Advertisment

অপমানিত পাকিস্তান!  মহিলা বিশ্বকাপতো "নো হেণ্ডশ্বেক" বিতৰ্ক

ভাৰতৰ হাতত পুনৰবাৰ বেইজ্জত হ'ল পাকিস্তান। মহিলা বিশ্বকাপৰ আজিৰ ভাৰত আৰু পাকিস্তানৰ মাজত হাইভল্টেজ খেলখনৰ পূৰ্বে টছৰ সময়ত পাকিস্তানী অধিনায়িকা ফাতিমা ছানাৰ সৈতে হাত মিলাবলৈ অশ্বীকাৰ কৰে ভাৰতৰ অধিনায়িকা হৰমনপ্ৰীত কৌৰে।

 Filephoto
Filephoto

অপমানিত পাকিস্তান!  মহিলা বিশ্বকাপতো "নো হেণ্ডশ্বেক" বিতৰ্ক

টীম ইণ্ডিয়াৰ হাতত পুনৰবাৰ বেইজ্জত হ'ল পাকিস্তান। মহিলা বিশ্বকাপৰ আজিৰ ভাৰত আৰু পাকিস্তানৰ মাজত হাইভল্টেজ খেলখনৰ পূৰ্বে টছৰ সময়ত পাকিস্তানী অধিনায়িকা ফাতিমা ছানাৰ সৈতে হাত মিলাবলৈ অশ্বীকাৰ কৰে ভাৰতৰ অধিনায়িকা হৰমনপ্ৰীত কৌৰে। ইয়াৰ কেইদিনমান পূৰ্বে পুৰুষৰ এছিয়া কাপৰ সময়তো দেখিবলৈ পোৱা গৈছিল অনুৰূপ ঘটনা। 

Advertisment

চলি আছে মহিলা বিশ্বকাপ ২০২৫। ভাৰত আৰু শ্ৰীলংকাই যৌথভাৱে আয়োজন কৰিছে এইবাৰৰ বিশ্বকাপ। কলম্বোৰ আৰ প্ৰেমদাছা ষ্টেডিয়ামত আজি মহিলা বিশ্বকাপৰ ষষ্ঠখন খেল। ষষ্ঠখন খেলত আজি সমুখসমৰত নামিছে চিৰবৈৰী ভাৰত আৰু পাকিস্তান। কিন্তু টছৰ সময়ত পুনৰবাৰ ২২ গজত পুনৰ দেখিবলৈ পোৱা গ'ল "নো হেণ্ডশ্বেক" বিতৰ্ক।

২০২৫ৰ এছিয়া কাপৰ পিছত মহিলা বিশ্বকাপতো "নো হেণ্ডশ্বেক" বিতৰ্ক অব্যাহত আছে। পাকিস্তানে টছত জয়ী হৈ প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লৈছিল। কিন্তু টছৰ সময়ত ভাৰতীয় অধিনায়ক হৰমনপ্ৰীত কৌৰে হাত নিমিলালে পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাৰ সৈতে। উল্লেখ্য যে বি চি চি আইৰ সম্পাদক দেৱজিৎ লন শইকীয়াই পূৰ্বেই উল্লেখ কৰিছিল যে টছৰ সময়ত বা খেল শেষ হোৱাৰ পিছত দুয়ো দলৰ খেলুৱৈয়ে যে হাত মিলাব লাগিব তাৰ কোনো বাধ্যবাধকতা নাই।

ইয়াৰ পূৰ্বে এছিয়া কাপ ২০২৫ৰ সময়তো ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ অধিনায়ক ছলমান আলী আঘাৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাক লৈ যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছিল। আনহাতে এছিয়া কাপৰ ফাইনেলত জয়ী হৈও এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)ৰ সভাপতি মহছিন নাকৱীৰ পৰা ট্ৰফী আৰু মেডেল গ্ৰহণ নকৰিলে টীম ইণ্ডিয়াই। 

উল্লেখ্য যে আজিৰ খেলখনত জয়লাভ কৰি ভাৰতীয় মহিলা ক্ৰিকেট দলটোৱে পাকিস্তানৰ বিৰুদ্ধে জয়ৰ ধাৰা অক্ষুন্ন ৰাখিব বিছাৰিব। এই পৰ্যন্ত দুয়োটা দলে এদিনীয়া বিশ্বকাপত চাৰিখনকৈ খেল খেলিছে, য'ত আটাইকেইখন খেলতে টীম ইণ্ডিয়াই জয়লাভ কৰিছে।