Advertisment

অভিশপ্ত ৮ ছেপ্টেম্বৰ, ৪টা বছৰ পাৰ কৰিলে নিমাতী ঘাটৰ ফেৰী দুৰ্ঘটনাই

ফেৰী দুখনৰ সংঘৰ্ষৰ পিছতেই ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণৰ মমতাত জঁপিয়াই সাতুৰি জীৱন ৰক্ষা কৰিছিল বহু যাত্ৰীয়ে। কিন্তু নিজক বচাব নোৱাৰি বৰলুইতৰ বুকুত ডুব গৈছিল তিনিজনকৈ যাত্ৰী৷

 Photograph: (file photo)
Photograph: (file photo)

২০২১ চনৰ  ৮ ছেপ্টেম্বৰ, এই তাৰিখটো অসমবাসীৰ বাবে এটা অভিশপ্ত দিন। আজিৰ দিনটোতে সংঘটিত হৈছিল নিমাতীঘাটৰ ভয়ংকৰ ফেৰী দুৰ্ঘটনা। বহুযাত্ৰীক লগত লৈ মা কমলা নামৰ ফেৰীখনে যাত্ৰা কৰিছিল নিমাতীঘাটৰ পৰা মাজুলীলৈ।

Advertisment

যাত্ৰাৰ কেইটামান মূহুৰ্তৰ পিছতেই ভৰা ব্ৰহ্মপুত্ৰত এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হৈছিল মা কমলা নামৰ ফেৰীখন। দুখন ফেৰীৰ মুখামুখি সংঘৰ্ষত চূৰ্ণ-বিচুৰ্ণ হৈ ডুব গৈছিল মা কমলা নামৰ ফেৰীখন। নিমাতীৰ এই দুৰ্ঘটনাই আজিও মাজুলীবাসীৰ বুকু কঁপাই তোলে। পানীত পৰা যাত্ৰীসকলক উদ্ধাৰ কৰা সেই দৃশ্যই আজিও বুকু কঁপাই তোলে বহুতৰ। শতাধিক যাত্ৰীৰ লগতে দুচকীয়া আৰু চাৰিচকীয়া বাহন আছিল দুৰ্ঘটনাত পতিত হোৱা দুয়োখন ফেৰীতে।

ফেৰী দুখনৰ সংঘৰ্ষৰ পিছতেই ভৰা ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰাণৰ মমতাত জঁপিয়াই সাতুৰি জীৱন ৰক্ষা কৰিছিল বহু যাত্ৰীয়ে। কিন্তু নিজক বচাব নোৱাৰি বৰলুইতৰ বুকুত ডুব গৈছিল তিনিজনকৈ যাত্ৰী৷ এই শোকাৱহ ফেৰী দুৰ্ঘটনাই প্ৰাণ লৈছিল অধ্যাপিকা পৰিমিতা দাস, চিকিৎসক বিক্ৰম জিত বৰুৱা আৰু শিক্ষক ইন্দেশ্বৰ বৰাৰ। বৰ লুইতৰ বুকুত সেইদিনা শুনিবলৈ পোৱা গৈছিল জীৱন বিচাৰি বহুতৰে আৰ্তনাদ। 

ইফালে, দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত ফেৰীঘাট সমূহ উন্নয়নৰ বাবে চৰকাৰে বহু আঁ‌চনি ঘোষণা কৰিছিল কিন্তু সেইয়া যেন এতিয়াও অসাৰ। সেই ঘটনাৰ পিছতো কিন্তু কেইবাটাও দুৰ্ঘটনা সংঘটিত হৈছে ব্ৰহ্মপুত্ৰৰ বুকুত। মাজুলীবাসীয়ে আজিও দুৰ্যোগৰ মাজতে ফেৰীত যাত্ৰা কৰিব লগা হয়। ফেৰী আৰু ফেৰী ঘাটৰ অনুন্নতৰ বাবেই আজিও সামান্য পানীতে ফেৰী বন্ধ কৰে আভ্যন্তৰীণ জল পৰিবহন বিভাগে।

৪ বছৰৰ পিছতো নিমাতী ঘাটৰ দুৰ্ঘটনাক স্মৰণ কৰি শোকস্তদ্ধ অসমবাসী