Advertisment

ইন্দোৰত অষ্ট্ৰেলিয়ান মহিলা ক্ৰিকেটাৰৰ সৈতে দুৰ্বৃত্তৰ ভয়ংকৰ কাণ্ড

ইন্দোৰত অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলৰ দুই খেলুৱৈক নিৰ্যাতন দুৰ্বৃত্তৰ। CCTVৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে ইতিমধ্যে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আকীল খান নামৰ দুৰ্বৃত্তটোক। কেফেলৈ গৈ থকা অৱস্থাতে সংঘটিত হৈছিল এই লজ্জাজনক ঘটনা। 

ইন্দোৰত বিশ্বকাপ খেলিবলৈ অহা অষ্ট্ৰেলিয়া মহিলা ক্ৰিকেট দলটোৰ দুই খেলুৱৈক নিৰ্যাতন চলাই গ্ৰেপ্তাৰ হ’ল এটা দুৰ্বৃত্ত। CCTVৰ ফুটেজৰ ভিত্তিত আৰক্ষীয়ে শনিবাৰে গ্ৰেপ্তাৰ কৰে আকীল খান নামৰ এটা দুৰ্বৃত্তক। শনিবাৰে ইন্দোৰত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলত নমা অষ্ট্ৰেলিয়াৰ দলটোৰ দুগৰাকী খেলুৱৈ বৃহস্পতিবাৰে হোটেলৰ পৰা ওলাই আহিছিল কিছু নিলগৰ এখন কেফেলৈ। তেনে সময়তে খাজৰাণা পথেৰে খোজকাঢ়ি কেফেলৈ গৈ থকা অৱস্থাত বাইকত অহা দুৰ্বৃত্তই দুয়ো গৰাকী ক্ৰিকেটাৰকে কৰে অশালীন ব্যৱহাৰ। এই লজ্জাজনক ঘটনাৰ পিচতে সমগ্ৰ বিষয় সন্দৰ্ভত অষ্ট্ৰেলিয়াৰ দলটোৰ মেনেজমেণ্টে স্থানীয় আৰক্ষী থানাত এজাহাৰ দাখিল কৰে। এজাহাৰ দাখিল কৰাৰ পিছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে আকীল খান নামৰ এটা দুৰ্বৃত্তক। ইপিনে বিজেপিশাসিত মধ্যপ্ৰদেশত অষ্ট্ৰেলিয়াৰ দুগৰাকীকৈ মহিলা খেলুৱৈক নিৰ্যাতন চলোৱা ঘটনাক লৈ এতিয়া একপ্ৰকাৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে। 

ইন্দোৰত অষ্ট্ৰেলিয়াৰ দুগৰাকী মহিলা ক্ৰিকেটাৰৰ সৈতে সংঘটিত হোৱা নিৰ্যাতনৰ ঘটনাক লৈ দুখ প্ৰকাশ ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডৰ উপ-সভাপতি ৰাজীৱ শুক্লাৰ। ঘটনা সন্দৰ্ভত ৰাজীৱ শুক্লাই কয়, "এয়া অতি লজ্জাজনক ঘটনা। এনে ঘটনা কোনেও কল্পনা কৰিব নোৱাৰা আৰু কাৰো লগতে এনেকুৱা ধৰণৰ ঘটনা হ'ব নালাগে। আইচিচি মহিলা এদিনীয়া বিশ্বকাপৰ সময়ত সকলো আলহী দলৰ বাবে ইতিমধ্যে এক শক্তিশালী নিৰাপত্তা ব্যৱস্থা কৰা হৈছে আৰু আমি ইয়াক আৰু অধিক শক্তিশালী কৰিম যাতে এনেকুৱা ধৰণৰ ঘটনা পুনৰ সংঘটিত নহয়। আৰক্ষীয়ে ইতিমধ্যে অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে, আৰু আমি নিশ্চিত যে আইনে অভিযুক্তৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।"শেষত ৰাজীৱ শুক্লাই কয় - আমি নিশ্চিত যে বিশ্বকাপৰ বাকী থকা মেচসমূহ সুচাৰুৰূপে আৰু নিৰাপদে অনুষ্ঠিত হ’ব ৷

Advertisment
Advertisment