Advertisment

অস্থিৰ নেপাল : দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ

যুৱ প্ৰজন্মই ওলট-পালট কৰি দিলে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। চৰকাৰৰ এক সিদ্ধান্ত, আৰু তাৰ পাছত নেপালত যি পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া অভূতপূৰ্ব। দেশ এৰি পলাল প্ৰধানমন্ত্ৰী, ৰাষ্ট্ৰপতিৰো পদত্যাগ।

 File Photo
File Photo

যুৱ প্ৰজন্মই ওলট-পালট কৰি দিলে ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰ নেপাল। চৰকাৰৰ এক সিদ্ধান্ত, আৰু তাৰ পাছত নেপালত যি পৰিস্থিতিৰ সৃষ্টি হ’ল সেয়া অভূতপূৰ্ব। যুৱপ্ৰজন্মৰ প্ৰতিবাদত জ্বলিয়েই আছে নেপাল। তাৰ মাজতে ব্যাপক গণ বিক্ষোভত সেও মানি দেশ এৰি পলায়ন কৰিবলৈ বাধ্য হ’ল দেশখনৰ সদ্যপদত্যাগী প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলি। নেপালৰ প্ৰধানমন্ত্ৰীয়ে পদত্যাগ কৰি দেশ এৰি পলায়নৰ লগে লগে পদত্যাগ কৰিলে ৰাষ্ট্ৰপতি ৰামচন্দ্ৰ পৌড়েলেও। নেপালত ২৬টাকৈ ছচিয়েল মিডিয়া ব্যৱহাৰত চৰকাৰে প্ৰতিবন্ধকতা আৰোপ কৰাৰ লগতে চৰকাৰৰ দুৰ্নীতিৰ বিৰুদ্ধে আন্দোলনলৈ ওলাই আহে যুৱক-যুৱতী। চৰকাৰৰ বিৰুদ্ধে সোমবাৰে হোৱা গণ বিক্ষোভত প্ৰাণ হেৰুৱাবলগীয়া হয় ২৩জনকৈ প্ৰতিবাদকাৰীয়ে। উত্তেজিত প্ৰতিবাদকাৰীয়ে লণ্ডভণ্ড কৰে ৰাষ্ট্ৰপতিৰ ব্যক্তিগত বাসগৃহৰ লগতে গৃহমন্ত্ৰী, যোগাযোগ মন্ত্ৰীৰ বাসগৃহও। জ্বলাই দিয়ে নেপালী কংগ্ৰেছৰ কাৰ্যালয়। 

Advertisment

নেপালৰ এই অগ্নিগৰ্ভা পৰিস্থিতিক লৈ উদ্বিগ্ন হৈ ভাৰত চৰকাৰে জাৰি কৰিছে সতৰ্কতা। নেপালত থকা ভাৰতীয় লোকসকলক সাৱধানে থকাৰ পৰামৰ্শ চৰকাৰৰ। নেপাললৈ সকলো বিমানৰ উৰণ বাতিল কৰিলে ভাৰতে। কাঠমাণ্ডুলৈ অহা-যোৱা কৰা সকলে বিমানৰ যাতায়াত বাতিল। এয়াৰ ইণ্ডিয়া, ইণ্ডিগ’ এয়াৰলাইনছে আনুষ্ঠানিকভাৱে জাৰি কৰে নিৰ্দেশনা। পৰৱৰ্তী নিৰ্দেশনা নিদিয়াপৰ্যন্ত কাঠমাণ্ডুলৈ বন্ধ থাকিব সকলো বিমানৰ যাতায়াত। ভাৰত-নেপাল সীমান্তৱৰ্তী পশ্চিমবংগৰ পানীটেংকি অঞ্চলতো সতৰ্কতা জাৰি। দাৰ্জিলিঙৰ পানীটেংকিত যিকোনো মুহূৰ্ততেই পৰিস্থিতিৰ অৱনতিৰ আশংকা। তাৰ প্ৰতি লক্ষ্য ৰাখি নেপাললৈ সকলো সামগ্ৰী কঢ়িওৱা বাহনৰ আহ-যাহত সাময়িক নিষেধাজ্ঞা। সীমান্তৱৰ্তী অঞ্চলটোত মোতায়েন অৰ্ধসামৰিক বাহিনীৰ বৃহত্‍ দল। ভাৰত-নেপাল সীমান্তৱৰ্তী পানীটেংকি অঞ্চলত স্থাপন কৰা হৈছে আৰক্ষী চকী।

ইয়াৰ মাজতে যুৱপ্ৰজন্মই তোলপাৰ লগোৱা নেপালত এতিয়া চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তি। নাম - বালেন্দ্ৰ শ্বাহ। পিছে এই বালেন্দ্ৰ শ্বাহ কোন? কিয় নেপালৰ যুৱপ্ৰজন্মই বালেন্দ্ৰ শ্বাহক বিচাৰিছে প্ৰধানমন্ত্ৰী হিচাপে। কাঠমাণ্ডুৰ ১৫তম মেয়ৰ বালেন্দ্ৰ শ্বাহক লৈ এতিয়া ব্যাপক চৰ্চা। যুৱপ্ৰজন্মৰ মাজত যথেষ্ট জনপ্ৰিয় বালেন্দ্ৰ শ্বাহে দেখুৱাইছে নতুন আশা। এই বালেন্দ্ৰ শ্বাহক নেপালৰ প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে যুৱপ্ৰজন্মই। চৰ্চালৈ অহা বালেন্দ্ৰ শ্বাহ সমগ্ৰ নেপালত বালেন শ্বাহ হিচাপেহে পৰিচিত। পেছাগত ইঞ্জিনীয়াৰ তথা ৰেপাৰ হিচাপে যথেষ্ট জনপ্ৰিয় বালেন শ্বাহ। ২০২২ত নিৰ্দলীয় প্ৰাৰ্থী ৰূপে মেয়ৰ হিচাপে বালেন শ্বাহ নিৰ্বাচিত হৈছিল। যুৱপ্ৰজন্মৰ শেহতীয়া প্ৰতিবাদত বালেন শ্বাহে কৰিছিল পূৰ্ণ সমৰ্থন। আৰু এই বালেন শ্বাহকে দেশখনৰ অন্তৱৰ্তী প্ৰধানমন্ত্ৰী হিচাপে বিচাৰিছে অধিকাংশ বিক্ষোভকাৰীয়ে।