Feb 28, 2026 13:03 ISTভয়ংকৰ বিমান দুৰ্ঘটনা Photograph: (DY365)ভয়ংকৰ বিমান দুৰ্ঘটনা১৫জনৰ মৃত্যু, ৩০জনৰো অধিক লোক আহতবলিভিয়াত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনা। মালবাহী এখন বিমান দুৰ্ঘটনাত পতিত হয়। ধন কঢ়িয়াই নিয়া মালবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যু ১৫জনৰ। দুৰ্ঘটনাটোত আহত হৈছে ৩০জনৰো অধিক লোক। Advertismentবলিভিয়াত সংঘটিত এক ভয়ংকৰ, শোকাৱহ বিমান দুৰ্ঘটনা। বলিভিয়াৰ ৰাজধানী লা পাজৰ সমীপত সংঘটিত বিমান দুৰ্ঘটনাটোত ১৫জন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে ৩০জনৰো অধিক লোক গুৰুতৰভাৱে আহত হোৱাৰ খবৰ পোহৰলৈ আহে। মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে।মালবাহী বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে সৃষ্টি হয় এক হাহাকাৰময় পৰিস্থিতিৰ। আবাসিক অঞ্চলৰ ব্যস্ত ঘাইপথত ধন কঢ়িয়াই নিয়া মালবাহী বিমানখন দুৰ্ঘটনাত পতিত হয়। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত বহু কোটি টকাৰ নতুনকৈ ছপা নোট লৈ যোৱা হৈছিল বুলি জানিব পৰা গৈছে। বলিভিয়া বায়ুসেনাৰ হাৰকিউলিছ কাৰ্গোখনে দেশখনৰ চেন্ট্রেল বেংকৰ পৰা নিছিল ধনখিনি। লা পাজৰ সমীপৰ এল অল্টো চহৰত শুকুৰবাৰে সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো। লেণ্ডিঙৰ সময়ত পাইলটে বিমানখনৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছে। Also Read: বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি!ৰাজপথত দুৰ্ঘটনাগ্ৰস্ত বিমানখনে মহটিয়াই নিয়ে বহু সংখ্যক যান-বাহন। বিমানখন দুৰ্ঘটনাগ্ৰস্ত হোৱাত এক ডজনৰো অধিক যান-বাহন ধ্বংসপ্ৰাপ্ত হোৱাৰ খবৰ। এল অল্টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা উৰণৰ কিছু সময় পিছতে সংঘটিত দুৰ্ঘটনাটো। দুৰ্ঘটনাৰ পিছতে বন্ধ কৰি দিয়া হৈছে এল অল্টো আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো। Advertismentহাৰকিউলিছ বিমানখন বলিভিয়াৰ সেনাই বেংকনোট পৰিবহণৰ বাবে ব্যৱহাৰ কৰিছিল। এই ধৰণৰ বিমানে অসমান ৰানৱেতো মসৃণভাৱে অৱতৰণ কৰিব পাৰে। ১৯৫৪ চনৰ পৰা বিভিন্ন দেশত সামগ্ৰী পৰিবহণৰ বাবে হাৰকিউলিছ বিমান ব্যৱহাৰ কৰা হয়। তদুপৰি এই বিমানখন সামৰিক পৰিবহণৰ বাবে ব্যৱহাৰ কৰা হয়, মৃত্যুমুখত পৰা ৰোগীক এঠাইৰ পৰা আন ঠাইলৈ দ্ৰুতভাৱে কঢ়িয়াই নিয়াৰ বাবে বা যিকোনো জৰুৰীকালীন পৰিস্থিতিত ব্যৱহাৰ কৰা হয়। বলিভিয়াত কিয় বিমানখন দুৰ্ঘটনাগ্ৰস্ত হৈছিল, যান্ত্ৰিক বিসংগতি আছিল নেকি, তাৰ তদন্ত চলি আছে।AdvertismentAdvertisment Read the Next Article