Advertisment

তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি আক্ৰমণ ইজৰাইলৰ

শুকুৰবাৰে ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলে ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি একেলগে ৫০খন যুদ্ধ বিমানেৰে এই আক্ৰমণ কৰে।

 ৭ দিনে সংঘৰ্ষ অব্যাহত মধ্যপ্ৰাচ্যত Photograph: (NEP NEWS)
৭ দিনে সংঘৰ্ষ অব্যাহত মধ্যপ্ৰাচ্যত Photograph: (NEP NEWS)

৭ দিনে সংঘৰ্ষ অব্যাহত মধ্যপ্ৰাচ্যত 


তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি আক্ৰমণ ইজৰাইলৰ

শুকুৰবাৰে ইৰানৰ ৰাজধানী তেহৰানত ইজৰাইলে ক্ষেপণাস্ত্ৰৰে ভয়ংকৰ আক্ৰমণ কৰে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি তেহৰানৰ সামৰিক আৰু ভূগৰ্ভস্থ বাংকাৰক লক্ষ্য কৰি একেলগে ৫০খন যুদ্ধ বিমানেৰে এই আক্ৰমণ কৰে। যুদ্ধত নিহত ইৰানৰ সৰ্বোচ্চ নেতা আয়াতুল্লা আলী খামেনি নিৰাপদে থাকিবলৈ নিৰ্মাণ কৰা বাংকাৰত আক্ৰমণ কৰে ইজৰাইলে।

Advertisment

Also Read: গ্ৰেপ্তাৰ হ'ব নেকি বেঞ্জামিন নেতান্যাহু?

ইজৰাইলৰ বায়ুসেনাৰ চোৰাংচোৱা সংস্থা মোছাদৰ সহযোগত এই আক্ৰমণ চলোৱা বুলি খবৰ। ইজৰাইলে দাবী কৰিছে যে শুকুৰবাৰৰ এই আক্ৰমণ বিগত ৭ দিনৰ ভিতৰত আজিৰ আক্ৰমণ আটাইতকৈ শক্তিশালী আছিল। ইজৰাইলৰ দাবী খামেনি এই বাংকাৰত আশ্ৰয় লোৱাৰ আগতেই হত্যা কৰা হৈছিল। ইৰানৰ সৰ্বোচ্চ নেতাক বাংকাৰত আশ্ৰয় লোৱাৰ সুযোগো দিয়া নহ'ল। এইবাৰ ইজৰাইলৰ বায়ুসেনাই খামেনিৰ আটাইতকৈ নিৰাপদ স্থানক লক্ষ্য কৰি ধ্বংস কৰে। খামেনিৰ মৃত্যুৰ পিছত ইৰানৰ আন প্ৰশাসনিক আৰু সামৰিক নেতাসকলে এই আশ্ৰয় শিবিৰত আশ্ৰয় লৈছিল। সেই আশ্ৰয় শিবিৰকে লক্ষ্য কৰি আক্ৰমণ চলাই ইজৰাইলে।

Also Read: শুকুৰবাৰে ঘোষণা হ'ল UPSCৰ ফলাফল। ফলাফলত উজলিল অসমৰ তিনিগৰাকী সন্তান


ইজৰাইলৰ বায়ুসেনাই দাবী কৰে যে, তেহৰানত আছে অসংখ্য বাংকাৰ। অতি সুৰক্ষিত বাংকাৰবোৰ চিনাক্ত কৰা হৈছে। এইবাৰ তেওঁলোকক টাৰ্গেট কৰা হ'ব বুলি দাবী কৰে ইজৰাইলে। ইজৰাইলৰ চোৰাংচোৱা সংস্থাই দীৰ্ঘদিন ধৰি এই গোপন বাংকাৰসমূহৰ বিষয়ে জানিবলৈ কাম কৰি আহিছিল। অৱশেষত ইজৰাইলে সেই বাংকাৰবোৰ এটা এটাকৈ ধ্বংস কৰিবলৈ আৰম্ভ কৰিছে। শুকুৰবাৰে পুৱাৰে পৰা ইজৰাইলে তেহৰানত আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে। বিস্ফোৰণৰ শব্দত কঁপি উঠে তেহৰান। কেৰমানশ্বাহ ঘাটিত ক্ষেপণাস্ত্ৰৰে আক্ৰমণ চলাই ইজৰাইলে। ইজৰাইলৰ দাবী ইৰানৰ বায়ু প্ৰতিৰক্ষা ব্যৱস্থাৰ অধিকাংশ অংশ ধ্বংস কৰি পেলাইছে। ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে ইৰানৰ বিৰুদ্ধে আক্ৰমণ কৰি আহিছে।

Advertisment
Advertisment
Advertisment