Advertisment

যুদ্ধৰ মাজতেই ক্ষমা খুজিলে ইৰানে। আক্ৰমণ নকৰাৰ সিদ্ধান্তত উপনীত ইৰান!

ইজৰাইল-ইৰানৰ যুদ্ধ চলি থকাৰ মাজতে ইৰানে ল'লে ডাঙৰ সিদ্ধান্ত। আক্ৰমণ-প্ৰত্যাক্ৰণৰ মাজতে প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰানে। চুবুৰীয়া দেশসমূহক ইৰানে আক্ৰমণ নকৰাৰ দিলে প্ৰতিশ্ৰুতি। প্ৰতিবেশী ৰাষ্ট্ৰই ইৰানক আক্ৰমণ নকৰিলে ইৰানেও নকৰে আক্ৰমণ।

 যুদ্ধৰ মাজতেই ক্ষমা খুজিলে ইৰানে। আক্ৰমণ নকৰাৰ সিদ্ধান্তত উপনীত ইৰান!

যুদ্ধৰ মাজতেই ক্ষমা খুজিলে ইৰানে
আক্ৰমণ নকৰাৰ সিদ্ধান্তত উপনীত ইৰান! 

মধ্য প্ৰাচ্যৰ যুদ্ধ অব্যাহত। আমেৰিকা, ইজৰাইল, ইৰানৰ যুদ্ধৰ আজি অষ্টমটো দিন। মধ্য প্ৰাচ্যৰ যুদ্ধই বিশ্বৰ অৰ্থনীতিত পেলাবলৈ লৈছে প্ৰভাৱ। খাৰুৱা তেল বৰ্তমান হৈ পৰিছে যুদ্ধৰ চালিকা শক্তি। ৭ দিনীয়া যুদ্ধত অচলাৱস্থা বিশ্বৰ অৰ্থনৈতিক ব্যৱস্থা। বিশ্বৰ বাণিজ্যিক বজাৰত মধ্য প্ৰাচ্যৰ যুদ্ধই লগালে খেলিমেলি।  এফালে ইজৰাইল-ইৰানৰ যুদ্ধ চলি থকাৰ মাজতে ইৰানে ল'লে ডাঙৰ সিদ্ধান্ত। আক্ৰমণ-প্ৰত্যাক্ৰণৰ মাজতে প্ৰতিবেশী ৰাষ্ট্ৰক ক্ষমা বিচাৰিলে ইৰানে। চুবুৰীয়া দেশসমূহক ইৰানে আক্ৰমণ নকৰাৰ দিলে প্ৰতিশ্ৰুতি। 

Advertisment

Also Read: ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!


প্ৰতিবেশী ৰাষ্ট্ৰই ইৰানক আক্ৰমণ নকৰিলে ইৰানেও নকৰে আক্ৰমণ। ইৰানৰ অন্তৱৰ্তীকালীন নেতৃত্ব পৰিষদে কৰিলে এই ঘোষণা। ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানে কয়, 'আমাক আক্ৰমণ নকৰিলে আমিও নকৰো'। ইৰানৰ ৰাষ্ট্ৰপতি মাছুদ পেজেছকিয়ানৰ মন্তব্য অনুসৰি ইৰানে চুবুৰীয়া দেশসমূহক আৰু লক্ষ্য কৰি লোৱা নহ’ব যদিহে প্ৰতিবেশী ৰাষ্ট্ৰসমূহে আক্ৰমণ নকৰে। 'আমাৰ আন দেশ সমূহক আক্ৰমণ কৰাৰ কোনো উদেশ্য নাই'। এই কথাও উল্লেখ কৰিলে ইৰানৰ ৰাষ্ট্ৰপতিগৰাকীয়ে।  সমান্তৰালভাৱে  আঞ্চলিক উত্তেজনা বৃদ্ধি কৰা আক্ৰমণৰ বাবে ক্ষমা বিচাৰিছে ইৰানে। অৱশ্যে ইয়াৰ মাজতে কাটাৰত সংঘটিত হয় ভয়ংকৰ বোমা বিস্ফোৰণ। আনহাতে ৮ দিনে কৰা আক্ৰমণৰ ফলত অঞ্চলসমূহত সৃষ্টি হোৱা উত্তেজনাৰ কথা স্বীকাৰ কৰি ৰাষ্ট্ৰপতিগৰাকীয়ে বিগত কিছুদিনত সংঘটিত হোৱা আক্ৰমণৰ বাবে চুবুৰীয়া দেশৰ ওচৰত ক্ষমা বিচাৰিছে। ইৰানৰ সংবাদ মাধ্যমে প্ৰকাশ কৰা মতে পেজেছকিয়ানে উল্লেখ কৰে, যে দেশখনৰ অন্তৱৰ্তীকালীন নেতৃত্ব পৰিষদে এদিন পূৰ্বে এই সিদ্ধান্তত অনুমোদন জনাইছে। নতুন নীতিৰ অধীনত ইৰান আক্ৰমণৰ পৰা বিৰত থাকিব যেতিয়ালৈকে চুবুৰীয়া ৰাষ্ট্ৰসমূহে কোনোধৰণৰ আক্ৰমণ নকৰে।  

Advertisment
Advertisment