Assameseহিমাচলত দুৰ্যোগ, অসমৰ পিছত অৰুণাচলৰো ৫ কোটি টকাৰ অনুদানপ্ৰাকৃতিক দুৰ্যোগত তচনচ হৈ পৰা হিমাচলক অসমৰ পিছত এইবাৰ সহায়ৰ হাত আগবঢ়ালে অৰুণাচল প্ৰদেশেও। অসম চৰকাৰে হিমাচলৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আগবঢ়োৱাৰ পিছত অৰুণাচল চৰকাৰেও আগবঢ়ালে সাহাৰ্য পুঁজি। Jyotiprasad Sarma Sep 11, 2025 22:39 ISTFile Photoসময় সলনি হৈছে। দুৰ্যোগৰ সময়ত কেৱল দিল্লীয়ে নহয় উত্তৰ-পূবেও এতিয়া সহযোগিতা, মানৱীয় সাহাৰ্যৰ বাবে থিয় দিছে হিমাচল প্ৰদেশৰ লগত। প্ৰাকৃতিক দুৰ্যোগত তচনচ হৈ পৰা হিমাচলক অসমৰ পিছত এইবাৰ সহায়ৰ হাত আগবঢ়ালে অৰুণাচল প্ৰদেশেও। অসম চৰকাৰে হিমাচলৰ দুৰ্যোগ ব্যৱস্থাপনাৰ বাবে ৫ কোটি টকাৰ অনুদান মুখ্যমন্ত্ৰী পুঁজিৰ পৰা আগবঢ়োৱাৰ পিছত অৰুণাচল চৰকাৰেও আগবঢ়ালে সাহাৰ্য পুঁজি। বুধবাৰে আনুষ্ঠানিকভাৱে এই কথা ঘোষণা কৰা অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে।Advertismentঅৰুণাচলৰ মুখ্যমন্ত্ৰী পুঁজিৰ পৰা ৫ কোটি টকাৰ অনুদান আগবঢ়োৱা হৈছে হিমাচল দুৰ্যোগ ব্যৱস্থাপনা পুঁজিলৈ। এই অনুদান আগবঢ়াই অৰুণাচলৰ মুখ্যমন্ত্ৰী খাণ্ডুৱে কয় যে, প্ৰাকৃতিক দুৰ্যোগে কোনো সীমাৰ কথা নাজানে। এনে সময়ত সহায়ৰ হাত আগবঢ়োৱাতো আমাৰ দায়িত্ব। সংকটত পৰা সহ নাগৰিকসকলৰ প্ৰতি সংহতি আৰু দায়বদ্ধতা প্ৰকাশ কৰি অৰুণাচল চৰকাৰে এই অনুদান আগবঢ়াইছে। অৰুণাচল চৰকাৰৰ এই ঘোষণাৰ এটা দিনৰ পূৰ্বে অসমৰ শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনে হিমাচলৰ মুখ্যমন্ত্ৰী সুখবিন্দৰ সিং সুখুক ৫ কোটি টকাৰ চেক প্ৰদান কৰে।ইফালে মঙলবাৰে প্ৰধানমন্ত্ৰী মোদীয়েও হিমাচলৰ দুৰ্যোগ পৰিস্থিতিৰ বুজ লৈ কেন্দ্ৰৰ সকলোধৰণৰ সহযোগিতাৰ আশ্বাস দিয়ে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীক। কেন্দ্ৰীয় কেবিনেটে হিমাচলৰ দুৰ্যোগ সাহাৰ্য হিচাপে আগবঢ়াইছে ১৫শ কোটি টকাৰ অনুদান। উল্লেখ যে বিগত জুন মাহৰ পৰা হিমাচলত হোৱা প্ৰাকৃতিক দুৰ্যোগত ৩৭০জন লোকে প্ৰাণ হেৰুৱাৰ বিপৰীতে ৪ হাজাৰ কোটি টকাতকৈ অধিক সম্পত্তি ক্ষতিগ্ৰস্ত হৈছে। ইয়াৰ ভিতৰত আছে ৰাজ্যখনৰ কেইবাটাও প্ৰধান ৰাষ্ট্ৰীয় ঘাইপথ আৰু ৰাজ্যিক ঘাইপথ। সমান্তৰালকৈ বান, ভূমিস্খলনত ঘৰ-বাৰী হেৰুৱাইছে শ শ পৰিয়ালে। Read the Next Article