Advertisment

CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাই

CAAৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ। CAA জৰিয়তে অসমত পুনৰ এক বিদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। দীপালী দাস নামৰ মহিলাগৰাকীক বিদেশী ঘোষণা কৰিছিল ন্যায়াধীকৰণে।

CAAৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ বিদেশী মহিলাৰ

CAA জৰিয়তে অসমত পুনৰ এক বিদেশীয়ে লাভ কৰিলে ভাৰতীয় নাগৰিকত্ব। দীপালী দাস নামৰ মহিলাগৰাকীক বিদেশী ঘোষণা কৰিছিল ন্যায়াধীকৰণে। অবৈধ বাবে ভাৰতত প্ৰৱেশ কৰাৰ অপৰাধত ২ বছৰ ডিটেনশ্যন কেম্পত ৰখা হৈছিল বিদেশী মহিলা গৰাকীক। ২০১৯ চনত মহিলাগৰাকীক বিদেশী ঘোষণা কৰিছিল বিদেশী ন্যায়াধীকৰণে। ভাৰতীয় নাগৰিকত্ব লাভ কৰা ৬০ বছৰীয়া দীপালি দাস  কাছাৰৰ ধলাই হাওয়াথাংৰ বাস কৰিছিল। ১৯৮৮ চনত সহপৰিয়ালৰ সৈতে বাংলাদেশৰ পৰা অবৈধ বাবে ভাৰতত প্ৰৱেশ কৰিছিল মহিলা গৰাকীয়ে। তাৰ পিছতেই দীৰ্ঘদিনৰ পৰা কাছাৰৰ হাওৱাথাংত পৰিয়ালৰ সৈতে বসবাস কৰ আহিছিল বিদেশী মহিলাগৰাকী।

Advertisment

আনহাতে CAA জৰিয়তে ভাৰতীয় নাগৰিকত্বৰ বাবে ২০২৫ চনৰ ফ্ৰেব্ৰুৱাৰী মাহত আবেদন কৰিছিল বিদেশী মহিলা গৰাকীয়ে। ২০১৯ চনত দিপালী দাস নামৰ মহিলা গৰাকীক বিদেশী ট্রাইব্যুনালে বিদেশী বুলি ঘোষণা কৰিছিল।  ইয়াৰ পাছত মহিলা গৰাকী প্ৰায় দুবছৰ ধৰি শিলচৰ কেন্দ্ৰীয় কাৰাগাৰৰ ডিটেনশ্যন কেম্পত বন্দী হৈ আছিল। মহিলা গৰাকীক ভাৰতীয় নাগৰিকত্ব লাভ কৰাত আইনী বাবে সহায় কৰা শিলচৰৰ অধিবক্তা ধৰ্মান্ধ দেৱে কয় যে, ভাৰতত সংঘটিত হোৱা এয়া এক ঐতিহাসিক ঘটনা। দুবছৰৰ তদন্তত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত মুকলি আকাশৰ তললৈ মহিলাগৰাকী। CAAৰ জৰিয়তে বৰ্তমানলৈ ৬জনকৈ বাংলাদেশীয়ে লাভ কৰিছে ভাৰতীয় নাগৰিকত্ব। 

Advertisment
Advertisment