Advertisment

মণিপুৰৰ হিংসাত আহত হোৱা বিজেপি বিধায়কৰ মৃত্যু

মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ মৃত্যুক লৈ মণিপুৰত শোকৰ ছাঁ। দুবছৰ পূৰ্বে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত বিধায়কগৰাকী গুৰুতৰভাৱে আহত হৈছিল।

 মণিপুৰৰ হিংসাত আহত হোৱা বিজেপি বিধায়কৰ মৃত্যু

মণিপুৰৰ হিংসাত আহত হোৱা বিজেপি বিধায়কৰ মৃত্যু

Also Read....ফুটবল খেলি থাকোঁতেই খেলপথাৰতে ঢলি পৰি প্ৰাণ হেৰুৱালে শ্বিলঙৰ এগৰাকী সাংসদে

Advertisment

মণিপুৰৰ বিজেপি বিধায়ক ভুংজাগিন ভল্টেৰ মৃত্যুক লৈ মণিপুৰত শোকৰ ছাঁ। দুবছৰ পূৰ্বে মণিপুৰত সংঘটিত হোৱা গোষ্ঠীগত সংঘৰ্ষৰ সময়ত বিধায়কগৰাকী গুৰুতৰভাৱে আহত হৈছিল। আৰু তেতিয়াৰ পৰাই মণিপুৰৰ এইগৰাকী বিজেপি বিধায়ক চিকিৎসাধীন হৈ আছিল। আৰু অৱশেষত হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত শুকুৰবাৰে মৃত্যু হয়।

২০২৩ চনৰ মে’ মাহত মণিপুৰত মেইটেই আৰু কুকি জনগোষ্ঠীৰ মাজত এক ভয়ংকৰ সংঘৰ্ষ আৰম্ভ হয়। সেই সময়তেই বিধায়ক ভুংজাগিন ভল্টে ইম্ফলত গুৰুতৰভাৱে আহত হৈছিল। চুৰাচান্দপুৰ জিলাৰ থানলন সমষ্টিৰ পৰা তিনিবাৰৰ বিধায়ক হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ভুংজাগিন ভল্টে। তেওঁ ৰাজ্যখনৰ মন্ত্ৰী হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। মণিপুৰ হিংসাৰ দ্বিতীয় দিনা মণিপুৰৰ সেই সময়ৰ মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ সৈতে হোৱা বৈঠকৰ পৰা উভতি অহাৰ পথত ইম্ফলত তেওঁক আক্ৰমণ কৰা হয়।

Also Read...অস্ত্ৰধাৰী ডকাইতৰ লুটপাত

বিধায়কগৰাকীক মেইটেই সম্প্ৰদায়ৰ লোকে আক্ৰমণ কৰাৰ এক অভিযোগ উঠিছিল। ইয়াৰ পিছত প্ৰায় দুবছৰ ধৰি দিল্লীত চিকিৎসাধীন হৈ আছিল জোমি জনগোষ্ঠীৰ বিজেপিৰ বিধায়কগৰাকী। বিগত বছৰৰ এপ্ৰিল মাহত তেওঁ চিকিৎসালয়ৰ পৰা নিজৰ গৃহ ৰাজ্যলৈ উভতি আহিছিল। অৱশ্যে আক্ৰমণৰ পিছৰে পৰাই তেওঁ ভালকৈ কথা ক’ব পৰা নাছিলে। কাৰণ মূৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল। তেতিয়াৰ পৰাই হুইল চেয়াৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল বিধায়কগৰাকীয়ে।

Also Read...এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ যুৱকৰ মৃতদেহ

প্ৰাপ্ত খবৰ অনুসৰি ভুংজাগিন ভল্টে শেহতীয়াকৈ পুনৰ গুৰুতৰভাৱে অসুস্থ হৈ পৰে। আৰু ততাতৈয়াকৈ বিশেষ বিমানেৰে তেওঁক দিল্লীলৈ লৈ যোৱা হয়। কিন্তু অৱশেষত হাৰিয়ানাৰ গুৰুগ্ৰামৰ এখন চিকিৎসালয়ত শুকুৰবাৰে মৃত্যু হয়। বিধায়কগৰাকীৰ মৃত্যুৰ খবৰ প্ৰকাশ পোৱাৰ পাছতেই মণিপুৰত শোকৰ ছাঁ পৰে। মণিপুৰৰ বিজেপিৰ বিধায়ক ৰাজকুমাৰ ইমো সিং, মণিপুৰৰ কংগ্ৰেছ নেতা কে মেঘচন্দ্ৰ সিঙকে ধৰি অন্যান্য নেতাই তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰিছে।

Advertisment
Advertisment