Advertisment

জয়ছোৱালৰ শতক! ভংগ দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড

যশস্বী জয়ছোৱালৰ অপৰাজিত শতকৰ সহায়ত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত দৃঢ় আৰম্ভণি টীম ইণ্ডিয়াৰ। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আজি কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় যুৱ বেটাৰ জয়ছোৱালে। 

 Filephoto
Filephoto

জয়ছোৱালৰ শতক! ভংগ দ্ৰাবিড়-কোহলী-গাংগুলীৰ ৰেকৰ্ড

দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হৈছে ভাৰত আৰু ৱেষ্ট ইণ্ডিজৰ মাজৰ দ্বিতীয়খন টেষ্ট। যশস্বী জয়ছোৱালৰ অপৰাজিত শতকৰ সহায়ত দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত দৃঢ় আৰম্ভণি টীম ইণ্ডিয়াৰ। আন্তঃৰাষ্ট্ৰীয় কেৰিয়াৰত আজি কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় যুৱ বেটাৰ জয়ছোৱালে। 

Advertisment


টছত জয়ী হৈ আজি বেটিং কৰাৰ সিদ্ধান্ত লয় শুভমন গিলে। অপেনাৰ কে এল ৰাহুল আৰু জয়ছোৱালে টীম ইণ্ডিয়াক সুন্দৰ আৰম্ভণি দিয়ে। দুয়োজনে প্ৰথম উইকেটৰ যুঁটিত ৫৮ ৰান সংগ্ৰহ কৰে। ৰাহুলে ৩৮ ৰান কৰি বিদায় লয়। চাই সুদৰ্শনে ৮৭ ৰানৰ ইনিংছ খেলে। দিনান্তত জয়ছোৱালে ১৭৩ আৰু অধিনায়ক শুভমন গিলে ২০ ৰানত বোটিং কৰি আছে। ৱেষ্ট ইণ্ডিজৰ হৈ ৱাৰিকেনে ২টা উইকেট দখল কৰে। 


আজিৰ খেলখনত কেইবাটাও ৰেকৰ্ড গঢ়িবলৈ সক্ষম হয় অপেনাৰ যশস্বী জয়ছোৱালে। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট কেৰিয়াৰত যশস্বী জয়ছোৱালে আজি ৩,০০০ ৰান সম্পূৰ্ণ কৰে। কেৰিয়াৰৰ ৭১টা ইনিংছত এই কৃতিত্ব অৰ্জন কৰে জয়ছোৱালে। কিংবদন্তি ভাৰতীয় তাৰকা সুনীল গাভাস্কাৰৰ পিছতে এতিয়া জয়ছোৱাল ৩০০০ ৰান সম্পূৰ্ণ কৰা দ্বিতীয় দ্ৰুততম বেটাৰ হিচাপে পৰিগণিত হৈছে।  জয়ছোৱালে এইক্ষেত্ৰত সৌৰভ গাংগুলী, ৰাহুল দ্ৰাবিড়, বিৰাট কোহলীৰ দৰে কিংবদন্তিৰ লগতে বৰ্তমানৰ তাৰকা শুভমন গিলকো অতিক্ৰম কৰে। শুভমন গিলে ৭৭টা ইনিংছত ৩০০০ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে গাংগুলীয়ে ৭৪, দ্ৰাবিড়ে ৭৮ আৰু বিৰাট কোহলীয়ে ৮০ ইনিংছত এনে কৃতিত্ব অৰ্জন কৰিছিল।


য়ুৱ তাৰকা জয়ছোৱালে এইপৰ্যন্ত টেষ্ট ক্ৰিকেটত ৭টা শতক অৰ্জন কৰিছে। ২৩ বছৰ বয়সত জয়ছোৱালতকৈ অধিক শতক অৰ্জন কৰা ভাৰতীয় বেটাৰ হৈছে ক্ৰিকেটৰ ভগৱানখ্যাত শচীন তেণ্ডুলকাৰ। মাষ্টাৰ ব্লাষ্টাৰ  শচীন তেণ্ডুলকাৰে ২৩ বছৰ বয়সলৈ টেষ্ট ক্ৰিকেটত ১১টা শতক অৰ্জন কৰিছিল।