Assameseশাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা আজি কোটিপতিভাগ্যই কেতিয়া কাৰ লগত খেল খেলিব সেয়া কোৱাটো বৰ টান! শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা নামৰ এজন ব্যক্তি আজি কোটিপতি। সঁচাকৈয়ে ভাগ্যই ৰজাক দৰিদ্ৰ আৰু দৰিদ্ৰক ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে।Mrinmoy Talukdar Nov 10, 2025 14:00 ISTFilephotoশাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা আজি কোটিপতিভাগ্যই কেতিয়া কাৰ লগত খেল খেলিব সেয়া কোৱাটো বৰ টান! শাক-পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া অমিত ছেহৰা নামৰ এজন ব্যক্তি আজি কোটিপতি। সঁচাকৈয়ে ভাগ্যই ৰজাক দৰিদ্ৰ আৰু দৰিদ্ৰক ৰজালৈ ৰূপান্তৰিত কৰিব পাৰে।Advertismentৰাজস্থানৰ জয়পুৰ জিলাৰ গোলাপী চহৰৰ বাসিন্দা অমিত ছেহৰাৰ জীৱন হঠাতে সলনি হৈছে। পঞ্জাৱ ষ্টেট লটাৰীৰ দীপাৱলী বাম্পাৰ ২০২৫ত ১১ কোটি টকাৰ প্ৰথম পুৰস্কাৰ জয়ী হৈছে অমিতে। অমিতে কোৱা অনুসৰি তেওঁ বন্ধু এজনৰ সৈতে মোগা ভ্ৰমণৰ সময়ত তেওঁ দুটা টিকট ক্ৰয় কৰিছিল। এটা টিকট তেওঁৰ নামত আৰু আনটো টিকট তেওৰ পত্নীৰ নামত। আমোদজনক কথাটো হ’ল এই টিকট দুটা ক্ৰয় কৰিবলৈ অমিতে এজন বন্ধুৰ পৰা এহেজাৰ টকা ধাৰলৈ লৈছিল। এতিয়া ৰাতিটোৰ ভিতৰতে কোটিপতি হৈ পৰা অমিত ছেহৰাই কয় যে ইমান বৃহৎ ধন লাভ কৰাটো তেওঁৰ বাবে এক সপোন বাস্তৱায়িত। তেওঁ স্পষ্ট কৰি দিয়ে যে এই ধন তেওঁ পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ব্যৱহাৰ কৰিব আৰু সন্তানৰ উপযুক্ত শিক্ষাৰ বাবে ব্যৱহাৰ কৰিব। আনহাতে লটাৰীৰ টিকট ক্ৰয় কৰিবলৈ টকা ধাৰলৈ দিয়া বন্ধু মুকেশকো ১ লাখ টকা দিব বুলিও অমিতে প্ৰকাশ কৰিছে। অমিত ছেহৰাই কয় যে বন্ধু মুকেশৰ ছোৱালীও মোৰ নিজৰ ছোৱালীৰ দৰেই। আনহাতে মুকেশে কয় যে, "মোৰ বন্ধু অমিতে মোক কৈছিল যে যদি তেওঁ লটাৰী জিকে তেনেহলে মোৰ ছোৱালীকেইজনীক ১ লাখ টকা দিব। আৰু এতিয়া তেওঁ নিজৰ প্ৰতিশ্ৰুতি পূৰণ কৰিছে। ভগৱানে সকলোকে অমিতৰ নিচিনা এজন বন্ধু দিয়ক।"AdvertismentAdvertisment Read the Next Article