Advertisment

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত টীম ইণ্ডিয়া

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মুখঠেকেচা টীম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপৰ সম্মুখত তিষ্ঠিব নোৱাৰি পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। 

 FilePhoto
FilePhoto

আৰম্ভণি সুখকৰ নহ'ল গিলৰ! অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটত পৰাস্ত টীম ইণ্ডিয়া 

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত মুখঠেকেচা টীম ইণ্ডিয়াৰ। অষ্ট্ৰেলিয়াৰ শক্তিশালী বলিং লাইনআপৰ সম্মুখত তিষ্ঠিব নোৱাৰিলে ৰোহিত শৰ্মা, শুভমন গিল, বিৰাট কোহলী আৰু শ্ৰেয়াছ আয়াৰে। একপ্ৰকাৰ পাৰ্থত চুপাৰ ফ্ল'প টীম ইণ্ডিয়াৰ টপ অৰ্ডাৰ। 

Advertisment


অধিনায়ক হিচাপে এদিনীয়া ক্ৰিকেটত আৰম্ভণি সুখকৰ নহ'ল শুভমন গিলৰ। পাৰ্থত ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত বহুপ্ৰত্যাশিত প্ৰথমখন এদিনীয়াত অষ্ট্ৰেলিয়াৰ হাতত ৭ উইকেটৰ ব্যৱধানত পৰাস্ত টীম ইণ্ডিয়া। বৰষুণে বিধিপথালি জন্মোৱা বাবে খেলখন খেলখন ২৬ অভাৰলৈ হ্ৰাস কৰা হৈছিল। প্ৰথমে বেটিং কৰি টীম ইণ্ডিয়াই ২৬ অভাৰত ৯ উইকেট হেৰুৱাই  ১৩৬ ৰান সংগ্ৰহ কৰে। সুদীৰ্ঘ ২২৩ দিনৰ অন্তত ২২ গজলৈ প্ৰত্যাৱৰ্তন হোৱা ৰোহিত শৰ্মা আৰু বিৰাট কোহলী চূড়ান্তৰূপে ফ্ল'প হয়। ৰোহিত শৰ্মাই ৮ ৰান কৰি আউট হোৱাৰ লগতে বিৰাট কোহলীয়ে শূণ্য ৰানতে পেভিলিয়নমুখী হয়। ব্যৰ্থ হয় শুভমন গিল (১০) আৰু শ্ৰেয়াছ আয়াৰ (১১)। এটা সময়ত টীম ইণ্ডিয়াই ৪৫ ৰানতে ৪টা উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও কে এল ৰাহুল আৰু অক্ষৰ পেটেলে টীম ইণ্ডিয়াক এক সন্মানজনক লক্ষ্যত উপনীত কৰায়। কে এল ৰাহুলে ৩৮ আৰু  অক্ষৰ পেটেলে ৩১ ৰান সংগ্ৰহ কৰে। অষ্ট্ৰেলিয়াৰ হৈ জ'ছ হেজলউড, মিচেল ওৱেন, আৰু মেথিউ কুহনেমেনে ২টাকৈ উইকেট দখল কৰাৰ লগতে মিচেল ষ্টাৰ্ক আৰু নাথান এলিছে ১টাকৈ উইকেট দখল কৰে।

প্ৰত্যুত্তৰত টীম ইণ্ডিয়াই ১৩৬ ৰান সংগ্ৰহ কৰিছিল যদিও ডি এল এছ পদ্ধতিত অষ্ট্ৰেলিয়াক জয়ৰ বাবে ১৩১ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিয়া হয়। এই লক্ষ্য অষ্ট্ৰেলিয়াই ২১.১ অভাৰত মাত্ৰ ৩টা উইকেট হেৰুৱাই অত্ৰিক্ৰম কৰে। অষ্ট্ৰেলিয়াৰ হৈ মিচেল মাৰ্চে সৰ্বাধিক ৪৬ আৰু জ'ছ ফিলিপিয়ে ৩৭ ৰামৰ অৰিহণা আগবঢ়ায়। ভাৰতৰ হৈ অৰ্শ্বদীপ সিং, অক্ষৰ পেটেল আৰু ৱাছিংটন সুন্দৰে এটাকৈ উইকেট দখল কৰে। 


২২৩টা দিনৰ অন্তত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটলৈ প্ৰত্যাৱৰ্তন ৰোহিত শৰ্মা, বিৰাট কোহলীৰ। ২০২৫ চনৰ চেম্পিয়নছ ট্ৰফীৰ ফাইনেলৰ পাছৰে পৰা আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা দুৰত আছিল দুই তাৰকা। ২০২৪ চনৰ টি-২০ বিশ্বকাপ জয়ৰ পাছত টি-২০ ক্ৰিকেটৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগতে টেষ্ট ক্ৰিকেটৰ পৰাও অৱসৰ গ্ৰহণ কৰিছে দুই তাৰকা ক্ৰিকেটাৰে।