Assameseগ্ৰেপ্তাৰ হ'ব নেকি বেঞ্জামিন নেতান্যাহু?ইজৰাল-ইৰানৰ যুদ্ধৰ পিছতে বিপদত পৰিব নেকি বেঞ্জামিন নেতান্যাহু? হঠাৎ নেতান্যাহুক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ড'নাল্ড ট্ৰাম্পে। কিয় ইজৰাইলৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি আহ্বান জনাইছে ট্ৰাম্পে? যুদ্ধৰ পিছতে জে'ল যাব লাগিব নেকি বেঞ্জামিন নেতান্যাহু?Bandita Saikia Mar 06, 2026 19:58 ISTগ্ৰেপ্তাৰ হ'ব নেকি বেঞ্জামিন নেতান্যাহু?মধ্য প্ৰাচ্যৰ যুদ্ধ অব্যাহত। আমেৰিকা, ইজৰাইল, ইৰান যুদ্ধৰ আজি সপ্তম দিন। কিন্তু এই যুদ্ধই বাৰে বাৰে চিন্তাত পেলাইছে আমেৰিকাক। ইজৰাইল-ইৰানৰ যুদ্ধৰ পিছতে বিপদত পৰিব নেকি বেঞ্জামিন নেতান্যাহু? পিছে হঠাৎ নেতান্যাহুক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ড'নাল্ড ট্ৰাম্পে। কিয় ইজৰাইলৰ ৰাষ্ট্ৰপতিলৈ পত্ৰ লিখি আহ্বান জনাইছে ট্ৰাম্পে? যুদ্ধৰ পিছতে জে'ল যাব লাগিব নেকি বেঞ্জামিন নেতান্যাহু? ইজৰাইল-ইৰানৰ যুদ্ধ সমাপ্ত হোৱাৰ পিছতে নেতান্যাহু জে'ল যোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছে।AdvertismentAlso Read: শুকুৰবাৰে ঘোষণা হ'ল UPSCৰ ফলাফল। ফলাফলত উজলিল অসমৰ তিনিগৰাকী সন্তানআচলতে ২০২০ৰ পৰা নেতান্যাহুৱে এক ভ্ৰষ্টাচাৰৰ গোচৰৰ সন্মুখীন হৈছে। যি গোচৰৰ ফলত যুদ্ধ সমাপ্ত হ'লেই যিকোনো মুহূৰ্তত ৰঙা ঘৰৰ আলহী হ'ব পাৰে ইজৰাইলৰ প্ৰধানমন্ত্ৰী নেতান্যাহু। কিন্তু এফালে নেতান্যাহু জে'ল যাত্ৰাক লৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে। ট্ৰাম্পে কৈছে, 'নেতান্যাহুক এই গোচৰৰ পৰা শীঘ্ৰেই ৰেহাই দিব লাগে'। যাতে নেতান্যাহুয়ে ইৰানৰ বিৰুদ্ধে যুদ্ধত মনোযোগ দিব পাৰে সেই বাবে ৰেহাই দিয়াৰ কথা উল্লেখ কৰিলে ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে।Also Read: ১৬ বছৰৰ তলৰ শিশু-কিশোৰৰ বাবে নিষিদ্ধ সামাজিক মাধ্যম!সমান্তৰালভাৱে প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে দুৰ্নীতিৰ গোচৰ চলোৱাতো ষড়যন্ত্ৰ আখ্যা, এই অভিযোগ ট্ৰাম্পৰ। নেতান্যাহুক ৰেহাই প্ৰদান কৰিবলৈ ৫বাৰকৈ পত্ৰ লিখিছে ড'নাল্ড ট্ৰাম্পে। ইজৰাইলৰ ৰাষ্ট্ৰপতি Isaac Herzogক পত্ৰৰ যোগে জনাইছে ৰেহাইৰ আহ্বান। ট্ৰাম্পৰ পত্ৰক সঁহাৰি জনাই ৰাষ্ট্ৰপতি হাৰ্জগে ক্ষমা কৰা হ'ব বুলিও দিছে প্ৰতিশ্ৰুতি। অৱশ্যে ইজৰাইলৰ এজন জ্যেষ্ঠ বিষয়াই ট্ৰাম্পৰ এই দাবীক মিছা বুলি খাৰিজ কৰিছে। বিষয়াগৰাকীৰ দাবী, 'হাৰ্জগে কেতিয়াও ক্ষমাৰ প্ৰতিশ্ৰুতি দিয়া নাছিল'। 'হাৰ্জগে এই আবেদন আইনী প্ৰক্ৰিয়া অনুসৰি বিবেচনা কৰিব'। Advertisment Read More AdvertismentAdvertisment Read the Next Article