Advertisment

মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। অভয়বাণী বিধায়ক অখিল গগৈৰ

'মোক ৫ বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক, মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। মোৰ শাসনত মিঞাই মাৰ খাব নালাগে। নিৰ্বাচনৰ প্ৰাকক্ষণত মিঞাক এই অভয়বাণী বিধায়ক অখিল গগৈৰ।

 File Photo
File Photo

মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। অভয়বাণী বিধায়ক অখিল গগৈৰ

'মোক ৫ বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক, মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। মোৰ শাসনত মিঞাই মাৰ খাব নালাগে। নিৰ্বাচনৰ প্ৰাকক্ষণত মিঞাক এই অভয়বাণী বিধায়ক অখিল গগৈৰ।

Advertisment

Read More- কি কংগ্ৰেছ, কি বিজেপি? অসমৰ ৰাজনীতিত এতিয়া AIৰ ধুমুহা

'২৬ৰ নিৰ্বাচনৰ কাউণ্টডাউন আৰম্ভ। শাসক-বিৰোধী সকলো নিৰ্বাচনী ৰণলৈ সাজু হৈছে। তাৰ মাজতেই অদ্ভুত তথা বিতৰ্কিত মন্তব্যৰে বিশেষ চৰ্চাত আছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। এইবাৰ মিঞা ভোটাৰৰ মন জয় কৰাৰ চেষ্টা বিধায়ক অখিল গগৈৰ। মিঞাৰ ভোট লাভ কৰিবলৈ এইবাৰ মিঞাক অভয়বাণী অখিল গগৈৰ।

Read More- হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই নিৰ্বাচন খেলিবলৈ সাজু কংগ্ৰেছ নেত্ৰী

সংবাদ মাধ্যমৰ সম্মুখত মিঞা ভোটাৰত অভয়বাণী দি বিধায়ক অখিল গগৈয়ে কলে- 'মোক ৫ বছৰৰ বাবে ক্ষমতাত আহিবলৈ দিয়ক, মোক ৫ বছৰ গৃহ বিভাগ চলাবলৈ দিয়ক, তাৰ পাছত আৰু কোনেও মুছলমান বুলি মাৰ খাব নালাগে। মই মিঞাক মই ভয় মুক্ত অসম উপহাৰ দিম। সকলোৱে আত্মমৰ্যাদাৰে জীয়াই থাকিব পৰা এখন অসম মই প্ৰস্তুত কৰিম'। 

Read More- ভাইৰেল পত্ৰই লগাইছে তোলপাৰ! গোচৰ ৰুজু সৰ্বানন্দ সোণোৱালৰ

লগতে কংগ্ৰেছৰে মিত্ৰতা সন্দৰ্ভতো মন্তব্য বিধায়ক অখিল গগৈৰ। অখিল গগৈয়ে ক'লে- 'আমাৰ মাজত মিত্ৰতা ১০০ শতাংশই হ'ব'। আমাৰ সৈতে কংগ্ৰেছ দলৰ নেতৃত্বৰ মিত্ৰতাক লৈ ভিন্ন ধৰণৰ আলোচনা হৈছে। লগতে মই আশা কৰিম ৩১ জানুৱাৰীৰ ভিতৰত আমাৰ বিৰোধী দলবিলাকৰ মাজত মিত্ৰতা সমাপ্ত হওক। লগতে কংগ্ৰেছ দলক অনুৰোধ জনাই অখিল গগৈয়ে কলে- আমি যিমান সোনকালে পাৰো বিৰোধী দল বিলাকৰ মাজত মিত্ৰতা সম্পূৰ্ণ কৰিব লাগে। কোন সমষ্টিত কোনে নিৰ্বাচন খেলিব এই সিদ্ধান্ত সোনকালে লব লাগে। কাৰণ আমাৰ আসনসমূহ বিতৰণ হলেহে বিজেপিক পৰাস্ত কৰাটো সহজ হ'ব'।  

Read More- বিজেপিয়ে পালে কনিষ্ঠতম ৰাষ্ট্ৰীয় সভাপতি

সম্পূৰ্ণ   '৩১ জানুৱাৰীৰ ভিতৰত সম্পূৰ্ণ কৰক আসন বিতৰণ'। 'মই ভাৱো আৰু আশা কৰোঁ ১০০ শতাংশই মিত্ৰতা হ'ব'। 'কিন্তু আসন বিতৰণত অধিক পলম নকৰিব'। কংগ্ৰেছলৈ আহ্বান শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ।

Advertisment
Advertisment