Assameseসুধাকণ্ঠবিহীন ১৪টা বছৰ পাৰ কৰিলে অসমেসুধাকণ্ঠ ড০ ভূপেন হাজৰিকা বিহীন ১৪টা বছৰ পাৰ কৰিলে অসমে। আজিৰ পৰা ১৪ বছৰ পূৰ্বে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হস্পাতালৰ পৰা অসমলৈ আহিছিল এটি দুঃসম্বাদ। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু নাই বুলি অহা এই দুঃসম্বাদটোৱে আঘাত দিছিল প্ৰতিজন অসমীয়াক। Mrinmoy Talukdar Nov 05, 2025 12:58 ISTFILEPHOTO সুধাকণ্ঠবিহীন ১৪টা বছৰ পাৰ কৰিলে অসমেসুধাকণ্ঠ ড০ ভূপেন হাজৰিকা বিহীন ১৪টা বছৰ পাৰ কৰিলে অসমে। আজিৰ পৰা ১৪ বছৰ পূৰ্বে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হস্পাতালৰ পৰা অসমলৈ আহিছিল এটি দুঃসম্বাদ। সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকা আৰু নাই বুলি অহা এই দুঃসম্বাদটোৱে আঘাত দিছিল প্ৰতিজন অসমীয়াক। আজি বিশ্ববিশ্ৰুত শিল্পীগৰাকীৰ চতুৰ্দশ মৃত্যু দিৱসৰ দিনা অজস্ৰ গুণমুগ্ধই তেখেতক জনাইছে গভীৰ শ্ৰদ্ধাঞ্জলি। ‘‘মানুহে মানুহৰ বাবে...যদিহে অকণো নাভাৱে...’’ । প্ৰতিটো মূহূৰ্ত মানুহৰ বাবে ভৱা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ আজি চতুৰ্দশ মৃত্যুবাৰ্ষিকী। সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত সুধাকণ্ঠক স্মৰণ কৰি আয়োজন কৰা হৈছে বিশেষ অনুষ্ঠানৰ। জিলাই জিলাই ৰাজ্য চৰকাৰেও আয়োজন কৰিছে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। অসমীয়া জাতিক সমৃদ্ধ কৰি যুগ-যুগান্তৰলৈ সজাগ কৰি যোৱা সুধাকণ্ঠ ভূপেন হাজৰিকাৰ জাতিটোলৈ অৱদানক আজি স্মৰণ কৰিছে ৰাজ্যবাসীয়ে৷ Advertismentপ্ৰতিজন অসমীয়াৰ প্ৰাণত থকা, নিজৰ অনন্য সৃষ্টিৰাজিৰে অসম আৰু অসমীয়াক সমৃদ্ধ কৰা ভাৰতৰত্ন ভূপেন হাজৰিকাৰ ২০১১ চনৰ ৫ নৱেম্বৰ অৰ্থাত আজিৰ দিনটোতেই ৮৫ বছৰ বয়সত দেহাৱসান ঘটিছিল৷ মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানি হস্পাতালত ভূপেন হাজৰিকাৰ মহাপ্ৰয়াণৰ লগে লগে অসমৰ আকাশৰ পৰা খহি পৰিছিল এটা উজ্জ্বল জ্যোতিষ্ক। অসমৰ লগতে বিশ্বৰ ভিন্ন প্ৰান্তৰ অগনন গুনমুগ্ধক শোকসাগৰত পেলাই এই জীৱনৰ মায়া এৰি গৈছিল অসমীয়াৰ প্ৰাণৰ সুধাকণ্ঠই। সুধাকণ্ঠ নামেৰে পৰিচিত ভূপেন হাজৰিকাই অসম, পশ্চিমবংগ তথা ভাৰতৰ অন্যান্য প্ৰদেশৰ বাহিৰেও চুবুৰীয়া দেশ বাংলাদেশতো এগৰাকী জনপ্ৰিয় শিল্পীৰূপে খ্যাতি লাভ কৰিছিল। ড° হাজৰিকাক এগৰাকী বিশ্ব-নাগৰিক আৰু মানৱতাবাদী শিল্পী বুলি গণ্য কৰা হয়। অসমীয়া, বঙালী, হিন্দী, ইংৰাজী আদি বিভিন্ন ভাষাত তেখেতে সংগীত ৰচনা কৰিছিল আৰু কণ্ঠদান কৰিছিল। তেখেতৰ গীতত সমসাময়িক সমাজ, সংস্কৃতি, ৰাজনীতি, দুৰ্নীতি আদি স্পষ্টভাৱে প্ৰতিফলিত হোৱা দেখা যায়। তেখেতৰ কৰ্মৰাজিয়ে অসমৰ কলা-সংস্কৃতি জগতৰ উন্নয়ন সাধনৰ উপৰিও অসম তথা ভাৰতক বিশ্বদৰবাৰত প্ৰতিষ্ঠিত কৰাতো অৱদান আগবঢ়াই আহিছে। সাহিত্য- সংস্কৃতি ক্ষেত্ৰত অৱদান আগবঢ়োৱা বাবে ভূপেন হাজৰিকাক বহু সন্মানেৰে সন্মানিত কৰা হৈছিল। অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান অসম ৰত্ন লাভ কৰিছিল তেওঁ। ইয়াৰোপৰি হাজৰিকাই সংগীত নাটক অকাডেমী বঁটা, দাদা চাহেব ফাল্কে বঁটা আদি বহু সন্মান লাভ কৰিছিল। ২০১৯ চনত ভাৰত চৰকাৰে হাজৰিকাক মৰণোত্তৰভাৱে তেখতক প্ৰদান কৰিছিল "ভাৰত ৰত্ন" সন্মান।AdvertismentAdvertisment Read the Next Article