Assameseএছিয়া কাপৰ ফাইনেলত আজি ভাৰত-পাকিস্তানআজি এছিয়া কাপৰ ফাইনেলৰ মহাৰণ। ডুবাই আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সমুখসমৰত নামিব ভাৰত-পাকিস্তান। চলিত প্ৰতিযোগিতাখনত তৃতীয়বাৰৰ বাবে মুখামুখি হ’ব দুই চিৰবৈৰী দল। জয়ৰ হেট্ৰিক অৰ্জন লক্ষ্যৰে আজি ২২ গজত নামিব টীম ইণ্ডিয়া।Mrinmoy Talukdar Sep 28, 2025 16:55 ISTFILEPHOTOএছিয়া কাপৰ ফাইনেলত আজি ভাৰত-পাকিস্তানআজি এছিয়া কাপৰ ফাইনেলৰ মহাৰণ। ডুবাই আন্তঃৰাষ্ট্ৰীয়ষ্টেডিয়ামতসমুখসমৰত নামিব ভাৰত-পাকিস্তান। চলিত প্ৰতিযোগিতাখনততৃতীয়বাৰৰ বাবে মুখামুখি হ’ব দুই চিৰবৈৰী দল। জয়ৰহেট্ৰিক অৰ্জন লক্ষ্যৰে আজি ২২ গজত নামিব টীমইণ্ডিয়া। Advertismentউল্লেখ্য যে এছিয়া কাপৰ ইতিহাসত প্ৰথমবাৰলৈ আজি ফাইনেলত মুখামুখি হ’ব ভাৰত-পাকিস্তান। ইয়াৰ পূৰ্বে ভাৰত-পাকিস্তানে কেতিয়াও ফাইনেলত মুখামুখি হোৱা নাছিল। আজি খেলখনত সলনি হ'ব পাৰে টীমইণ্ডিয়াৰ মূল একাদশত কিছু সালসলনি হোৱাৰ সম্ভাৱনা। অৰ্শদ্বীপ সিং আৰু হৰ্ষিত ৰানাৰ ঠাইত মূল একাদশলৈ প্ৰত্যাৱৰ্তন হ’ব পাৰে শিৱম ডুবে আৰু জস্প্ৰিতবুমৰাহৰ। এছিয়া কাপৰ গ্ৰুপ পৰ্যায়ত আৰু চুপাৰ ৪ত মুখামুখি হৈছিল ভাৰত-পাকিস্তান। দুয়োথন খেলতে টীমইণ্ডিয়াৰ হাতত ধাৰাশায়ী হৈছিল পাকিস্তান। গ্ৰুপ পৰ্যায়ৰ খেলখনে সংবাদমাধ্যম আৰু সামাজিক মাধ্যমত শিৰোনাম দখল কৰিছিল। আনকি খেলখনত ভাৰতে একপক্ষীয়ভাৱেজয়লাভ কৰাৰ পিছতে যথেষ্ট বিতৰ্কৰ সৃষ্টি হোৱা দেখিবলৈ পোৱা গৈছিল। গ্ৰুপ পৰ্যায়ৰ খেলখনৰ পাছত ভাৰতীয় দলটোৱে পাকিস্তানী খেলুৱৈসকলৰ সৈতে হাত মিলাবলৈ অস্বীকাৰ কৰাৰ ফলত দুয়োখন দেশৰ মাজত সৃষ্টি হৈছিল তীব্ৰ বিতৰ্কৰ। এই ঘটনাৰ পিছত পাকিস্তানে আনকি প্ৰতিযোগিতাখন বৰ্জন কৰাৰ ভাবুকিও দিছিল, যাৰ ফলত ইউ এ ই-পাকিস্তানৰ মেচখন অনুষ্ঠিত হোৱাতো পলম হৈছিল। ডুবাই আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত গ্ৰুপ পৰ্যায়ত খেলখনত ভাৰতে একপক্ষীয়ভাৱেজয়লাভ কৰিছিল। প্ৰথমে বেটিং কৰি পাকিস্তানে ২০ অভাৰত ৯টা উইকেট হেৰুৱাই মাত্ৰ ১২৭ ৰানহে কৰিবলৈ সক্ষম হৈছিল। প্ৰত্যুত্তৰত টীমইণ্ডিয়াই ১৫.৫ অভাৰতে মাত্ৰ ৩টা উইকেট হেৰুৱাই লক্ষ্যত উপনীত হয়।ছুপাৰ ৪ৰ খেলখনতো পাকিস্তানে প্ৰথমে বেটিং কৰি সংগ্ৰহ কৰিছিল ১৭১ ৰাণ। কিন্তু অভিষেক শৰ্মাৰ বিস্ফোৰক ৭৪ ৰানৰ ইনিংছ আৰু শুভমনগিলৰ ৪৭ আৰু তিলক বাৰ্মাৰ অপৰাজিত ৩০ ৰানৰসহায়ত ১৮.৫ অভাৰতে ৪টা উইকেট হেৰুৱাই নিৰ্ধাৰিত লক্ষ্যত উপনীত হৈছিল। গতিকে আজিও অনুৰাগীয়ে ডুবাই আন্তঃৰাষ্ট্ৰীয়ষ্টেডিয়ামত আশা কৰিছে এখন হাইভল্টেজ খেলৰ। ভাৰত- পাকিস্তানৰ খেল মানে কেৱল জয়-পৰাজয়নহয়, ভাৰত- পাকিস্তানৰ খেলত জড়িত হৈ থাকে দুয়োখন দেশৰ ৰাষ্ট্ৰীয় পতাকাৰ স্বাভিমান। Read the Next Article