Assameseৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!অৱশেষত কংগ্ৰেছ এৰিলে ৰাতুল কলিতাই। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে। শনিবাৰে পুৱাই ৰাজীৱ ভৱনলৈ গৈ সেৱা জনাই দলত্যাগ কৰাৰ কথা সদৰি কৰিলে সামাজিক মাধ্যমত।Estafur Rahman Mar 07, 2026 14:20 ISTPhotograph: (asomiya pratidin)ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!অৱশেষত কংগ্ৰেছ এৰিলে ৰাতুল কলিতাই। কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ ৰাতুল কলিতাই বিজেপিত যোগদান কৰাৰো সম্ভাৱনা আছে। শনিবাৰে পুৱাই ৰাজীৱ ভৱনলৈ গৈ সেৱা জনাই দলত্যাগ কৰাৰ কথা সদৰি কৰিলে সামাজিক মাধ্যমত। কংগ্ৰেছৰ সামাজিক মাধ্যমৰো বিশেষ দায়িত্বত আছিল ৰাতুল কলিতা।Advertismentসামাজিক মাধ্যমত ৰাজীৱ ভৱনত সেৱা লোৱাৰ ফটো সন্নিৱিষ্ট কৰি তেওঁ লিখিছে, 'দলৰ বেয়া দিনত সৰ্বোচ্চ উজাৰি কাম কৰা নেতা-কৰ্মীক সন্মান আৰু গুৰুত্ব দিয়ক'। আৰু এটা কথা 'Plz don't underestimate the power of a true Congressman'। Also Read...মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুনলবাৰীৰ পৰা এইবাৰ কংগ্ৰেছৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী আছিল ৰাতুল কলিতা। অসম কংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা ঘোষণা কৰাৰ পিছৰে পৰাই ৰাতুল কলিতাই বহু আক্ষেপেৰে সামাজিক মাধ্যমত পোষ্ট কৰা দেখা পোৱা গৈছিল। টিকট লাভ নকৰাৰ পাছতে অসন্তুষ্টি ব্যক্ত কৰিছিল কলিতাই। তাৰ পাছতে তেওঁ গ্ৰহণ কৰিলে কংগ্ৰেছ এৰাৰ সিদ্ধান্ত। যদিও আনুষ্ঠানিকভাৱে দল এৰাৰ কথা কোৱা নাই কিন্তু দল এৰাটো একপ্ৰকাৰ নিশ্চিত বুলি ক'ব পাৰি। নলবাৰীৰ পৰা টিকট লাভ নকৰাৰ পাছতে অসন্তুষ্টি ব্যক্ত কৰি নিজৰ ফেচবুক একাউণ্টত লিখিছিল...AdvertismentAlso Read...দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?বিগত ২৫ বছৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলত নিষ্ঠা সহকাৰে সেৱা আগবঢ়ালো। ২০০১ চনত অগপৰ দিনৰ গুপ্তহত্যা, দুৰ্নীতি আৰু ৰাজ্যখনৰ অৰ্থনীতি তচনচ কৰাৰ বিৰুদ্ধাচাৰণ কৰি কংগ্ৰেছ দলত যোগদান কৰিছিলো। ২০০৩ চনত এগৰাকী বিশেষ হিন্দুত্ববাদী নেতাই নলবাৰীত ৰোপণ কৰা সাম্প্ৰদায়িকতাৰ বেহু ভাঙি হিন্দু যুৱ ছাত্ৰ পৰিষদৰ প্ৰাৰ্থীৰ বিৰুদ্ধে নলবাৰী মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পদত জয়ী হৈছিলো। কংগ্ৰেছ দলৰ চৰকাৰ থকা ১৫ টা বছৰ কোনো মন্ত্ৰী, বিধায়কৰ ওচৰত হাত পাতিব যোৱা নাছিলোঁ। ২০১৪ ত কেন্দ্ৰত বিজেপি চৰকাৰ হোৱাৰ পিছৰে পৰা শাসক পক্ষৰ দুৰ্নীতিৰ বিৰুদ্ধে চকুত চকু থৈ, ৰাজহাড় পোন কৰি মাত মাতিছিলোঁ। প্ৰতিটো দলীয় কাৰ্যসূচীত শক্তিশালী ৰূপত আগভাগ লৈছিলো। ২০১৯ চনত দলৰ ছ'চিয়েল মিডিয়া বিভাগৰ ৰাজ্যিক সমন্বয়ক হিচাপে ২৪ ঘণ্টাই দলীয় কামত আত্মনিয়োগ কৰিছিলো। ২০২১ চনত হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ লগে লগেই বহু নেতাই মুখ লুকাই থকাৰ সময়ত, পুলিচ-প্ৰশাসনৰ ভয়ত ছ'চিয়েল মিডিয়াত তথাকথিত নেতা সকলে মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে লিখিব ভয় কৰাৰ সময়তে ছ'চিয়েল মিডিয়াৰ ৰাজ্যিক অধ্যক্ষৰ দায়িত্ব লৈছিলো। মৃত্যুলৈকেও ভয় নকৰি এটাৰ পিছত এটা মুখ্যমন্ত্ৰী আৰু পৰিয়ালৰ দুৰ্নীতি উদঙাই দিছিলো। সেয়া মই নকলেও অসমৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীয়েই জানে। প্ৰদেশ কংগ্ৰেছে লোৱা কাৰ্যসূচী "ভাৰত জোড়ো যাত্ৰা অসম", "বাগানে বাগানে কংগ্ৰেছ", "চাঙে চাঙে কংগ্ৰেছ", "পাহাৰে পাহাৰে কংগ্ৰেছ", ৰাহুল গান্ধী ডাঙৰীয়াৰ "ভাৰত জোড়ো ন্যায় যাত্ৰা" কাৰ্যসূচীত দিন-ৰাতি একাকাৰ কৰি কাম কৰিছিলো। টিভিৰ পৰ্দাত দলীয় মুখপাত্ৰ হিচাপে নিৰ্ভীক আৰু শক্তিশালীভাৱে শাসক পক্ষৰ বিৰুদ্ধে যুঁজিছিলো। ২০২১ ত পৰাজয় হোৱাৰ পিছৰে পৰা যেতিয়া কোনো নাছিল নলবাৰী সমষ্টিৰ প্ৰতিগৰাকী কংগ্ৰেছ দলৰ একনিষ্ঠ সাধাৰণ কংগ্ৰেছ কৰ্মীৰ ঘৰে ঘৰে গৈ তেখেতৰ সকলৰ খা খবৰ লৈ থাকিলোঁ, উৎসাহ যোগোৱাৰ লগতে দলৰ সাংগঠনিক কাম -কাজ কৰি থাকিলোঁ।Advertismentৰিজাল্ট হিচাপে কি পালোঁ? মাতৃ ICU ৰ বেদত মৃত্যুৰ সৈতে যুঁজি থকা সময়ত মোৰ ঠাইত এনে এজনক দায়িত্ব দিয়া হল, পিছলৈ যিজন বিজেপিত গ'ল।প্ৰদেশ কংগ্ৰেছৰ কমিটীৰ পৰা বাদ পৰিলোঁ। বাৰে বাৰে প্ৰাৰ্থিত্বৰ পৰা বঞ্চিত হৈছো। আৰু কিমান সেৱা আগবঢ়াব লাগিব? সাধাৰণ ঘৰৰ পৰা আহি দলত ২৪×৭ নিষ্ঠা সহকাৰে কাম কৰাৰ পিছতো বাৰে বাৰে under estimate কিয় কৰা হ'ল? এনেবোৰ প্ৰশ্নৰ উত্তৰ অসমৰ প্ৰতিগৰাকী নিষ্ঠাবান কংগ্ৰেছ নেতা কৰ্মী আৰু শুভাকাংক্ষী ৰাইজৰ ওচৰত এৰিলোঁ।Also Read...CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাইকংগ্ৰেছে প্ৰথমখন প্ৰাৰ্থী তালিকা প্ৰকাশ কৰাৰ পাছতেই কংগ্ৰেছ দলৰ প্ৰতি ক্ষোভ উজাৰি সামাজিক মাধ্যমত নিজৰ মনৰ কথা এনেদৰে ব্যক্ত কৰিছিল ৰাতুল কলিতাই। Read More AdvertismentAdvertisment Read the Next Article