Advertisment

১০ ছেপ্টেম্বৰত ছুপাৰ-ডুপাৰ ফ্লপ হ’ব মুখ্যমন্ত্ৰী!

১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সবিশেষ জনাব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি অহা দিনটোলৈ মাজত এটা দিন থকাৰ সময়তে গৌৰৱ গগৈয়ে পুনৰ ক’লে ছুপাৰ-ডুপাৰ ফ্লপ হ’ব হিমন্ত বিশ্ব শৰ্মা।

মাজত মাথোঁ আৰু এটা দিন। ১০ ছেপ্টেম্বৰত গৌৰৱ গগৈৰ বিৰুদ্ধে মুখ খুলিব মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

Advertisment

প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা লোকসভাত বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত সবিশেষ জনাব মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰি অহা দিনটোলৈ মাজত এটা দিন থকাৰ সময়তে গৌৰৱ গগৈয়ে পুনৰ ক’লে ছুপাৰ-ডুপাৰ ফ্লপ হ’ব হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰীৰ চিনেমা ফ্লপ হ’ব বুলি পুনৰ মন্তব্য APCCৰ সভাপতি গৌৰৱ গগৈৰ।

ইমানদিনে অসম আৰক্ষীক মুখ্যমন্ত্ৰীয়ে অপ-ব্যৱহাৰ কৰা বুলিও দাবী গৌৰৱ গগৈৰ।  ১০ ছেপ্টেম্বৰক লৈ মুখ্যমন্ত্ৰীক আগতীয়া সমবেদনা জনালে গৌৰৱ গগৈৰ। গৌৰৱৰ মতে ১০ ছেপ্টেম্বৰত ছুপাৰ-ডুপাৰ ফ্লপ হ’ব মুখ্যমন্ত্ৰী। সাংসদ গৌৰৱ গগৈৰ পাকিস্তান লিংক সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ১০ ছেপ্টেম্বৰত বিস্ফোৰণ ঘটাব বুলি উল্লেখ কৰি অহাৰ বিপৰীতে সাংবাদিকৰ আগত পুনৰবাৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে কঠোৰ লোকসভাত বিৰোধীৰ উপ দলপতি গৌৰৱ গগৈ। ১০ ছেপ্টেম্বৰৰ পিছত অসমৰ মানুহে মুখ্যমন্ত্ৰীক হাঁহিব বুলি ক’লে গৌৰৱ গগৈয়ে।

ইফালে ২০২৬ত অসমত কংগ্ৰেছে চৰকাৰ গঠন কৰাতো নিশ্চিত বুলি ক’লে গৌৰৱ গগৈয়ে। কেৱল নিশ্চিতিয়ে নহয় প্ৰতিশ্ৰুতিয়ো দিলে গৌৰৱ গগৈয়ে। চৰকাৰ গঠন কৰি কি কি কৰিব সেয়াও ক’লে গৌৰৱ গগৈয়ে। নাগৰিকত্ব সংশোধনী আইনক লৈয়ো বিজেপিক সমালোচনা গৌৰৱ গগৈৰ। পশ্চিমবংগত ভোটৰ স্বাৰ্থত CAA সৃষ্টি কৰিছে বিজেপিয়ে। অসমত চৰকাৰে অস্থিৰতাৰ সৃষ্টি কৰিছে। এনে ৰাজনীতি হ’বলৈ নিদিয়াৰ হুংকাৰ গৌৰৱৰ। ইফালে, ভোট চুৰিৰ প্ৰসংগত বিজেপিৰ বিৰুদ্ধে পুনৰ সৰৱ হ’ল গৌৰৱ গগৈ। গৌৰৱ গগৈৰ মতে বিজেপি চৰকাৰে মাথোঁ আঁচনি চুৰি কৰে।