Advertisment

কৰ্তব্যৰত অৱস্থাতেই সীমান্তত কৰুণ মৃত্যু BSF জোৱানৰ

ভাৰত-বাংলাদেশ সীমান্তত সংঘটিত হৈছে এক কৰুণ ঘটনা। এইবাৰ কৰ্মৰত অৱস্থাতে মৃত্যুক আঁকোৱালি ললে ১২১নং বেটেলিয়নৰ এজন বি এছ এফ জোৱানে। সীমান্তত দেশবাাসীক পহৰা দি থকা অৱস্থাতেই বি এছ এফ জোৱানজনে মৃত্যুক আঁকোৱালি লোৱা ঘটনাক লৈ সকলো শোকত ম্ৰিয়মান হৈ পৰিছে। 

 FILEPHOTO

উল্লেখ্য যে ভাৰত-বাংলাদেশ সীমান্তত মৃত্যুক আঁকোৱালি লোৱা জোৱানজন হৈছে ৩৫ বছৰীয়া লালু মুৰ্মু। তথ্য অনুসৰি আজি পুৱা জোৱানজন অসুস্থ হৈ পৰাত তেওঁৰ সতীৰ্থসকলে ততাতৈয়াকৈ তেওঁক চিকিৎসাৰ বাবে ছাব্ৰুম মহকুমা চিকিৎসালয়ত ভৰ্তি কৰিছিল। কিন্তু পুৱা প্ৰায় ৭:২০ বজাত কৰ্তব্যৰত চিকিৎসকে বি এছ এফৰ জোৱানজনক মৃত বুলি ঘোষণা কৰে। 

প্ৰথম অৱস্থাত বিএছএফৰ জোৱানজনৰ হাৰ্ট এটেকত মৃত্যু হোৱা বুলি ধাৰণা কৰা হৈছে। অৱশ্যে বি এছ এফ জোৱানজনৰ মৃত্যুৰ সঠিক কাৰণ জানিবলৈ মৰণোত্তৰ পৰীক্ষাৰ নিৰ্দেশ দিয়া হৈছে। সম্প্ৰতি বি এছ এফ জোৱানজনৰ মৃতদেহ সবৰুম মহকুমা চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। ইতিমধ্যে চিকিৎসালয় কৰ্তৃপক্ষই এই ঘটনা সন্দৰ্ভত আৰক্ষীক অৱগত কৰিছে। বিএছএফৰ এজন জোৱানৰ আকস্মিক মৃত্যুত বিএছএফৰ সকলো জোৱানৰ মাজত গভীৰ শোকৰ ছাঁ পৰিছে।

ভাৰত-বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত কৰ্তব্যৰত অৱস্থাত বিএছএফৰ এজন জোৱানৰ মৃত্যুত সমগ্ৰ বিএছএফ জোৱানসকলৰ মাজত শোকৰ পৰিৱেশে বিৰাজ কৰিছে।