Advertisment

শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ!

দোকানত দ'মে দ'মে উদ্ধাৰ হ'ল শিশুৰ বাবে আৱণ্টিত বিস্কুট। অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনৰ বিৰুদ্ধে শিশুৰ চৰকাৰী খাদ্য বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ। দোকানৰ পৰা শিশুৰ বাবে আৱণ্টিত বিস্কুট জব্দ কৰিলে ৰাইজে। 

 শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ! Photograph: (DY365)
শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ! Photograph: (DY365)

দ’মে দ’মে বিস্কুট উদ্ধাৰ 

শিশুৰ চৰকাৰী খাদ্য দোকানত বিক্ৰী অংগনৱাড়ী কৰ্মীৰ!

দোকানত দ'মে দ'মে উদ্ধাৰ হ'ল শিশুৰ বাবে আৱণ্টিত বিস্কুট। অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনৰ বিৰুদ্ধে শিশুৰ চৰকাৰী খাদ্য বিক্ৰী কৰাৰ গুৰুতৰ অভিযোগ। দোকানৰ পৰা শিশুৰ বাবে আৱণ্টিত বিস্কুট জব্দ কৰিলে ৰাইজে। 

Advertisment

শিশুৰ মুখৰ পৰাও চান কাঢ়িব এৰা নাই অংগনৱাড়ী কৰ্মীয়ে! এইবাৰ দ'মে দ'মে উদ্ধাৰ হ'ল চৰকাৰে অংগনৱাড়ী কেন্দ্ৰৰ জৰিয়তে কণ কণ শিশুৰ বাবে আৱণ্টন দিয়া বিস্কুট। বৰপেটাৰ কলগাছিয়াৰ দেউকুৰাত সংঘটিত এই ঘটনা। দেউকুৰা গাঁৱৰ এখন দোকানৰ পৰা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৪০০ পেকেট মাল্টিগ্ৰেন বিস্কুট।

Also Read: পৰিভ্ৰমী চৰাই নিধন

দেউকুৰা গাঁৱৰ আব্দুল আল কাফিৰ নামৰ এজন দোকানীৰ দোকানৰ পৰা ৰাইজে উদ্ধাৰ কৰিবলৈ সক্ষম হয় বিস্কুটৰ পেকেটৰ বস্তা। দোকানৰ পৰা ৪০০ পেকেট মাল্টিগ্ৰেন বিস্কুট উদ্ধাৰ হোৱাৰ পিছতেই এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়। উল্লেখ্য যে, বৰপেটা জিলাৰ কলগাছিয়াৰ শিশু সংহত উন্নয়ন প্ৰকল্পৰ অধীনত দেউকুৰাৰ ১৪৭নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনে কেন্দ্ৰৰ ওচৰতে থকা আব্দুল আল কাফিৰৰ দোকানত বিক্ৰী কৰিবলৈ দিছিল ৪ শতাধিক বিস্কুটৰ পেকেট। দোকানীয়ে বিক্ৰী কৰাৰ সময়তে ৰাইজে প্ৰত্যক্ষ কৰে। তাৰ পিছতেই ৰাইজে সোধ-পোছা কৰাত ১৪৭ নং অংগনবাড়ী কেন্দ্ৰৰ কৰ্মী ৰৌশনাৰা খাতুনে বিস্কুটসমূহ বিক্ৰী কৰিবলৈ দিয়াৰ কথা স্বীকাৰ কৰে দোকানী আব্দুল আল কাফিয়ে। অৱশেষত ৰাইজে বিস্কুট সমূহ উদ্ধাৰ কৰি কলগাছিয়া আৰক্ষী থানাত গতাই দিয়ে বুলি জানিব পৰা গৈছে। 

Also Read: আজি বাথৌ পূজা

উল্লেখ্য যে, ৫ টকীয়া বিস্কুটৰ লোভ সহ্য কৰিব নোৱাৰা অংগনৱাড়ী কৰ্মী ৰৌশনাৰা খাতুনৰ কাৰ্যক গৰিহণা দিছে অঞ্চলটোৰ সচেতন ৰাইজে। লগতে বিভাগীয় কৰ্তৃপক্ষক কৰ্মীগৰাকীৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰি উচিত শাস্তি দিবলৈও দাবী উত্থাপন কৰিছে। 

Advertisment
Advertisment