Advertisment

ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যু

ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ খবৰ। ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত নিহত হয় আয়াতুল্লা আলী খামেনি। তেহৰানে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে খামেনিৰ মৃত্যুৰ খবৰ।

 ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যু Photograph: (DY365)
ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যু Photograph: (DY365)

ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণ


ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যু

ইৰান-ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত। ইৰান-ইজৰাইলৰ ভয়াৱহ যুদ্ধৰ মাজতে ডাঙৰ খবৰ। ইৰানৰ সৰ্বোচ্চ ধৰ্মীয় নেতা আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ খবৰ। ইজৰাইল আৰু আমেৰিকাৰ যৌথ আক্ৰমণত নিহত হয় আয়াতুল্লা আলী খামেনি। তেহৰানে আনুষ্ঠানিকভাৱে নিশ্চিত কৰিলে খামেনিৰ মৃত্যুৰ খবৰ। প্ৰথমে খামেনিৰ মৃত্যু হোৱাৰ দাবী কৰিছিল ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও সামাজিক মাধ্যমত প্ৰকাশ কৰিলে খামেনিৰ মৃত্যুৰ তথ্য। আয়াতুল্লা আলী খামেনিক সকলোতকৈ কুখ্যাত লোক বুলি অভিহিত কৰে ড'নাল্ড ট্ৰাম্পে। ইৰানৰ সশস্ত্ৰ বাহিনী ৰিভল্যুচনেৰী গাৰ্ডেও খামেনিইৰ মৃত্যুত শোক প্ৰকাশ কৰে। তেওঁলোকে লিখিছে, 'আমি এজন মহান নেতাক হেৰুৱাইছো। তেওঁ আছিল অনন্য'।

Advertisment

Also Read: পুনৰ ইৰান-ইজৰাইলৰ মাজত যুদ্ধৰ দামামা

আয়াতুল্লা আলী খামেনিৰ মৃত্যুত শোকাহত ইৰান। ইৰানৰ ৰাজধানী তেহৰানত শোকাকুল পৰিৱেশে বিৰাজ কৰে। ইৰানৰ ছুপ্ৰিম লীডাৰ খামেনিৰ মৃত্যুত ওলাই আহিছে বৃহৎসংখ্যক লোক। তেহৰানৰ এটা মছজিদতো কেইবাহাজাৰ লোক সমবেত হয়। ছুপ্ৰিম লীডাৰ আয়াতুল্লা আলী খামেনিৰ মৃত্যুত শোক প্ৰকাশ কৰে সকলোৱে। মছজিদত সমবেত লোকে একেলগে কৰিছে দোৱা-প্ৰাৰ্থনা। 

আয়াতুল্লা আলী খামেনিৰ মৃত্যুৰ পিছতে ঘোষণা কৰা হৈছে ইৰানৰ নতুন সৰ্বোচ্চ ধৰ্মীয় নেতাৰ নাম। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত খবৰ অনুসৰি খামেনিৰ পুত্ৰ ম’জটবাক খামেনি ইৰানৰ ছুপ্ৰিম লীডাৰ হিচাপে নিৰ্বাচিত।

বেঞ্জামিন নেতান্যাহুৱে সতৰ্কবাণী দি কয় যে, যেতিয়ালৈকে প্ৰয়োজন হয় তেতিয়ালৈকে ইৰানৰ ওপৰত আক্ৰমণ চলি থাকিব। 

Advertisment

উল্লেখ্য যে, শনিবাৰে পুৱাৰে পৰা ইৰানৰ ওপৰত ইজৰাইল আৰু আমেৰিকাই যৌথভাৱে চলাই আহিছে আক্ৰমণ। ইৰানত শান্তি প্রতিষ্ঠাৰ লক্ষ্যৰে এসপ্তাহ বোমাবর্ষণ চলি থাকিব বুলি ঘোষণা আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ। ইজৰাইল আৰু আমেৰিকান বাহিনীৰ যৌথ আক্ৰমণত ড্ৰোন আৰু ক্ষেপণাস্ত্ৰই তেহৰাণকে ধৰি ইৰানৰ ডাঙৰ ডাঙৰ চহৰত আঘাত হানে।

Advertisment
Advertisment