Advertisment

দেশত ৰন্ধন গেছৰ নাটনিৰ আশংকা!

ইৰান, ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব নেকি ভাৰতত? ৰন্ধন গেছৰ নাটনিৰ আশংকা কেন্দ্ৰীয় চৰকাৰৰ। ইৰানৰ ওপৰত ইজৰাইল, আমেৰিকাই চলোৱা যৌথ আক্ৰমণৰ মাজতে দেশৰ তেল কোম্পানীসমূহক এলপিজিৰ উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে। 

 দেশত ৰন্ধন গেছৰ নাটনিৰ আশংকা! Photograph: (DY365)
দেশত ৰন্ধন গেছৰ নাটনিৰ আশংকা! Photograph: (DY365)

ইৰান, ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব নেকি?


দেশত ৰন্ধন গেছৰ নাটনিৰ আশংকা! 


ইৰান, ইজৰাইলৰ যুদ্ধৰ প্ৰভাৱ পৰিব নেকি ভাৰতত? ৰন্ধন গেছৰ নাটনিৰ আশংকা কেন্দ্ৰীয় চৰকাৰৰ। ইৰানৰ ওপৰত ইজৰাইল, আমেৰিকাই চলোৱা যৌথ আক্ৰমণৰ মাজতে দেশৰ তেল কোম্পানীসমূহক এলপিজিৰ উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে কেন্দ্ৰীয় চৰকাৰে। 

Advertisment

ইৰান-ইজৰাইল সংঘাতৰ প্ৰভাৱ এইবাৰ দেশৰ নাগৰিকক প্ৰভাৱিত কৰিব নেকি? কেন্দ্ৰীয় চৰকাৰে দেশৰ তেল শোধনাগাৰক অধিক এলপিজি উৎপাদন কৰিবলৈ নিৰ্দেশ দিছে। দেশত প্ৰয়োজনীয় এলপিজিৰ এক বৃহৎ অংশ আমদানি কৰা হয়। এইবাৰ পশ্চিম এছিয়াৰ সংঘাতৰ বাবে ইয়াক আমদানি কৰাত বাধা আহি পৰিব পাৰে। যুদ্ধ চলি থাকিলে ৰন্ধন গেছৰ নাটনি হ'ব পাৰে বুলি আশংকা কৰিছে কেন্দ্ৰীয় চৰকাৰে। সেইবাবেই কেন্দ্ৰই দেশৰ তেল শোধনাগাৰক জৰুৰীকালীন শক্তি ব্যৱহাৰ কৰি উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে।

Also Read: চকলেটৰ প্ৰলোভন দি ৩ বছৰীয়া কণমানিৰে অপকৰ্ম

২০২৪-২৫ চনত ভাৰতে ৩ কোটি ১৩ লাখ টন এলপিজি ব্যৱহাৰ কৰিছিল। ইয়াৰে মাত্ৰ ১ কোটি ২৮ লাখ টনহে ঘৰুৱাভাৱে উৎপাদন হৈছিল। বাকী এলপিজি ভাৰতে আমদানি কৰিছিল। ইয়াৰ অধিকাংশই পশ্চিম এছিয়াৰ পৰা আহিছিল। এলপিজিৰ ৮৫ৰ পৰা ৯০ শতাংশ ছৌদি আৰবৰ পৰা আমদানিকৃত আৰু এই আমদানিকৃত এলপিজি হৰ্মুজ জলদ্বীপৰ মাজেৰে অহে ভাৰতলৈ। শনিবাৰে ইজৰাইল আৰু আমেৰিকাই ইৰানক আক্ৰমণ কৰাৰ পিছৰে পৰা বন্ধ হৈ আছে হৰ্মুজ জলদ্বীপ । যাৰ ফলত এলপিজি আমদানি কৰাত এতিয়া ভাৰতৰ বাবে সমস্যা হৈ পৰিব পাৰে।

Also Read: CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাই

যদিও ভাৰতত পৰ্যাপ্ত সংখ্যক তেল শোধনাগাৰ আছে, তথাপিও দেশত এলপিজিৰ উৎপাদন চাহিদাতকৈ কম। সেই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কেন্দ্ৰীয় তেল মন্ত্ৰালয়ে বৃহস্পতিবাৰে দেশৰ সকলো চৰকাৰী আৰু ব্যক্তিগত তেল শোধনাগাৰক এলপিজিৰ উৎপাদন বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিয়ে। এলপিজি প্ৰপেন আৰু বিউটেনৰ পৰা তৈয়াৰ কৰা হয়। কেন্দ্রীয় চৰকাৰে এতিয়া যাতে যিমান পাৰি সিমান উৎপাদন দেশত হোৱাটো নিশ্চিত কৰিবলৈ আহ্বান জনাইছে ৷ এই নিৰ্দেশনা ১৯৫৫ চনৰ অত্যাৱশ্যকীয় সামগ্ৰী আইন বা ই এছ এম এত আধাৰত দিয়া হৈছে। 

Advertisment

Also Read: তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি আক্ৰমণ ইজৰাইলৰ

ভাৰতত এলপিজি গ্ৰাহকৰ সংখ্যা ৩৩০.৮ নিযুত। দেশত প্ৰতিদিনে ১৯৫ নিযুত ঘনমিটাৰ প্ৰাকৃতিক গেছ ব্যৱহাৰ কৰা হয়। এই গেছ ৰন্ধা-বঢ়া, সাৰ প্ৰস্তুত, বিদ্যুৎ উৎপাদন আৰু বাহন চলাবলৈ চিএনজি উৎপাদন আদিৰ বাবে ব্যৱহাৰ কৰা হয়।

Advertisment
Advertisment