Assameseভয়ংকৰ! হোষ্টেলত শুই থকা ছাত্ৰৰ চকুত লগাই দিলে Fevi Kwikওড়িশাৰ কান্ধমাল জিলাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হোষ্টেলত শুই থকা আঠজনকৈ ছাত্ৰৰ চকুত তেওঁলোকৰে এজন বন্ধুৱে ফেভিকুইক লগাই দিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। Mrinmoy Talukdar Sep 13, 2025 19:44 ISTFILEPHOTOভয়ংকৰ! হোষ্টেলত শুই থকা ছাত্ৰৰ চকুত লগাই দিলে Fevi Kwikওড়িশাৰ কান্ধমাল জিলাৰ এখন বিদ্যালয়ত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। হোষ্টেলত শুই থকা আঠজনকৈ ছাত্ৰৰ চকুত তেওঁলোকৰে এজন বন্ধুৱে ফেভিকুইক লগাই দিয়াৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। এই ঘটনাৰ পিছত আটাইকেইজন ছাত্ৰই চকু মেলিব পৰা নোৱাৰা এক অৱস্থাৰ সৃষ্টি হৈছিল। ইতিমধ্যেই বিদ্যালয়খনৰ অধ্যক্ষগৰাকীক নিলম্বন কৰি প্ৰশাসনে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ ৰাখিছে।Advertismentঘটনাটো কান্ধমাল জিলাৰ ফিৰিঙিয়া ব্লকৰ ছালাগুদাত অৱস্থিত এখন সেৱাশ্ৰম বিদ্যালয়ৰ। শুই থকা অৱস্থাত ৮ জনকৈ ছাত্ৰৰ চকুত ফেভিকুইক লগাই দিয়াৰ ফলত চকু দুটা জ্বলিবলৈ ধৰাত ছাত্ৰ-ছাত্ৰীসকলে ইফালে সিফালে দৌৰিবলৈ ধৰিলে। দৌৰা-দৌৰিৰ ফলত ছাত্ৰকেইজন গুৰুতৰভাৱে আহত হৈছে।ঘটনাৰ পাছতে আটাইকেইজন ছাত্ৰকে ততাতৈয়াকৈ ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে তেওঁলোকক ফুলবানীৰ জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। সম্প্ৰতি ৭ গৰাকী ছাত্ৰ-ছাত্ৰীক চিকিৎসালয়ত ভৰ্তি কৰোৱাৰ বিপৰীতে এজনৰ অৱস্থা উন্নত হোৱাৰ পিছত তেওঁক ঘৰলৈ যাবলৈ দিয়া হৈছে।চিকিৎসকৰ মতে শিশুকেইটাৰ চকুৰ কিছুপৰিমানে ক্ষতি হৈছে যদিও সময়োপযোগী চিকিৎসাৰ বাবেই তেওঁলোক গুৰুতৰ পৰিণতিৰ পৰা ৰক্ষা পৰিছে। অৱশ্যে ছাত্ৰকেইজন আৰু কেইদিনমান চিকিৎসকৰ পৰ্যবেক্ষণত থাকিব লাগিব।এই ঘটনা সংঘটিত হোৱাৰ পিছতে জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে। বিদ্যালয়খনৰ প্ৰধান শিক্ষক মনোৰঞ্জন সাহুক তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ নিলম্বন কৰা হৈছে। ঘটনাৰ সময়ত বিদ্যালয়খনত উপস্থিত নাছিল প্ৰধান শিক্ষকগৰাকী। সেই সময়ত হোষ্টেলত উপস্থিত থকা ৱাৰ্ডেন আৰু অধীক্ষকৰ দৰে দায়িত্বশীল বিষয়াসকলে কি কৰিছিল আৰু কেনেদৰে গাফিলতি সংঘটিত হৈছিল সেই বিষয়ে এতিয়া প্ৰশাসনে তদন্ত আৰম্ভ কৰিছে।বৰ্তমান এইটোও তদন্তৰ বিষয় যে ছাত্ৰ-ছাত্ৰীসকলে ফেভিকুইক ক’ৰ পৰা পাইছিল, আৰু এই কাৰ্য্যৰ আঁৰত তেওঁলোকৰ উদ্দেশ্য কি আছিল। এই ঘটনাই ৰাইজৰ মাজত গভীৰ উদ্বেগ আৰু ক্ষোভৰ সৃষ্টি কৰিছ। Read the Next Article