Advertisment

মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

তিনিচুকীয়াৰ ডিগবৈৰ পেঙেৰীত সংঘটিত এক শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ। শুই থকা অৱস্থাতে বন্যহস্তীয়ে আক্ৰমণ কৰে দুয়োকে। হাতীৰ গচকত কৰুণ মৃত্যুক আঁকোৱালি লয় চাহ শ্ৰমিক বুধন ৰাউটিয়া আৰু অনিতা ৰাউটিয়াই।

 শোকাৱহ, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু Photograph: (DY365)
শোকাৱহ, মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু Photograph: (DY365)

শোকাৱহ


মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু


ৰাজ্যত অব্যাহত হাতী-মানুহৰ সংঘাত। দিনক দিনে যেন বৃদ্ধি পাই গৈছে হাতী-মানুহৰ সংঘাত। দৈনিক হাতী-মানুহৰ সংঘাতৰ খবৰে বাতৰিৰ শিৰোনাম দখল কৰা পৰিলক্ষিত হৈ আহিছে। যদি ক'ৰবাত হাতীৰ আক্ৰমণত কোনোবাই অকালতে প্ৰাণ হেৰুৱাইছে আন ক'ৰবাত আকৌ হাতীয়ে উপদ্ৰৱ চলাই মানুহৰ ঘৰ-বাৰী, খেতিপথাৰ নষ্ট কৰিছে। বন্যহস্তীয়ে উপদ্ৰৱ চলোৱা অঞ্চলত সাধাৰণ ৰাইজে যেন এতিয়া আতংকত দিন-ৰাতি পাৰ কৰিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে।

Advertisment

তিনিচুকীয়াৰ ডিগবৈৰ পেঙেৰীত সংঘটিত এক শোকাৱহ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত প্ৰাণ গ’ল মাতৃ-পুত্ৰৰ। শুই থকা অৱস্থাতে বন্যহস্তীয়ে আক্ৰমণ কৰে দুয়োকে। হাতীৰ গচকত কৰুণ মৃত্যুক আঁকোৱালি লয় চাহ শ্ৰমিক বুধন ৰাউটিয়া আৰু অনিতা ৰাউটিয়াই। পেঙেৰীৰ ব্ৰহ্মাজান চাহ বাগিচাত নিশা সংঘটিত হয় এই হৃদয়বিদাৰক ঘটনা। নিশা বন্যহস্তীয়ে চাহ বাগিচাখনত চলাই উপদ্ৰৱ। হাতীৰ জাকটোৱে ঘৰৰ ভিতৰতে আক্ৰমণ কৰে বুধন ৰাউটিয়া আৰু অনিতা ৰাউটিয়াক। 

Also Read: দেশত ৰন্ধন গেছৰ নাটনিৰ আশংকা!


দীৰ্ঘদিন ধৰি পেঙেৰীৰ খাটাংপানী বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত বিভিন্ন স্থানত বনৰীয়া হাতীয়ে চলাই আহিছে উপদ্ৰৱ। স্থনীয় ৰাইজে বন্যহস্তীৰ উপদ্ৰৱ ৰোধ কৰিবলৈ বন বিভাগক দাবী উত্থাপন কৰি আহিছে যদিও বন বিভাগে এই উপদ্ৰৱ ৰোধ কৰিবলৈ কোনো ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ ৰাইজৰ। প্ৰতিদিনে বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতে এতিয়া অঞ্চলটোত এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে। এক আতংকময় পৰিৱেশৰ মাজেৰে দিন-ৰাতি পাৰ কৰিবলগীয়া হৈছে ৰাইজে।

Also Read: দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?

Advertisment


ইফালে গোৱালপাৰা জিলাতো হাতী-মানুহৰ সংঘাতে অস্থিৰ কৰি তুলিছে স্বাভাৱিক জনজীৱন! নিশা ৰংজুলিত বনৰীয়া হাতীয়ে চলাই উপদ্ৰৱ। ৰংজুলিৰ কায়স্থপাৰাত দুটা পৰিয়ালৰ বাসগৃহ ভাঙি লণ্ডভণ্ড কৰে বনৰীয়া হাতীয়ে । বাৰীৰ গছ-গছনি, কলৰ বাগানৰো বিস্তৰ ক্ষতি সাধন কৰে হাতীয়ে। একেনিশাতে কায়স্থপাৰাৰ পৰা গৈ ভালুকজুলি গাঁৱতো তচনচ কৰে চাৰিটাকৈ পৰিয়ালৰ বাসগৃহ। বনৰীয়া হাতীৰ আক্ৰমণৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাজন লোকৰ। 

Advertisment
Advertisment