Advertisment

চুপাৰ চানডেত  টীম ইণ্ডিয়াৰ হাতত মুখঠেকেচা পাকিস্তানৰ

চুপাৰ চানডেত আকৌ এবাৰ চুপাৰহিট প্ৰদৰ্শন টীম ইণ্ডিয়াৰ। এছিয়া কাপৰ হাইভল্টেজ মহাৰণত টীম ইণ্ডিয়াৰ হাতত আকৌ মুখঠেকেচা খালে পাকিস্তানে। টছত জয়ী হৈ বেটিং কৰিবলৈ অহা প্ৰতিজন পাকিস্তানী বেটাৰে ভাৰতীয় বলাৰৰ দুৰ্দান্ত বলিঙত হৈ পৰিছিল দিশহাৰা।

 FILEPHOTO
FILEPHOTO

চুপাৰ চানডেত  টীম ইণ্ডিয়াৰ হাতত মুখঠেকেচা পাকিস্তানৰ

চুপাৰ চানডেত আকৌ এবাৰ চুপাৰহিট প্ৰদৰ্শন টীম ইণ্ডিয়াৰ। এছিয়া কাপৰ হাইভল্টেজ মহাৰণত টীম ইণ্ডিয়াৰ হাতত আকৌ মুখঠেকেচা খালে পাকিস্তানে। টছত জয়ী হৈ বেটিং কৰিবলৈ অহা প্ৰতিজন পাকিস্তানী বেটাৰে ভাৰতীয় বলাৰৰ দুৰ্দান্ত বলিঙত হৈ পৰিছিল দিশহাৰা। 

Advertisment


ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হোৱা খেলখনত প্ৰথমে বেটিং কৰি পাকিস্তানে নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেট হেৰুৱাই ১২৭ ৰানহে সংগ্ৰহ কৰিবলৈ সক্ষম হয়। পাকিস্তাৰ হৈ সৰ্বাধিক ৪০ ৰান সংগ্ৰহ কৰে অপেনাৰ শ্বাহিবজাদা ফাৰহানে। লগতে শ্বাহীন শ্বাহ আফ্ৰিদীয়ে শেষৰফালে সংগ্ৰহ কৰে বিস্ফোৰক ৩৩ ৰাণৰ ইনিংছ। ভাৰতৰ হৈ কুলদীপ যাদৱে সৰ্বাধিক ৩টা উইকেট দখল কৰাৰ লগতে 
যশপ্ৰীত বুমৰাহ আৰু অক্ষৰ পেটেলে দুটাকৈ উইকেট দখল কৰে। 


প্ৰত্যুত্তৰত পাকিস্তানে বান্ধি দিয়া ১২৮ ৰানৰ লক্ষ্য ১৫.৫ অভাৰতে অতিক্ৰম কৰে ভাৰতে। ভাৰতৰ হৈ অধিনায়ক সূৰ্যকুমাৰ যাদৱে সৰ্বাধিক ৪৭ ৰান অপৰাজিত ইনিংছ খেলাৰ লগতে অভিষেক শৰ্মা আৰু তিলক বাৰ্মাই  ৩১ ৰানকৈ সংগ্ৰহ কৰে। 


পাকিস্তানৰ বিৰুদ্ধে এই জয়ক  বিশেষ কৰি তুলিলে ভাৰতীয় দলৰ অধিনায়ক সূৰ্যকুমাৰ যাদৱে। আৱেগিক বক্তব্যৰে শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি জনায় সূৰ্যকুমাৰ যাদৱে কয়- ‘এয়া এক নিখুঁত সুযোগ, আমি পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ সৈতে থিয় দিছো। আমি আমাৰ সংহতি প্ৰকাশ কৰিছো। মই এই বিজয় আমাৰ সকলো নিৰাপত্তা বাহিনীক উৎসৰ্গা কৰিব বিচাৰিছো। আশাকৰোঁ তেওঁলোকে আমাক সকলোকে অনুপ্ৰাণিত কৰি যাব আৰু যেতিয়াই আমি তেওঁলোকক  হাঁহিবলৈ সুযোগ দিয়াৰ অৱকাশ পাম, আমি আমাৰ সৰ্বশ্ৰেষ্ঠ উজাৰি দিম। 

উল্লেখ্য যে পহলগাম আক্ৰমণ আৰু অপাৰেচন সিন্দুৰ অভিযানৰ পিছত প্ৰথমবাৰলৈ দুয়োখন দেশে ২২ গজত মুখামুখি হৈছিল। য'ত সূৰ্যকুমাৰ নেতৃত্বাধীন ভাৰতীয় দলটোৱে কেৱল ২২ গজত নিজৰ শক্তি প্ৰদৰ্শন কৰাই নহয়, খেলপথাৰৰ বাহিৰতো দেশৰ বাবে একতাৰ বাৰ্তা দিলে। খেলখনত টীম ইণ্ডিয়াই জয়লাভ কৰাৰ পাছত টীম ইণ্ডিয়াৰ কোনো খেলুৱৈয়ে পাকিস্তানী খেলুৱৈৰ সৈতে  হাত মিলাবলৈ খেলপথাৰলৈ নাহিল। বৰঞ্চ ড্ৰেছিং ৰুমৰ দুৱাৰ বন্ধ কৰি ভাৰতীয় দলৰ খেলুৱৈ–কৰ্মচাৰীসকল ভিতৰলৈ সোমাই যোৱাহে পৰিলক্ষিত হয়।