Assameseমহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰঅথলে গ'ল ৰিছা ঘোষৰ বিস্ফোৰক ইনিংছ। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। বিশাখাপট্টনমত দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। মহিলা বিশ্বকাপত এয়া প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ। Mrinmoy Talukdar Oct 10, 2025 17:45 ISTFilephotoমহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰঅথলে গ'ল ৰিছা ঘোষৰ বিস্ফোৰক ইনিংছ। দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত টীম ইণ্ডিয়া। মহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় ভাৰতৰ। Advertismentমহিলা বিশ্বকাপত প্ৰথমটো পৰাজয় টীম ইণ্ডিয়াৰ। বিশাখাপট্টনমত অনুষ্ঠিত ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ গ্ৰুপ পৰ্যায়ত খেলখনত দক্ষিণ আফ্ৰিকাৰ হাতত ৩ উইকেটৰ ব্যৱধানত পৰাস্ত টীম ইণ্ডিয়া। প্ৰথমে বেটিং কৰি হৰমনপ্ৰীত নেতৃত্বাধীন টীম ইণ্ডিয়াই ৪৯.৫ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ২৫১ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত দক্ষিণ আফ্ৰিকান দলটোৱে ডি ক্লাৰ্কৰ বিস্ফোৰক ৮৪ ৰানৰ অপৰাজিত ইনিংছৰ সহায়ত ৪৮.৫ অভাৰতে বিজয়লক্ষ্যত উপনীত হয়। অথলে গ'ল ৰিছা ঘোষৰ ৯৪ ৰানৰ বিস্ফোৰক ইনিংছ। এটা সময়ত ভাৰতীয় দলটোৱে ১০২ ৰানত ৬টা উইকেট হেৰুৱাই বিপদত পৰিছিল। কিন্তু উইকেটতীপাৰ বেটাৰ ৰিছা ঘোষে ধৈৰ্যশীল বেটিঙেৰে ভাৰতীয় দলৰ স্কৰবৰ্ড আগুৱাই নিয়ে। ৰিছা ঘোষৰ ৭৭ টা বলত ৯৪ ৰানৰ বিস্ফোৰক ইনিংছ, স্নেহ ৰানাৰ ৩৩ আৰু প্ৰতীকা ৰাৱালৰ ৩৭ ৰানৰ সহায়ত এক সন্মানজনক স্কৰত টীম ইণ্ডিয়াক উপনীত কৰায়। ব্যৰ্থ হয় জেমিমা ৰড্ৰিগেছ (০), দিপ্তী শৰ্মা (৪),হৰমনপ্ৰীত কৌৰ (৯), হাৰলিন দেওল (১৩), স্মৃতি মান্ধানা (২৩)। দক্ষিণ আফ্ৰিকাৰ হৈ ক্ল ট্ৰাইনে সৰ্বাধিক ৩টা উইকেট দখল কৰে। প্ৰত্যুত্তৰত ২৫২ ৰানৰ বিজয়লক্ষ্যৰে বেটিং কৰিবলৈ আহি দক্ষিণ আফ্ৰিকান দলটোৱ এটা সময়ত ৮১ ৰানতে ৫ টাকৈ উইকেট হেৰুৱাই বিপদত পৰিছিল যদিও ল’ৰা উলভাৰ্ডৰ ৭০ , ক্ল ট্ৰাইনৰ ৪৯ আৰু ক্লাৰ্কৰ ৫৪টা বলত ৮৪ ৰানৰ বিস্ফোৰক ইনিংছৰ সহায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ভাৰতৰ হৈ ক্ৰান্তি গৌড় আৰু স্নেহ ৰানাই ২টাকৈ উইকেট দখল কৰে। এইবাৰৰ বিশ্বকাপত টীম ইণ্ডিয়াৰ এইটোৱেই আছিল প্ৰথম পৰাজয়। শ্ৰীলংকা আৰু পাকিস্তানক পৰাস্ত কৰাৰ পিছত আৰু দক্ষিণ আফ্ৰিকাৰ হাতত পৰাস্ত হোৱাৰ পিছতো ভাৰতীয় দলটো এতিয়া পইণ্ট তালিকাৰ তৃতীয় স্থানত আছে। Read the Next Article