Advertisment

‘মই এটকা দি দুটকা লোৱা মানুহ ’-হাগ্ৰামা

মই Give & Takeত বিশ্বাস কৰোঁ। এটকা দি দুটকা লোৱা মানুহ মই । BJPৰ সৈতে BTCত বহু কাম কৰিব লগীয়া আছে। কিন্তু ২৬ৰ নিৰ্বাচনহে আমাৰ প্ৰকৃত লক্ষ্য : হাগ্ৰামা

 Filephoto
Filephoto

‘মই এটকা দি দুটকা লোৱা মানুহ ’-হাগ্ৰামা

মই Give & Takeত বিশ্বাস কৰোঁ। এটকা দি দুটকা লোৱা মানুহ মই । BJPৰ সৈতে BTCত বহু কাম কৰিব লগীয়া আছে। কিন্তু ২৬ৰ নিৰ্বাচনহে আমাৰ প্ৰকৃত লক্ষ্য : হাগ্ৰামা

Advertisment

সম্প্ৰসাৰণ হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভা। হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাত মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিলে বিধায়ক চৰণ বড়োয়ে। চৰণ বড়ো হৈছে মাজবাট সমষ্টিৰ BPF দলৰ বিধায়ক। ৰাজভৱনত অনুষ্ঠিত হোৱা শপতগ্ৰহণত BPF দলৰ বিধায়কক মন্ত্ৰিত্ব দি BPFক পুনৰ NDAলৈ আদৰণি জনালে বিজেপিয়ে। শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, BPFৰ মুৰব্বী হাগ্ৰামা মহিলাৰী, ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া।

চৰণ বড়োৰ অন্তৰ্ভুক্তিৰ লগে লগে ৰদবদল হ'ল হিমন্ত বিশ্ব শৰ্মাৰ মন্ত্ৰীসভাৰ। চৰণ বড়োক অৰ্পন কৰা হয় পৰিবহণ বিভাগৰ দায়িত্ব। পূৰ্বতে পৰিবহণ বিভাগৰ দায়িত্বত আছিল মন্ত্ৰী যোগেন মহন। পৰিবহণ বিভাগৰ পৰিৱৰ্তে যোগেন মহনক দিয়া হয় লোকনিৰ্মাণ বিভাগ(পথ)ৰ দায়িত্ব। 

চৰণ বড়োৰ শপতগ্ৰহণৰ পাছতে হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেট ১৯ জনলৈ বৃদ্ধি পালে। ৰাজভৱনত অনুষ্ঠিত শপতগ্ৰহণ অনুষ্ঠানৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য়- ‘নিৰ্বাচনৰ পূৰ্বে কৈছিলো বিজয়ী দলক NDAলৈ স্বাগতম জনাম। সকলো লগ হৈ বড়োলেণ্ডৰ সমন্বয় আৰু উন্নয়নৰ বাবে একেলগে কাম কৰিম। লগতে মুখ্যমন্ত্ৰীয়ে কয় যে- ২৬ৰ নিৰ্বাচনৰ বাবে আমি নতুন ৰণনীতি প্ৰস্তুত কৰিম। ডিচেম্বৰ, জানুৱাৰীত আমি নতুন প্ৰতিশ্ৰুতি দিব পাৰিম। লগতে গোটেই কথাবোৰ ইতিবাচক হ’ব আৰু ভাল হ’ব। 

হাগ্ৰামা মহিলাৰীক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্য- হাগ্ৰামাৰে মোৰ বন্ধুত্ব পুৰণি।  ২০২১ত কিবা এটা কথাক লৈ দুয়োৰে মাজত ব্যৱধান বাঢ়িছিল যদিও হাগ্ৰামা মহিলাৰীৰ লগত মোৰ সম্পৰ্ক ব্যক্তিগত অত্যন্ত ভাল। আনহাতে ’২৬ৰ নিৰ্বাচনৰ বাবে UPPL আৰু BPFৰ লগত কথা পাতিম বুলিও মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। 

আনহাতে চৰণ বড়োৰ মন্ত্ৰীত্বৰে NDAত সক্ৰিয়ভাৱে আত্মপ্ৰকাশ BPFৰ। ৰাজভৱনত শপতগ্ৰহণৰ পিছতে হাগ্ৰামাৰ গুৰুত্বপূৰ্ণ মন্তব্য- ছমাহৰ বাবে মন্ত্ৰিত্ব লোৱাটো BJPৰে সহযোগিতাৰ আনুষ্ঠানিকতাহে। কিন্তু মই Give & Takeত বিশ্বাস কৰোঁ। মন্ত্ৰীত্ব লৈ এতিয়া  BTCত বিজেপিৰ দুজনক EM দিম’। 

উল্লেখ্য যে BTC নিৰ্বাচনৰ ফলাফলৰ পাছত NDAৰ সমগ্ৰ সমীকৰণেই সলনি হ'ল। পূৰ্বৰ মিত্ৰ দল UPPL যেন এলাগী হৈ আহিছে NDAত। কাৰণ আজি শপতগ্ৰহণ অনুষ্ঠানত অসম চৰকাৰৰ আটাইবোৰ মন্ত্ৰী উপস্থিত থাকিল। কিন্তু অনুষ্ঠানলৈ নাহিল UPPLৰ মন্ত্ৰী UG ব্ৰহ্ম। নাথাকিল কোনো প্ৰতিনিধিও। তাৰ লগতে ইউপিপিএলৰ ভৱিষ্যত সন্দৰ্ভত মুখ্যমন্ত্ৰী আৰু বিজেপিৰ সভাপতি দিলীপ শইকীয়াই দিলে গুৰুত্বপূৰ্ণ ইংগিত।