Advertisment

'স্পা'ত চলি আছিল অনৈতিক কাৰ্য, তাৰ মাজতে চলিল আৰক্ষীৰ অভিযান...

মহানগৰীৰ বিভিন্ন স্পাত দীৰ্ঘদিনৰ পৰা চলিছে আহিছে নাৰী দেহৰ ব্যৱসায়। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল মহানগৰীৰ এই স্পা সমূহত যৌন কাৰ্যত লিপ্ত থাকে ছাত্ৰ-ছাত্ৰীও। নাৰী দেহৰ এই ব্যৱসায়ত ঘন্টাত ২-৩ হাজাৰত বিক্ৰী হয় একোজনী যুৱতীৰ শৰীৰ।

 File photo
File photo

'স্পা'ত চলি আছিল অনৈতিক কাৰ্য, তাৰ মাজতে চলিল আৰক্ষীৰ অভিযান...

পুনৰ মহানগৰীত উৎখাত হ'ল নাৰী দেহ ব্যৱসায়ৰ ঘাটি৷ দীৰ্ঘদীনৰ পৰাই উলুবাৰী Fablookes নামৰ স্পা খনত চলি আহিছিল নাৰী দেহৰ ৰমৰমীয়া বেহা৷ অৱশেষত গোপন সুত্ৰৰ খৱৰৰ ভিত্তিত Fablookes নামৰ স্পা খনত বৃহস্পতিবাৰে নিশা পল্টন বজাৰ আৰক্ষীয়ে অভিযান চলাই স্পাখনৰ স্বত্বাধিকাৰী, মেনেজাৰৰ লগত গ্ৰাহককো গ্ৰেপ্তাৰ কৰিছে । 

Advertisment

উল্লেখ্য যে মহানগৰীৰ বিভিন্ন স্পাত দীৰ্ঘদিনৰ পৰা চলিছে আহিছে নাৰী দেহৰ ব্যৱসায়। কিন্তু মন কৰিবলগীয়া কথাটো হ'ল মহানগৰীৰ এই স্পা সমূহত যৌন কাৰ্যত লিপ্ত থাকে ছাত্ৰ-ছাত্ৰীও। শুক্ৰবাৰে আৰক্ষীৰ অভিযানত Fablookes নামৰ স্পা খনত চলা অভিযানত গ্ৰেপ্তাৰ হ'ল IIT গুৱাহাটীৰ Phdৰ ছাত্ৰ চৈতন্য কীৰ্তী। উল্লেখ্য যে স্পা খনৰ স্বতাধিকাৰী প্ৰীতম বুঢ়াগোহাঁইৰ নেতৃত্বত চলিছিল নাৰী দেহৰ এই ব্যৱসায়ত ঘন্টাত ২-৩ হাজাৰত বিক্ৰী হৈছিল একোজনী যুৱতীৰ শৰীৰ। আনহাতে স্পা খনত যুৱতী যোগান ধৰাৰ লগতে স্বতাধিকাৰী প্ৰীতম বুঢ়াগোহাঁইৰ ব্যৱসায় চলাই নিয়াৰ সহযোগী আছিল স্পা খনৰ মেনেজাৰ ভাগশ্ৰী দুৱৰী। স্পা খনত কাম দিয়াৰ চলেৰে গুৱাহাটী , লখিমপুৰ, বৰপেটা, বঙাইগাঁৱৰ পৰা কাম কৰিবলৈ অহা যুৱতীসকলক যৌন কাৰ্যত লিপ্ত কৰিছিল প্ৰীতম আৰু ভাগ্যশ্ৰীয়ে৷ কৰ্মৰত হৈ থাকোতেই যুৱতী সকল অধিক ধনৰ লোভ দেখুৱাই যৌন কাৰ্যত লিপ্ত হব পৰাকৈ মানসিক ভাৱে প্ৰস্তুত কৰিছিল প্ৰীতম আৰু ভাগশ্ৰীয়ে । ইয়াৰ পিছতেই গ্ৰাহকৰ সৈতে যৌন কাৰ্যত লিপ্ত হৈছিল যুৱতীসকল। তথ্য অনুসৰি যুৱতীসকলে গ্ৰাহকৰ পৰা পোৱা ৫০%  দিছিল স্পাখনক। 

তেনে সময়তে স্পা খনত চলিল পল্টন বজাৰ আৰক্ষীৰ অভিযান। আৰক্ষীৰ অভিযানত IIT গুৱাহাটীৰ ছাত্ৰ চৈতন্য কীৰ্তীৰ লগতে উদ্ধাৰ হয় ৯ গৰাকীকৈ যুৱতী। এতিয়া প্ৰশ্ন হৈছে দীৰ্ঘদিনৰ পৰাই মহানগৰীৰ বিভিন্ন স্পাত চলি থকা নাৰী দেহ ব্যৱসায়ৰ এনে ঘাটিবোৰ উৎখাত কৰিব পাৰিবনে মহানগৰ আৰক্ষীয়ে?