Advertisment

পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা

আকৌ জ্বলিব নেকি মধ্য প্ৰাচ্য! পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা। ভয়ংকৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি। ইৰানৰ ৰাজধানী তেহৰাণত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ IDFৰ। ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ ইছলামিক ৰাষ্ট্ৰ ইৰানৰ।

 পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা Photograph: (DY365)
পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা Photograph: (DY365)

আকৌ জ্বলিব নেকি মধ্য প্ৰাচ্য!


পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা

আকৌ জ্বলিব নেকি মধ্য প্ৰাচ্য! পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা। ভয়ংকৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি। 

Advertisment

ইৰানৰ ওপৰত পুনৰ ইজৰাইলৰ আক্ৰমণ। ইৰানৰ ৰাজধানী তেহৰাণত ইজৰাইলৰ সেনাই ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলোৱাৰ খবৰ প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত। ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশিত খবৰ অনুসৰি ইৰানৰ ৰাজধানী তেহৰাণৰ বহু ঠাইত সতৰ্কমূলক ছাইৰেনৰ শব্দ শুনিবলৈ পোৱা যায়। নাগৰিকসকলক সুৰক্ষিত স্থানলৈ স্থানান্তৰিত হ’বলৈ নিৰ্দেশনা জাৰি কৰিছে। ইৰানৰ ৰাজধানী তেহৰাণত এতিয়া বিস্ফোৰণ আৰু ধ্বংসলীলা দেখিবলৈ পোৱা গৈছে। ইৰানৰ ৰাজধানী চহৰখনত ইতিমধ্যে কেইবাটাও বিস্ফোৰণ সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে।

Also Read: ভয়ংকৰ বিমান দুৰ্ঘটনা

ইফালে ইজৰাইলৰ আক্ৰমণৰ প্ৰত্যুত্তৰ দিছে ইছলামিক ৰাষ্ট্ৰ ইৰানেও। ইৰানে ইজৰাইলত বেলেষ্টিক মিছাইলেৰে আৰম্ভ কৰিছে আক্ৰমণ। হুথী, হিজবুল্লাহেও আক্ৰমণ কৰে ইজৰাইলত। ইজৰাইলৰ প্ৰধানমন্ত্ৰীবেঞ্জামিন নেতান্যাহুক শেষ কৰাৰ লক্ষ্যৰে ইৰানে কৰে এই আক্ৰমণ। 

ইৰানৰ আক্ৰমণৰ পিছতে ইজৰাইলত জাৰি কৰা হৈছে জৰুৰীকালীন অৱস্থা। IDFয়ে ইজৰাইলত জাৰি কৰিছে জৰুৰীকালীন অৱস্থা। ইজৰাইল সেনা বাহিনীয়ে নিজৰ সেনা বাহিনীৰ বাবে জাৰি কৰিছে এলাৰ্ট। এলাৰ্ট জাৰি কৰি সমগ্ৰ দেশতেই ছাইৰেন বজাইছে। ইৰানৰ ফালৰ পৰা কৰা আক্ৰমণত ইজৰাইলৰ নাগৰিকসকল যাতে সুৰক্ষিত হৈ থাকিব পাৰে তাৰ বাবে জাৰি কৰে এলাৰ্ট।  

Advertisment

Also Read: বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ নামত ব্যাপক দুৰ্নীতি!

আনহাতে ইৰানৰ সকলো স্থানতে বোমা পৰিব বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে সকীয়নি প্ৰদান কৰে। সকলোকে সাৱধানে থাকিবলৈ পৰামৰ্শ দিয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ইৰান-ইজৰাইলৰ যুদ্ধক লৈ উদ্বেগ প্ৰকাশ কৰিছে ভাৰতীয় দূতাবাসেও। ইজৰাইল, জৰ্ডানত থকা ভাৰতীয় লোকক দেশ এৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। ০০৯৬২-৭৭০ ৪২২ ২৭৬ জৰুৰীকালীন নম্বৰো মুকলি কৰিছে। 

Advertisment
Advertisment