Advertisment

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত কংগ্ৰেছৰ IT CELL !

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ প্ৰয়াত মাতৃক লৈ AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত এতিয়া কংগ্ৰেছ আৰু কংগ্ৰেছৰ IT CELL। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাতৃক লৈ কংগ্ৰেছে আপলোড কৰা AI-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

 প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত কংগ্ৰেছৰ IT CELL !
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত কংগ্ৰেছৰ IT CELL !

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত কংগ্ৰেছৰ IT CELL !

Advertisment

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মোদীৰ প্ৰয়াত মাতৃক লৈ AI-জেনেৰেটেড ভিডিঅ’ প্ৰস্তুত কৰি বিপদত এতিয়া কংগ্ৰেছ আৰু কংগ্ৰেছৰ IT CELL। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মাতৃক লৈ কংগ্ৰেছে আপলোড কৰা AI-জেনেৰেটেড ভিডিঅ’ৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে। দিল্লীৰ নৰ্থ এভিনিউ থানাত বিজেপিয়ে দাখিল কৰা এজাহাৰৰ  ভিত্তিত গোচৰ ৰুজু কৰা হৈছে। FIRত কংগ্ৰেছ দল আৰু কংগ্ৰেছৰ IT CELLক মূল অভিযুক্ত হিচাপে উল্লেখ কৰা হৈছে।

দিল্লীৰ নৰ্থ এভিনিউ থানাত ইতিমধ্যে IPCৰ ৩১৮(২)/৩৩৬(৩)/৩৩৬(৪)/৩৪০(২)/৩৫২/৩৫৬(২)/৬১(২) ধাৰাত গোচৰ পঞ্জীয়ন কৰা হৈছে। ১০ ছেপ্টেম্বৰত বিহাৰ কংগ্ৰেছে এটা AI-জেনেৰেটেড ভিডিঅ’ পোষ্ট কৰিছিল। যিটো ভিডিঅ’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু তেওঁৰ প্ৰয়াত মাতৃক দেখা গৈছিল। কংগ্ৰেছে এই “ঘৃণনীয়” ভিডিঅ’টোৰে সকলো সীমা অতিক্ৰম কৰাৰ অভিযোগ উত্থাপন কৰি বিজেপিয়ে ইয়াক দেশৰ সকলো মাতৃ-ভগ্নীক অপমান বুলি অভিহিত কৰিছে।

বিজেপি দিল্লীৰ নিৰ্বাচনী কোষৰ আহ্বায়ক সংকেত গুপ্তাই ১২ ছেপ্টেম্বৰত দাখিল কৰা এজাহাৰত উল্লেখ কৰিছে যে ভাৰতীয় জাতীয় কংগ্ৰেছে ১০ ছেপ্টেম্বৰত নিজৰ চৰকাৰী ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্স (পূৰ্বৰ টুইটাৰ)ত এটা ডিপফেক/এআই জেনেৰেটেড ভিডিঅ’ প্ৰচাৰ কৰিছিল। যিটো ভাৰতৰ সৰ্বোচ্চ সাংবিধানিক প্ৰতিষ্ঠানক অপমান কৰা। নাৰীৰ মৰ্যাদা, বিশেষকৈ মাতৃত্বক লৈ কৰা ই উপহাস। ই গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ ওপৰত আক্ৰমণ আৰু সমাজত অশান্তি, ঘৃণা আৰু মিছা কথা বিয়পোৱাৰ প্ৰয়াস।

অভিযোগত উল্লেখ আছে যে এই ভিডিঅ’ৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৰু তেওঁৰ মাতৃৰ ভাৱমূৰ্তি বিকৃত কৰা হৈছে। নাৰীৰ সন্মান আৰু ত্যাগক অপমান কৰা হৈছে। ৰাজনৈতিক লাভালাভৰ বাবে ভুৱা সামগ্ৰী ব্যৱহাৰ কৰি জনসাধাৰণক বিপথে পৰিচালিত কৰা হৈছে। এই কাৰ্য্য কেৱল ব্যক্তিগত আক্ৰমণৰ ক্ষেত্ৰ নহয় বৰঞ্চ জাতিৰ নৈতিকতা আৰু গণতান্ত্ৰিক প্ৰতিষ্ঠানৰ বিৰুদ্ধে এক গুৰুতৰ অপৰাধ।

সংকেত গুপ্তাই শীঘ্ৰেই এই বিষয়টোক লৈ তদন্ত কৰি ভিডিঅ’টো ছ’চিয়েল মিডিয়া প্লেটফৰ্মৰ পৰা আঁতৰাই পেলাবলৈ অনুৰোধ জনায়। লগতে দোষীৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰি কঠোৰ শাস্তি প্ৰদান কৰিবলৈও আহ্বান জনায়।

Advertisment
Advertisment