Assameseবৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’বঅসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে উত্তীৰ্ণ হোৱাৰ ন্যূনতম নম্বৰৰ মান বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। এতিয়াৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত উত্তীৰ্ণ হ’বলৈ হ'লে ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব। Estafur Rahman Mar 07, 2026 17:05 ISTPhotograph: (dy365)বৃদ্ধি কৰা হ’ল HS প্ৰথম বৰ্ষৰ উত্তীৰ্ণৰ নম্বৰ, এতিয়াৰে পৰা ৩০ শতাংশ পালেই নহ’বAdvertismentAlso Read....ৰাজীৱ ভৱনত সেৱা লৈ কংগ্ৰেছ দল এৰিলে ৰাতুল কলিতাই!অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে (ASSEB) উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ শিক্ষাৰ্থীসকলৰ বাবে উত্তীৰ্ণ হোৱাৰ ন্যূনতম নম্বৰৰ মান বৃদ্ধি কৰাৰ সিদ্ধান্ত ইতিমধ্যে গ্ৰহণ কৰিছে। ২ মাৰ্চত পৰিষদে জাৰি কৰা নতুন নির্দেশনা অনুসৰি, এতিয়াৰ পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষত উত্তীৰ্ণ হ’বলৈ হ'লে শিক্ষাৰ্থীসকলে ন্যূনতম ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব। আগতে উত্তীৰ্ণ হোৱাৰ বাবে ন্যূনতম নম্বৰ আছিল ৩০ শতাংশ। পৰিষদৰ নতুন শৈক্ষিক গাইডলাইন অনুসৰি শিক্ষাৰ মান উন্নত কৰাৰ লক্ষ্যৰে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। শিক্ষা পৰিষদে স্পষ্ট কৰি কয় যে, এই নতুন নিয়মসমূহ আগন্তুক শৈক্ষিক বৰ্ষৰ পৰাই কার্যকৰী হ’ব। Also Read...CAAৰ জৰিয়তে পুনৰ ভাৰতীয় নাগৰিকত্ব লাভ কৰিলে এগৰাকী মহিলাইএতিয়াৰে পৰা উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ পৰীক্ষাত উত্তীৰ্ণ হ’বলৈ হ'লে প্ৰতিটো বিষয়তে শিক্ষাৰ্থীসকলে কমেও ৩৩ শতাংশ নম্বৰ লাভ কৰিব লাগিব। দেশৰ বিভিন্ন শিক্ষা পৰিষদ আৰু বিশ্ববিদ্যালয়সমূহত উত্তীৰ্ণ হোৱাৰ ন্যূনতম নম্বৰ সাধাৰণতে ৩৩ শতাংশ ধৰা হয়। সেই অনুসৰিয়েই অসমতো এই মান প্ৰয়োগ কৰাৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি ধাৰণা কৰা হৈছে।Also Read...দেশজুৰি বৃদ্ধি পালে LPG চিলিণ্ডাৰৰ মূল্য, কিমান বাঢ়িল ঘৰুৱা আৰু বাণিজ্যিক চিলিণ্ডাৰৰ দাম?Advertismentপৰিষদৰ এই নতুন সিদ্ধান্ত সন্দৰ্ভত শিক্ষাৰ্থী আৰু অভিভাৱকসকলৰ মাজত এতিয়া মিশ্ৰিত প্ৰতিক্ৰিয়া দেখা পোৱা গৈছে। একাংশই এই সিদ্ধান্তক শিক্ষাৰ মান উন্নত কৰাৰ ক্ষেত্ৰত ইতিবাচক পদক্ষেপ বুলি উল্লেখ কৰিছে যদিও আন একাংশই কয় যে এই সিদ্ধান্তৰ ফলত শিক্ষাৰ্থীসকলৰ ওপৰত কিছু চাপ বৃদ্ধি হ’ব পাৰে। তথাপি, শিক্ষা পৰিষদে স্পষ্ট কৰি দিছে যে শিক্ষাৰ মান উন্নত কৰা আৰু শিক্ষাৰ্থীসকলক অধিক দক্ষ কৰি তোলাই এই সিদ্ধান্তৰ মুখ্য উদ্দেশ্য। Read More AdvertismentAdvertisment Read the Next Article