Assameseনিজক পৰিষ্কাৰ কৰি আনক লেতেৰা কৰিলে কেনেকৈ হ'ব? দোকানীক পৌৰসভাই দিলে উচিত শিক্ষা।তিনিচুকীয়া চহৰত পৌৰসভাই দোকানীক দিলে উচিত শিক্ষা। ভদ্ৰতাৰ মুখা পিন্ধি একাংশ দোকানীক পৌৰসভাৰ দিয়া এই শিক্ষাই সভ্য সমাজকো দিছে চৰম লজ্জা। মূলত যেন কুকুৰ তেন টাঙোন বোলা আপ্তবাক্যশাৰীকে সাৰোগত কৰি ব্যৱস্থা ল'লে পৌৰসভাই।Naba Gogoi Sep 10, 2025 17:45 ISTআনলৈ শূল পুতি, নিজে মৰে ফুটি! দোকানীক এটা শিক্ষা দিলে পৌৰসভাই। তিনিচুকীয়া চহৰত পৌৰসভাই কৰা এটা ঘটনাই সকলোকে যোগাইছে হাঁহিৰ খুৰাক। কেৱল হাঁহিৰ খুৰাক যোগাৱাই নহয়, পৌৰসভাৰ এই কাৰ্যই দিছে সভ্য সমাজক চৰম লজ্জা। ভদ্ৰতাৰ মুখা পিন্ধি একাংশ দোকানীয়ে নিশাৰ আন্ধাৰত কৰে এনে কাম। সেই কাম হৈছে দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীয়ে প্ৰতিষ্ঠানখনৰ আবৰ্জনাসমূহ সন্ধিয়া পথৰ দাঁতিত পেলাইছিল। যি পথেপে অহৰহ বাটৰুৱাৰ যাত্ৰা চলে। চলে বাহন, চলে দিনটোৰ ব্যস্ততাৰে ভৰা কাম-কাজ। কিন্তু তেনে এটা ব্যস্ত বাট-পথ আবৰ্জনাৰে লেতেৰা কৰা দৃষ্টিকটু দৃশ্য চকু পৰিছিল তিনিচুকীয়া পৌৰসভাৰ কৰ্মচাৰীৰ। Advertismentইয়াৰ পাছতে তিনিচুকীয়া পৌৰসভাৰ তাৎক্ষণিক এক্সন। যেন কুকুৰ তেন টাঙোন বোলা আপ্তবাক্যশাৰীকে সাৰোগত কৰি ব্যৱস্থা ল'লে পৌৰসভাই। তিনিচুকীয়া পৌৰসভাই বুলড'জাৰেৰে তাতকৈ অধিক আবৰ্জনা উঠাই উক্ত প্ৰতিষ্ঠানখনৰ সন্মুখত পেলায় দিলে। পৰিৱেশ বিনষ্ট কৰা বা আবৰ্জনাৰে লেতেৰা কৰা দোকান বা ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰীক দিলে শিক্ষা।সমগ্ৰ ঘটনাটোৰ ভিডিঅ' বিয়পি পৰাৰ পাছতে চহৰবাসীক হাঁহিৰ খুৰাক দিয়াৰ লগতে চহৰখনক পৰিস্কাৰ কৰিবলৈ যেনে কৰ্ম তেনে ব্যৱস্থাই শিক্ষা দিবলৈ চেষ্টা কৰে পৌৰসভাই।উল্লেখ্য যে তিনিচুকীয়া পৌৰসভাই প্ৰতিখন ব্যৱসায়িক প্ৰতিষ্ঠানত ডাষ্টবিন ৰখাৰ লগতে আৰ্বজনা বাহিৰত নেপেলাবলৈ নিৰ্দেশ দিছিল। কিন্তু প্ৰশাসনৰ নীতি নিৰ্দেশনাক ভেঙুচালি কৰি বহু প্ৰতিষ্ঠানে কৰি আহিছে এনে নিৰ্লজ্জ কাণ্ড৷ যাৰ বাবে পৌৰসভাই এনে কাৰ্য কৰিবলৈ বাধ্য হৈ পৰিছে। এনে কৰ্ম-কাণ্ডৰ মাজতে তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি পুলক চেতিয়াই সকলোকে চহৰখন নিজৰ চহৰ বুলি ভাবি পৰিস্কাৰ-পৰিচ্ছন্নকৈ ৰাখিবলৈ আহ্বান জনাই। Read the Next Article